ETV Bharat / entertainment

Uorfi Javed Demon Look: উৰ্ফী জাভেদৰ ভয়ংকৰ ৰূপ; ভিডিঅ’ চাই অনুৰাগীয়ে পঢ়িলে হনুমান চালিছা

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:46 PM IST

উৰ্ফী জাভেদে শেহতীয়াকৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত উৰ্ফীক এক্সট্ৰা ৰিভিলিং সাজ-পোছাকত দেখা গৈছে। চাওক উৰ্ফীৰ এই লুক....

Uorfi Trolled on social media for Demon Look, user said yeh kya dekh liya
উৰ্ফী জাভেদ ডেমন লুক

চিটাৰা ডেস্ক, 1 অক্টোবৰ: উৰ্ফী জাভেদৰ নাম শুনাৰ লগে লগে হয়তো সকলোৰে মনলৈ আহে অদ্ভুত সাজ-পোছাক । কাৰণ প্ৰায়ে অদ্ভুত সাজ-পোছাক পৰিধান কৰাৰ বাবে লাইমলাইটত থাকে উৰ্ফী ৷ প্ৰতিদিনে অভিনেত্ৰীগৰাকীয়ে ব্যতিক্ৰমী সাজ পৰিধান কৰি পাপাৰাজীৰ সন্মুখত পোজ দিয়া দেখা যায় ৷

অভিনয়ৰ ক্ষেত্ৰখনত উৰ্ফীয়ে নিজৰ নাম উজলাব নোৱাৰিলেও, নিজৰ অদ্ভুত ফেশ্বনেৰ গ্লেমাৰ জগতখনৰ এক জনপ্ৰিয় মুখ হৈ পৰিছে উৰ্ফী ৷ অনন্য শৈলীৰে নিজৰ এক ব্যতিক্ৰমী পৰিচয় বনাবলৈ সক্ষম হৈছে উৰ্ফী জাভেদে ৷ শেহতীয়াকৈ উৰ্ফীয়ে এটা ভিডিঅ’ পোষ্ট কৰিছে, য’ত তেওঁক ডাইনী লুকত দেখা গৈছে ।

উৰ্ফী জাভেদে নিজৰ ইনষ্টাগ্ৰামত শেহতীয়াকৈ শ্বেয়াৰ কৰা ভিডিঅ’টোত ক’লা ৰঙৰ এক্সট্ৰা ৰিভিলিং সাজ-পোছাকত দেখা গৈছে । পোছাকৰ সৈতে সোণালী গহনা, ক’লা লিপ লাইনাৰ আৰু ভয়ংকৰ মেকআপৰ সৈতে অভিনেত্ৰীগৰাকীক ডাইনীৰ দৰে দেখা গৈছে । এই ভিডিঅ'টো পোষ্ট কৰি উৰ্ফীয়ে কেপচনত লিখিছে - 'মোৰ ভিতৰৰ চয়তানক উলিয়াই অনাৰ ধাৰণা ।'

ছ’চিয়েল মিডিয়াত ট্ৰ’ল হ’ল উৰ্ফী

উৰ্ফিৰ এই ৰূপটোক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তীব্ৰ মন্তব্য কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে- 'শপত খাই কৈছো আপোনাক বহুত বেয়া দেখা গৈছে ।' আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি লিখিছে - 'এইটো দেখাৰ পিচত মোৰ অপেছৰাৰ ওপৰত বিশ্বাস উঠি গৈছে ।' ইয়াৰ উপৰিও আন এজন ব্যক্তিয়ে লিখিছে- 'আজি পুৱাই এয়া কি দেখিলো ?'৷ এগৰাকীয়ে লিখিছে- আজি প্ৰথমবাৰৰ বাবে নিজৰ প্ৰকৃত ইচ্ছাধাৰী ৰূপত আহিল দিদি ।

একাংশই পঢ়িছে হনুমান চালিছা

উৰ্ফী জাভেদৰ এই ৰূপ দেখি আচৰিত হৈ পৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী । আনকি একাংশই ভিডিঅ’টোৰ কমেণ্ট বক্সত হনুমান চালিছা আবৃত্তি কৰাও দেখা গৈছিল । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'এতিয়া নিশা শুব নোৱাৰিম ।' এজনে লিখিছে, ‘পাতালৰ অপেছৰা।’

লগতে পঢ়ক: Urfi Javed New look: বিমানবন্দৰত এলিয়েনৰ সাজত অভিনেত্ৰী, অনুৰাগীয়ে ক’লে- চিনি পাইছে নে কোন?

লগতে পঢ়ক: Uorfi Javed New Dress: এইবাৰ উৰ্ফীৰ নতুন ড্ৰেছ দেখি হতবাক হৈ পৰিল নেটিজেন; ক’লে, কোনে খালে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.