ETV Bharat / entertainment

New Assamese film: নতুন অসমীয়া ছবি কি কোৱা দোস্তিৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Mar 14, 2023, 9:18 PM IST

'লোকেল উৎপাত' ৰ পাচত ছবিগৃহলৈ আহিবলৈ সাজু হৈছে কেনী বসুমতাৰীৰ 'কি কোৱা, দোস্তি । গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলযোগে মুকলি কৰা হয় ছবিখনৰ ট্ৰেইলাৰ (Trailer of new Assamese film Ki Kwa Dosti released) । ২৮ এপ্ৰিলত ৰাজ্যজুৰি মুক্তি পাব ছবিখনে ৷

Trailer of new Assamese film Ki Kwa Dosti released
নতুন অসমীয়া ছবি কি কোৱা দোস্তিৰ ট্ৰেইলাৰ মুকলি

গুৱাহাটী, ১৪ মার্চ: লাহে লাহে যেন অসমীয়া ছবিৰ ভাল দিন ঘূৰি আহিছে (New Assamese film) । ইখনৰ পিচত সিখনকৈ অসমীয়া ছবিয়ে ছবিগৃহত তোলপাৰ লগাইছে । ইয়াৰ মাজতে এখন হাস্যমধুৰ ছবি অসমৰ চলচিত্ৰ প্ৰেমীক উপহাৰ দিবলৈ আগবাঢ়িছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা তথা পৰিচালক । বক্স অফিচত 'লোকেল উৎপাত'ৰ বৃহৎ সফলতাৰ পাচত মুক্তিৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈছে 'লোকেল কুংফু' খ্যাত অভিনেতা-পৰিচালক কেনী বসুমতাৰীৰ (Actor-director Kenny Basumatary) পৰৱৰ্তী অসমীয়া ছবি 'কি কোৱা, দোস্তি (Trailer of new Assamese film Ki Kwa Dosti released) ।

২৮ এপ্ৰিলত মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ এক অনুষ্ঠানত ডাঃ লিমা দাসে মুকলি কৰে । ছবিখনৰ সন্দৰ্ভত জনপ্ৰিয় পৰিচালক অভিনেতা কেনী বসুমতাৰীয়ে কয়, “কি কোৱা, দোস্তি মূলতে ভাড়াঘৰৰ এটা কাহিনী । আমাৰ বহুতৰে হোষ্টেল, ভাড়াঘৰ অথবা মেছত থকাৰ অভিজ্ঞতা আছে । আমাৰ এই ছবিখনত ভাড়াঘৰত থকা চাৰিজন যুৱক আৰু তিনিগৰাকী যুৱতীৰ মাজত সংঘটিত কেতবোৰ দুঃসাহসিক ঘটনা উপস্থাপন কৰা হৈছে’’ ।

মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনত অভিনয় কৰিছে ৰূপশ্ৰী ফুকন, শ্রুতি হুছেইন, ৰিমি দেউৰী, ছাজু আহমেদ, কৌশিক নাথ, যতীন দাস আৰু দীপজ্যোতি দত্তই । উল্লেখ্য যে, ছাজু আহমেদ আৰু কৌশিক নাথক দৰ্শকে ইতিমধ্যে লোকেল উৎপাত' আৰু 'বৰনদী ভটিয়ায়' নামৰ ছবি দুখনত দেখিবলৈ পাইছে । অৱশ্যে ছবিখনৰ প্ৰায়সংখ্যক অভিনেতা-অভিনেত্রীক দর্শকে পোন প্ৰথমবাৰৰ বাবে পৰ্দাত দেখিবলৈ পাব ।

আনহাতে, যতীন দাস আৰু দীপজ্যোতি দত্তয়ো কেনী বসুমতাৰীৰ ছবিসমূহত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছে যদিও তেওঁলোকৰ প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক মুখ্য অভিনেতালৈ উন্নীত কৰা হয় । ২৮ এপ্ৰিলত সমগ্ৰ ৰাজ্যজুৰি মুক্তি পাবলগীয়া এই ছবিখনত বিভূতি ভূষণ হাজৰিকা, গায়ত্ৰী শৰ্মা, বিভাষ সিনহা, উৎকল হাজোৱাৰী আৰু ৰুবুল বড়োৰ দৰে বহু প্ৰখ্যাত অভিনেতা-অভিনেত্ৰীয়ে অতিথি শিল্পী হিচাপে অভিনয় কৰিছে ।

ব্লেক মেজিক ৬ কে প্ৰ' কেমেৰাৰে 'কি কোৱা, দোস্তি' ৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰা হৈছে । প্ৰথমবাৰৰ বাবে অসমীয়া ছবিক এক উজ্জ্বল তথা ৰঙীন ৰূপ দিবলৈ 'এমুথি পুথিৰ পৰিচালক কুলনন্দিনী মহন্তই প্রযোজনা ডিজাইনাৰ হিচাপে কাম কৰিছে । লোকেল উৎপাত'ৰ নায়িকা পুনম গুৰুঙে সাজ-পাৰ তথা ডিজাইনাৰ হিচাপে কাম কৰিছে । ছবিখনৰ দৃশ্যগ্ৰহণ কৰে সুৰজ ডেকাই ।

লগতে পঢ়ক: Protest in Tinsukia : শম্ভূ তাঁতীৰ উচিত ন্যায়ৰ দাবীত তিনিচুকীয়াত আটছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.