ETV Bharat / entertainment

Tunisha Sharma death case: আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা শ্বীজান খান

author img

By

Published : Dec 25, 2022, 3:22 PM IST

শনিবাৰে টিভি অভিনেত্ৰী তুনিষা শৰ্মাই নিজৰ ধাৰাবাহিক ‘আলি বাবা: দস্তান-ই-কাবুল’ৰ চেটত ৰহস্যজনকভাৱে আত্মহত্যা কৰে । ঘটনাৰ পিছতে আৰক্ষীয়ে তুনিষা শৰ্মাৰ সহ অভিনেতা শ্বীজানক এক অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে । এই বিষয়ত অভিনেতাগৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে মহাৰাষ্ট্ৰৰ ৱালিভ আৰক্ষীয়ে । শ্বীজানৰ উপৰিও আৰক্ষীয়ে ধাৰাবাহিকখনৰ সৈতে জড়িত আন অভিনেতাসকলকো জেৰা অব্যাহত ৰাখিছে ।

TV actress Tunisha Sharma death case update today
আত্মহত্যাৰ উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা শ্বীজান খান

চিটাৰা ডেস্ক, 25 ডিচেম্বৰ: দেওবাৰে অভিনেত্ৰী তুনিষা শৰ্মাক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত গোচৰ ৰুজু হোৱাৰ পিছতে তেওঁৰ Co-starক গ্ৰেপ্তাৰ শ্বীজান খানক কৰা হয় ।

দেওবাৰে পুৱতি নিশা মহাৰাষ্ট্ৰৰ ৱালিভ আৰক্ষীয়ে(Maharashtra police) জনোৱা মতে, অভিযুক্তক শ্বীজান খান বুলি চিনাক্ত কৰা হৈছে, যাৰ বিৰুদ্ধে আই পি চিৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে(TV actress Tunisha Sharma death case)। শনিবাৰে এখন টিভি ধাৰাবাহিকৰ চেটত শৰ্মাই আত্মহত্যা কৰাৰ অভিযোগত এই কথা পোহৰলৈ আহিছে(waliv police on tunisha sharma death case)।

তুনিষাৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত শ্বীজান খানক ইতিমধ্যে পুৱা ১০ বজাত ভাছাই আদালতত হাজিৰ কৰোৱা হৈছে(Sheezan khan arrested)। তুনিষা শর্মাৰ মাতৃ তাহৰিৰ অভিযোগৰ সন্দৰ্ভত শ্বীজান খানৰ বিৰুদ্ধে ৱালিভ থানাত আত্মহত্যাৰ উচটনি দিয়াৰ গোচৰ ৰুজু কৰা হৈছে । তুনিষা শৰ্মাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা মুম্বাইৰ জে জে হাস্পতালত কৰা হৈছে(tunisha sharma dies by suicide)। ৫ জনীয়া চিকিৎসকৰ পেনেলে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে(tunisha sharma suicide case) । আজি বিয়লি মীৰা ৰোড শ্মশানত তুনিষাৰ শেষকৃত্য সম্পন্ন কৰা হ'ব । মীৰা ৰোডৰ শান্তি পাৰ্কত বাস কৰে টুনিছা শৰ্মাৰ পৰিয়াল ।

আনহাতে, ৱালিভ আৰক্ষীয়ে জনোৱা মতে, টিভি অভিনেত্ৰী তুনিষা শৰ্মাৰ মৃত্যুৰ গোচৰত ৱালিভ আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ সহ অভিনেতা শ্বীজান খানৰ বিৰুদ্ধে আত্মহত্যাত উচটনি দিয়াৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে আই পি চিৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰিছে ।

ৱালিভ আৰক্ষীৰ মতে, চাহ বিৰতিৰ পিছত অভিনেত্ৰীগৰাকী শৌচাগাৰলৈ যায় আৰু পুনৰ ঘূৰি নহাত আৰক্ষীয়ে দুৱাৰ ভাঙি অভিনেত্ৰীগৰাকীক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে(TV actress Tunisha Sharma death case) ।

আৰক্ষীয়ে উক্ত স্থানতে তদন্ত কৰি কয় যে, আত্মহত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই । টিভি অভিনেত্ৰী তুনিষা শৰ্মাৰ মৃত্যুৰ ঘটনাক হত্যা আৰু আত্মহত্যা দুয়োটা ফালৰ পৰা তদন্ত কৰিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

অভিনেত্ৰীগৰাকীয়ে শেষবাৰৰ বাবে কাম কৰি থকা ধাৰাবাহিকখনৰ চেটত উপস্থিত থকা লোকসকলে আত্মহত্যাৰ ফলত মৃত্যু হোৱা বুলি দাবী কৰে । 'ভাৰত কা বীৰ পুত্ৰ - মহাৰাণা প্ৰতাপ' ছবিৰে অভিনয়ত আত্মপ্ৰকাশ কৰে তুনিষা শৰ্মাই । ইয়াৰ উপৰিও তেওঁ ‘ইছক চুভান আল্লাহ’, ‘গব্বৰ পুঞ্চৱালা’, ‘শ্বেৰ-ই-পাঞ্জাব: মহাৰাজা ৰঞ্জিত সিং’ আৰু ‘চক্ৰৱৰ্তী অশোক সম্ৰাট’ আদি ধাৰাবাহিকত কাম কৰিছিল । ‘ফিতুৰ’, ‘বাৰ বাৰ দেখো’, ‘কাহানী ২: দুৰ্গা ৰাণী সিং’ আৰু ‘দাবাং ৩’কে ধৰি বলীউডৰ ছবিতো অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Asha Parekh on pathaan controversy:পাঠানত দীপিকাই পিন্ধা গেৰুৱা বিকিনি সন্দৰ্ভত মত দিলে আশা পাৰেখে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.