ETV Bharat / entertainment

Rajamouli Birthday: ৰাম চৰণ-জুনিয়ৰ এন টি আৰে ৰাজামৌলীৰ জন্মদিনত এনেদৰে জনালে শুভেচ্ছা

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 4:39 PM IST

আজি ১০ অক্টোবৰত দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ পৰিচালক এছ এছ ৰাজামৌলিয়ে ৫০ বছৰ সম্পূৰ্ণ কৰিলে । এই বিশেষ অনুষ্ঠানত তেওঁৰ ছবি আৰ আৰ আৰ তাৰকা ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰকে ধৰি এই চেলিব্ৰিটিসকলে ৰাজামৌলীক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

'Truly adore my moments with you', Ram Charan  and Jr NTR wish birthday to SS Rajamouli, shares unseen pic from RRR set
RRR তাৰকা ৰাম চৰণ-জুনিয়ৰ এন টি আৰে ৰাজামৌলীৰ জন্মদিনত এনেদৰে জনালে শুভেচ্ছা

চিটাৰা ডেস্ক, 10 অক্টোবৰ: দক্ষিণৰ চলচ্চিত্ৰ জগতৰ প্ৰবীণ পৰিচালক এছ এছ ৰাজামৌলিয়ে আজি ১০ অক্টোবৰত নিজৰ ৫০ বছৰীয়া জন্মদিন উদযাপন কৰিছে । এই বিশেষ দিনটোত পৰিচালকগৰাকীক ইতিমধ্যে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে । তাৰ মাজতে দক্ষিণৰ চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও তাৰকাই পৰিচালক ৰাজমৌলিক শুভেচ্ছা জ্ঞাপন কৰে ৷ ইফালে, আৰ আৰ আৰৰ তাৰকা ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰে এই বিশেষ অনুষ্ঠানত তেখেতক বহুত মৰমেৰে জন্মদিনৰ শুভেচ্ছা জনাইছে ।

'Truly adore my moments with you', Ram Charan  and Jr NTR wish birthday to SS Rajamouli, shares unseen pic from RRR set
অজয় দেৱগণে জনালে শুভেচ্ছা

আনহাতে, ৰাম চৰণেও অস্কাৰ বিজয়ী আৰ আৰ আৰ ছবিখন নিৰ্মাণ কৰি থকাৰ সময়ৰ এখন ছবি শ্বেয়াৰ কৰিছে । এই ছবিখনত ৰাজামৌলি আৰু ৰাম চৰণে এটা দৃশ্যৰ বিষয়ে আলোচনা কৰি আছে । ৰাম চৰণক তেওঁৰ চৰিত্ৰৰ লুকত দেখা গৈছে । একে সময়তে জুনিয়ৰ এনটিআৰে তেওঁক পৰিচালকৰ সৈতে নিজৰ এখন পুৰণি ছবিৰে শুভেচ্ছা জনাইছে ।

  • ৰাম চৰণ

২০২২ চনৰ ব্লকবাষ্টাৰ ছবি ‘আৰ আৰ আৰ’ৰ চেটৰ এখন ছবি শ্বেয়াৰ কৰি ৰাম চৰণে ৰাজামৌলিক জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে, ‘আপোনাৰ সৈতে কটোৱা মোৰ মুহূৰ্তবোৰ সঁচাকৈয়ে বহুত ভাল আছিল’ ৷

  • জুনিয়ৰ এনটিআৰ

একে সময়তে জুনিয়ৰ এনটিআৰে প্ৰথমে তেওঁৰ ইনষ্টা ষ্ট’ৰীত আৰু তাৰ পিছত এক্স হেণ্ডেলত (প্ৰথম টুইটাৰ) অভিনন্দন পোষ্ট এটা শ্বেয়াৰ কৰি লিখিছিল, হেপি বাৰ্থডে জকান্না ৰাজামৌলি, বহুত মৰম ৷

  • Wishing you a happy birthday @ssrajamouli sir! Here's to many more years of your cinematic brilliance!

    — Mahesh Babu (@urstrulyMahesh) October 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">
  • মহেশ বাবু

একে সময়তে আন এজন দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৱেও জন্মদিনত ৰাজমৌলীক জন্মদিনৰ শুভেচ্ছা জনাই কয় যে, ৰাজামৌলি ছাৰক জন্মদিনৰ শুভেচ্ছা জনাইছো, আপোনাৰ অদ্ভূদ ছবিবোৰ চাবলৈ আমাৰ হাতত আৰু বহু বছৰ আছে ৷

অজয় দেৱগনেও ৰাজামৌলীক জন্মদিনৰ শুভেচ্ছা জনাই আৰ আৰ আৰৰ চেটৰ পৰা এখন ছবি শ্বেয়াৰ কৰিছে ৷ আৰ আৰ আৰ ছবিখনত অজয় ​​দেৱগনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ এই ছবিখনত অজয়ৰ ভূমিকাক অতিশয় প্ৰশংসা কৰা হৈছিল ৷ ছবিখনত অজয়ে ৰাম চৰণৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৷

  • ৰজামৌলিৰ ৱৰ্কফ্ৰন্ট

বিগত বৰ্ষত ৰাজামৌলীয়ে নিৰ্মাণ কৰিছিল আৰ আৰ আৰ ছবিখন, যিয়ে বিশ্বজুৰি ১২০০ কোটিতকৈ অধিক টকা উপাৰ্জন কৰিছিল ৷ ছবিখনৰ ছুপাৰহিট গীত নাটু-নাটুৱে অস্কাৰ বঁটা (২০২৩)ত শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰ লাভ কৰে ৷ একে সময়তে শেহতীয়াকৈ ৰাজামৌলিয়ে ঘোষণা কৰিছে চিনেমাৰ পিতৃ দাদাছাহেব ফাল্কেৰ বায়’পিক মেড ইন ইণ্ডিয়া ৷

লগতে পঢ়ক: World Mental Health Day 2023: মানসিক চাপেই আত্মহত্যাৰ দুৱাৰদলিলৈ লৈ গৈছিল এইসকল তাৰকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.