ETV Bharat / entertainment

Urvashi Rautela controversy, এজনে আনজনক বোকা ছটিওৱাৰ পিছত এতিয়া আকৌ ঋষভলৈ জন্মদিনৰ শুভেচ্ছা উৰ্ৱশীৰ

author img

By

Published : Oct 4, 2022, 1:58 PM IST

উৰ্ৱশী ৰৌতেলা আৰু ঋষভ পাণ্ট পুনৰ আহিছে বাতৰিৰ শিৰোনামলৈ ৷ অলপতে সামাজিক মাধ্যমত ইজনে সিজনক গুৱাল গালি পাৰি চৰ্চা লাভ কৰাৰ পিছত এতিয়া উৰ্ৱশীয়ে ঋষভক জনাইছে জন্মদিনৰ অভিনন্দন (Urvashi Rautela Rishabh Pant Birthday wishes) ৷

Urvashi Rautela
কালৈ ফ্লায়িং কিছ যাচিছে উৰ্ৱশীয়ে!

চিটাৰা ডেস্ক, 4 অক্টোবৰ : সকলো দিশৰে পৰা 25 বছৰীয়া জন্মদিনৰ শুভেচ্ছা লাভ কৰিছে ক্ৰিকেটাৰ ঋষভ পাণ্টে ৷ প্ৰেমিকা ঈশা নেগীৰ উপৰিও বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীৰ পৰা জন্মদিনৰ শুভেচ্ছা লাভ কৰিলে ঋষভে ৷ এই গৰাকী অভিনেত্ৰীৰ সৈতে হেনো পূৰ্বতে সম্পৰ্ক আছিল ঋষভৰ ৷ এই গৰাকী আন কোনো নহয়, জনপ্ৰিয় অভিনেত্ৰী উৰ্ৱশী ৰৌতেলা ৷

উৰ্ৱশীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত আৰু তাৰ কেপছনত লিখিছিল "শুভ জন্মদিন" । উৰ্বশীয়ে জন্মদিনত কাক শুভেচ্ছা জনাইছে সেই কথা উল্লেখ কৰা নাই যদিও নেটিজেনসকল এই সিদ্ধান্তত উপনীত হৈছে যে তেওঁৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টটো কেৱল ঋষভৰ বাবেই (Urvashi Rautela Rishabh Pant Birthday wishes)। উৰ্বশীয়ে ফ্লায়িং কিছ দিয়া এই ভিডিঅ’টো চলিত বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ।

চলিত মাহৰ আৰম্ভণিতে উৰ্ৱশীয়ে এটা জনপ্ৰিয় মনোৰঞ্জন প’ৰ্টেলত এক সাক্ষাৎকাৰ দিছিল, যিটো ক্লিপ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে । সাক্ষাৎকাৰটোত তেওঁ কয় যে, হোটেলৰ লবীত এজন নিৰ্দিষ্ট ‘আৰ পি’ য়ে তেওঁৰ বাবে অলপ টোপনি অহাৰ সময়ত তেওঁক লগ কৰিবলৈ হোটেলৰ লবীত প্ৰায় 10 ঘণ্টা অপেক্ষা কৰি আছিল আৰু তেওঁ ইমান সময় অপেক্ষা কৰি থকাৰ বাবে তেওঁৰ বেয়া লাগিছিল (Urvashi Rautela and Rishabh Pant memes) ।

ক্লিপটো ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলে পুনৰ ঋষভ পণ্টৰ তেওঁৰ সৈতে সম্পৰ্ক আছে বুলি আলোচনা আৰম্ভ কৰে । নেটিজেনে লিখিবলৈ আৰম্ভ কৰিলে যে সাক্ষাৎকাৰত উৰ্ৱশীয়ে যি "আৰ পি"ৰ কথা কৈছে, তেওঁ আন কোনো নহয় ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্ট ।

তাৰ পিছত ঋষভে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা আপডেট দিছিল (যিটো তেওঁ কেইঘণ্টামানৰ পিছত ডিলিট কৰি দিছিল) আৰু লিখিছিল, "কেৱল কিছু সামান্য জনপ্ৰিয়তাৰ বাবে আৰু শিৰোনামত থাকিবৰ বাবেই ইন্টাৰভিউত মানুহে কেনেকৈ মিছা কথা ক’ব পাৰে সেইয়া ধেমেলীয়া । দুখৰ বিষয় যে কিদৰে কিছুমান মানুহ খ্যাতি আৰু নামৰ পিছত দৌৰি থাকিব পাৰে । ভগৱানে তেওঁলোকক আশীৰ্বাদ কৰক"। আপডেটটোৰ শেষত হেচটেগ দি লিখে - 'মেৰা পিছা ছোড়ো বেহেন' আৰু 'ঝুথ কি ভি লিমিট হোতি হাে'।

ঋষভৰ এই ষ্ট’ৰীটো দেখাৰ পিছত উৰ্ৱশীয়েও ইনষ্টাগ্ৰামত এটা টোকা পোষ্ট কৰিছিল য'ত লিখা আছিল, "চোতু ভাইয়াই বেট বল খেলিব লাগে...মে কৌই মুন্নী নহি হু বদনাম হোনে ইয়ং কিড্ডো ডাৰ্লিং তেৰে লিয়ে #RAKSHABANDHAN মুবাৰক হো" ৷ উৰ্ৱশীয়েও হেচটেগ যোগ কৰি লিখে - "RP CHOTU BHAIYYA, Cougar Hunter, আৰু Don't take advantage of a silent girl"।

2018 চনত মুম্বাইৰ বহু জনপ্ৰিয় ৰেষ্টুৰেণ্ট, পাৰ্টী, অনুষ্ঠানত একেলগে দেখা পোৱাৰ পিছত দুয়োৱে ডেট কৰি থকাৰ উৰাবাতৰি আৰম্ভ হয় । বহু পিছত একে বছৰতে হোৱাটছএপত দুয়োজনে ইজনে সিজনক ব্লক কৰা বুলি বাতৰি প্ৰকাশ পাইছিল ।

2019 চনত ঋষভে উৰাবাতৰি খাৰিজ কৰি প্ৰেমিকা ঈশা নেগীৰ সৈতে সম্পৰ্ক ঘোষণা কৰিছিল । ঋষভে ঈশাৰ সৈতে ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰি তেওঁৰ বাবে এটা মেছেজ লিখিছিল, "মাত্ৰ তোমাক সুখী কৰিব বিচাৰো কাৰণ তুমিয়েই মোৰ ইমান সুখী হোৱাৰ কাৰণ" ৷

লগতে পঢ়ক : ৰিছা আলীৰ বিয়াৰ অনুষ্ঠানৰ শেহতীয়া ফটো চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.