ETV Bharat / entertainment

Urvashi Rautela: উৰ্বশীক অখিলে হাৰাশাস্তি কৰা বুলি দাবী সাংবাদিক উমেৰৰ; প্ৰতিক্ৰিয়া প্ৰকাশ উৰ্বশীৰ

এজন স্বঘোষিত চলচ্চিত্ৰ সমালোচক তথা সাংবাদিক উমেৰ সান্ধুৱে এজেণ্ট ইন ইউৰোপৰ শ্বুটিং কৰাৰ সময়ত অখিল আকিনেনীয়ে উৰ্বশীক ‘হাৰাশাস্তি’ কৰা বুলি দাবী কৰা টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উৰ্বশী ৰৌতেলাই ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

author img

By

Published : Apr 23, 2023, 2:19 PM IST

Urvashi Rautela sends defamation notice to Umair Sandhu who claimed Akhil Akkineni harassed her during shoot
উমেৰ সান্ধুৱে এজেণ্ট ইন ইউৰোপৰ শ্বুটিং কৰাৰ সময়ত অখিল আকিনেনীয়ে উৰ্বশীক ‘হাৰাশাস্তি’ কৰা বুলি দাবী কৰা টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ উৰ্বশী ৰৌতেলাৰ

চিটাৰা ডেস্ক, 23 এপ্ৰিল: বলীউডৰ সুন্দৰী অভিনেত্ৰী উৰ্বশী ৰৌতেলা প্ৰায়ে নিজৰ ৰহস্যময় পোষ্টৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ অভিনেত্ৰীগৰাকী নিজৰ ছবিতকৈ অধিক নিজৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত থাকে ৷ এইবাৰ অভিনেত্ৰীগৰাকীয়ে আন এক পোষ্টৰ জৰিয়তে দখল কৰিছে বাতৰিৰ শিৰোনাম (Urvashi Rautela harassed by akhil akkineni) ৷

দেওবাৰে এজন স্বঘোষিত চলচ্চিত্ৰ সমালোচক তথা সাংবাদিক উমেৰ সান্ধুক তীব্ৰ সমালোচনা কৰে অভিনেত্ৰীগৰাকীয়ে । দৰাচলতে সাংবাদিকজনে তেলেগু অভিনেতা তথা নাগাৰ্জুনৰ পুত্ৰ অখিল আকিনেনীয়ে উৰ্বশীক ‘হাৰাশাস্তি’ কৰা বুলি ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল (Urvashi Rautela reacts to Umair Sandhu tweet) ৷ এই পোষ্টৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Akhil Akkineni) ।

নিজৰ ইনষ্টাগ্ৰামত উৰ্বশীয়ে উমেৰৰ টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে, য’ত লিখা আছিল,"ইউৰোপত #এজেণ্টৰ আইটেম গীত শ্বুটৰ সময়ত #অখিলআকিনেনীয়ে “হাৰাশাস্তি ” কৰিছিল উৰ্বশীক ৷ " উমেৰৰ এই দাবী অস্বীকাৰ কৰি উৰ্বশীয়ে তেওঁৰ টুইটটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ইয়াৰ ওপৰত লিখিছে ‘ফেক’।

উৰ্বশীয়ে লগতে শ্বেয়াৰ কৰে যে তেওঁৰ পৰিয়ালক ‘অতি অস্বস্তিকৰ’ কৰি তোলাৰ বাবে উমেৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁৰ আইনী দলটোৱে (Urvashi Rautela send notice to Umair Sandhu)। অভিনেত্ৰীগৰাকীয়ে লিখিছে, "মানহানিৰ আইনী জাননী প্ৰদান কৰা হৈছে উমেৰক । ভুৱা/হাস্যকৰ টুইটৰ বাবে আপোনাৰ দৰে অযুক্তিকৰ সাংবাদিকৰ পৰা নিশ্চিতভাৱে মই অসন্তুষ্ট । আপুনি মোৰ অফিচিয়েল মুখপাত্ৰ নহয় । হয় আপুনি বহুত অপৰিপক্ক ধৰণৰ সাংবাদিক যিয়ে এই নিউজটো শ্বেয়াৰ কৰিছে । মই আৰু মোৰ পৰিয়াল এনে কাৰ্যৰ পৰা অতি অস্বস্তিকৰ অনুভৱ কৰিছো ।"

উল্লেখ্য যে উমেৰে প্ৰায়ে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীৰ ব্যক্তিত্বৰ বিষয়ে জঘন্য, হেয়জ্ঞান কৰা টুইট পোষ্ট কৰে । টুইটাৰত উমেৰৰ ২৩.৯ ফ'ল'ৱাৰ আছে আৰু বায়’ত লিখা আছে, "মেম্বাৰ অৱ অভাৰচিজ চেঞ্চৰ ব’ৰ্ড । মষ্ট কনট্ৰভাৰ্চিয়েল নং ১ চাউথ এছিয়ান ফিল্ম ক্ৰিটিক এণ্ড বলীউড এডাল্ট গছিপ জাৰ্নেলিষ্ট ৷ " ছলমান খান, পৰণৰ কল্যাণ, সিদ্ধাৰ্থ মালহোত্ৰা, আৰু শ্বেহনাজ গীল দৰে জনপ্ৰিয় নামক লক্ষ্য কৰি লোৱাৰ বাবে ছ’চিয়েল মিডিয়াত পৰিচিত উমেৰে । শেহতীয়াকৈ চেলিনা জেটলীক লৈ অপমানজনক মন্তব্য কৰাৰ বাবে শিৰোনাম দখল কৰিছিল উমেৰে ।

লগতে পঢ়ক: Urvashi Rautela: 'ধন্যবাদ উৰ্বশী ইয়াত নাই' বুলি লিখা প্লেকাৰ্ডৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ উৰ্বশী ৰৌতেলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.