ETV Bharat / entertainment

Tu Jhoothi Main Makkar day 1 collection: প্ৰথম দিনা বক্স অফিচত কিমান সংগ্ৰহ কৰিলে TJMM য়ে ?

ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ অভিনীত ছবি টু ঝুঠি মে মক্কাৰে (Tu Jhoothi Main Makkar) প্ৰথম দিনা বক্স অফিচত কিমান সংগ্ৰহ কৰিলে ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

author img

By

Published : Mar 9, 2023, 12:38 PM IST

Tu Jhoothi Main Makkar day 1 collection: Ranbir-Shraddha starrer opens with double digit numbers
টু ঝুঠি মে মক্কাৰ

চিটাৰা ডেস্ক, 9 মাৰ্চ: অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ অভিনীত টু ঝুঠি মে মক্কাৰ ছবিগৃহত মুক্তি লাভ কৰিছে 8 মাৰ্চত। এই ছবিখনকলৈ অনুৰাগীসকলে বহুদিনৰ পৰাই অপেক্ষা কৰি আছিল । হোলীৰ দিনাই মুক্তি লাভ কৰা ছবিখনে মুকলিৰ দিনটোত দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । ছবিখন মুক্তিৰ প্ৰথম দিনটোত বক্স অফিচত কিমান সংগ্ৰহ কৰিছে ছবিখনে ? সম্পূৰ্ণ তথ্য দিয়া হ’ব এই প্ৰতিবেদনত (Tu Jhoothi Main Makkar day 1 collection) ৷

এই ছবিখন পৰিচালনা কৰিছে সোনু কে টিটু কি ছুইটী ছবিখনৰ নিৰ্মাতা লুভ ৰঞ্জনে । ৰণবীৰ আৰু শ্ৰদ্ধাৰ যুটিৰ উপৰিও ছবিখনত ষ্টেণ্ডআপ কমেডিয়ান হিচাপে আত্মপ্ৰকাশ কৰিছে অনুভৱ বছিৰে (Tu Jhoothi Main Makkar)। আধুনিক যুগৰ এই ছবিখনে উৎসৱৰ বতৰত লাভৱান হোৱাৰ অনুমান কৰা হৈছে ৷ প্ৰাৰম্ভিক ট্ৰেণ্ডৰ ভিত্তিত পাঠান ছবিৰ পিচত দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে (Tu Jhoothi Main Makkar opening day) ।

খবৰ অনুসৰি টিজেএমএম ছবিখনৰ টিকট মঙলবাৰে বিক্ৰী হৈছিল ৭ বজাৰ ভিতৰত প্ৰায় ৮৪ হাজাৰ টিকট । ইয়াৰ মূল্য প্ৰায় ২.৫০ কোটি টকা বুলি জানিব পৰা গৈছে ৷ দিনটোৰ শেষলৈকে প্ৰায় ১০০K টিকট বিক্ৰী হৈছিল ।

দিল্লী-এনচিআৰ অঞ্চলৰ থিয়েটাৰ চেইনসমূহৰ ভিতৰত টিকটৰ আগতীয়া বুকিঙে এক সুস্থ ধাৰা প্ৰদৰ্শন কৰিছে, কেইবাখনো প্ৰদৰ্শনী বিক্ৰী হৈ গৈছিল । বুক মাই শ্ব’ৰ তথ্য অনুসৰি টিকটৰ মূল্যও বৃদ্ধি পাইছে, কিছুমান স্থানত পাছ ১৮০০ টকাত বিক্ৰী হৈছে । ৯৫ কোটি টকাৰ বাজেটত নিৰ্মিত ছবিখনে প্ৰথম দিনা সংগ্ৰহ কৰে প্ৰায় 15.73 কোটি টকা (Ranbir Shraddha starrer TJMM) ৷

কাৰ্তিক আৰিয়ান, ছানী সিং আৰু নুশ্ৰত ভৰুচ্চা অভিনীত লুভ ৰঞ্জনৰ শেষৰখন ছবি সোণু কে টিটু কি ছুইটীয়ে ৬.৪২ কোটি টকা নেট উপাৰ্জন কৰি প্ৰায় ১০৯ কোটি টকা নেটত সমাপ্ত ঘটিছিল । ইফালে টি জে এম এম ছবিখনে উন্নত ৰিভিউ লাভ কৰিলে নিঃসন্দেহে ছবিখনে SKTKS ৰ বক্স অফিচৰ উপাৰ্জন অতিক্ৰম কৰি ৰঞ্জনৰ বৰ্তমানলৈকে সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হ’ব। ছবিখনত ৰণবীৰ, শ্ৰদ্ধা, অনুভৱৰ উপৰিও উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰিছে বনি কাপুৰ আৰু ডিম্পল কাপাডিয়াই।

উল্লেখ্যে যে এই ছবিখনৰ পিচত ৰণবীৰক অতি সোনকালে এনিমেল নামৰ ছবিখনত দেখা পোৱা যাব ৷ এনিমেল ছবিখনৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগা । ইয়াৰ পূৰ্বে তেওঁ কবীৰ সিঙৰ দৰে ছুপাৰহিট ছবি নিৰ্মাণ কৰিছিল । ইয়াৰ উপৰিও ছবিখনত মুখ্য চৰিত্ৰত ৰশ্মিকা মণ্ডন্না আৰু অনিল কাপুৰকো দেখা পোৱা যাব ।

লগতে পঢ়ক: Ranbir Kapoor: এনিমেল ছবিখনত নিজকে কিয় অযোগ্য বুলি ভাৱিছিল ৰণবীৰ কাপুৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.