ETV Bharat / entertainment

Happy Birthday Jr NTR: ৮ বছৰ বয়সত ভৰি দিছিল অভিনয়ত জগতত, এনেদৰে হৈ পৰিল তেওঁ 'মেন অৱ মাছেচ' - NTR 30

জুনিয়ৰ এন টি আৰক দক্ষিণৰ ছুপাৰষ্টাৰৰ ভিতৰত অন্যতম এগৰাকী অভিনেতা হিচাপে গণ্য কৰা হয় আৰু তেওঁৰ উৎকৃষ্ট অভিনয়েৰে তেওঁ দৰ্শকৰ হৃদয়ত এক বিশেষ স্থানৰ ল’বলৈ সক্ষম হৈছে । আজি তেওঁৰ জন্মদিন সেয়ে তেওঁৰ জন্মদিন উপলক্ষে আমি আপোনালোকক জনাম তেওঁৰ সৈতে জড়িত কিছুমান বিশেষ কথা ।

Today is the birthday of Junior NTR, known as the Man Of Masses
৮ বছৰ বয়সত ভৰি দিছিল অভিনয়ত জগতত, এনেদৰে হৈ পৰিল তেওঁ 'মেন অৱ মাছেচ'
author img

By

Published : May 20, 2023, 10:57 AM IST

Updated : May 20, 2023, 7:45 PM IST

তেলেগু চলচ্চিত্ৰ জগতৰ এটা ডাঙৰ নাম হৈছে দক্ষিণ ভাৰতৰ প্ৰখ্যাত অভিনেতা জুনিয়ৰ এন টি আৰ । দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ জগতত তেওঁক ‘ইয়ং টাইগাৰ’ নামেৰেও জনা যায় । কেৰিয়াৰত এতিয়ালৈকে ৩৫খনতকৈও অধিক ছবিত অভিনয় কৰা অভিনেতাগৰাকীয়ে ২০ মে’ত অৰ্থাৎ আজি ৪০ বছৰ সম্পূৰ্ণ কৰিলে । তেওঁৰ অনুৰাগীসকল সমগ্ৰ বিশ্বতে বিয়পি আছে (Birthday of Junior NTR)। শেহতীয়াকৈ এছ এছ ৰাজামৌলিৰ পৰিচালনাত নিৰ্মিত পেন ইণ্ডিয়া ছবি ‘আৰ আৰ আৰ’ত কৰা অভিনয়ৰ বাবে তেওঁ দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । ছবিখনে মুক্তি পোৱাৰ লগে লগে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল । জুনিয়ৰ এনটিআৰে ছবিখনত কৰা আচৰিত ধৰণৰ ৰূপান্তৰেৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল (Jr NTR Birthday)।

ইফালে দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম শীৰ্ষ অভিনেতা জুনিয়ৰ এন টি আৰৰ ৪০ বছৰীয়া জন্মদিনৰ মাত্ৰ এদিন পূৰ্বে তেওঁৰ অনুৰাগীক বিশেষ উপহাৰ দিয়াৰ লগতে তেওঁৰ বহু চৰ্চিত ছবি NTR 30ৰ মূল শিৰোনাম মুকলি কৰা হৈছে । এই ছবিখনত তেওঁৰ সৈতে জাহ্নৱী কাপুৰক দেখা যাব আৰু অভিনেত্ৰীগৰাকীয়ে এই ছবিখনৰ দ্বাৰা দক্ষিণৰ চলচ্চিত্ৰ জগতত অভিষেকো ঘটাব (Nandamuri Taraka Rama Rao Jr)। অভিনেতাগৰাকীয়ে নিজেই ছ’চিয়েল মিডিয়া পোষ্টাৰৰ জৰিয়তে ছবিখনৰ শিৰোনাম অনুৰাগীক মুকলিকৈ জনাইছে ।

জুনিয়ৰ এন টি আৰৰ জন্মদিনত তেওঁৰ সৈতে জড়িত কিছু কথা জানো আহক

অনুৰাগীৰ দীঘলীয়া তালিকা

জুনিয়ৰ এন টি আৰ অন্যতম এগৰাকী জনপ্ৰিয় তাৰকা আৰু দৰ্শকে তেওঁক খুবেই পচন্দ কৰে । ১৯৮৩ চনৰ ২০ তাৰিখে হায়দৰাবাদত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীৰ নাম Man of Masses । ইয়াৰ আঁৰৰ মূল কাৰণ হ’ল তেওঁৰ ছবি আৰ আৰ আৰ কাৰণ ইয়াৰ অসাধাৰণ সফলতাৰ পিছতহে তেওঁ দক্ষিণ উদ্যোগৰ আটাইতকৈ প্ৰিয় তাৰকা হৈ পৰিছে । সৰ্বাধিক উপাৰ্জন কৰা অভিনেতাসকলৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত । দোস্তি হওক, আশিকি হওক, ফ্ৰিডম ফাইটাৰ হওক বা গেংষ্টাৰ হওক অভিনেতাজনে নিজৰ প্ৰতিটো চৰিত্ৰতে অতি নিখুঁত প্ৰদৰ্শন কৰি আহিছে আৰু সেইবাবেই দৰ্শকে তেওঁক খুবেই পচন্দ কৰে (Jr NTR Birthday wishes)।

৮ বছৰ বয়সত অভিনয়ৰ অভিষেক

জুনিয়ৰ এন টি আৰ ৰাজনীতি আৰু চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত পৰিয়ালৰ । তেওঁৰ ককাক ৰাজনীতিত থকাৰ সময়ত তেওঁৰ পিতৃ এন টি ৰামা ৰাওৰ চলচ্চিত্ৰ জগতৰ সৈতে এক সু-সম্পৰ্ক আছিল । সৰুৰে পৰা ছবিৰ প্ৰতিও তেওঁৰ প্ৰৱণতা আছিল আৰু ৮ বছৰ বয়সত তেওঁ শিশু অভিনেতা হিচাপে অভিনয়ৰ জগতখনত প্ৰৱেশ কৰিছিল । ১৯৯৬ চনত ৰামায়ণত দেখা পোৱা অভিনেতাগৰাকীয়ে নিজৰ উজ্জ্বল অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল (Junior NTR Birthday)।

এইদৰেই হৈ পৰিল মুখ্য অভিনেতা

অভিনেতাজনে প্ৰথমবাৰৰ বাবে ষ্টুডেণ্ট নম্বৰ ৱানত মুখ্য চৰিত্ৰত অভিনয় কৰা সুযোগ লাভ কৰে আৰু এই ছবিখনে ২০০১ চনত মুক্তি লাভ কৰিছিল । জীৱনত বহু উত্থান-পতন ঘটিছিল যদিও তেওঁ কেতিয়াও হাৰ নামানি কঠোৰ পৰিশ্ৰমৰ আধাৰত সফলতাৰ জখলা বগাইছে । আজি তেওঁ সকলোৰে সন্মুখত নিজকে এজন সমাদৃত শিল্পী হিচাপে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সকলোৱে যেন তেওঁৰ সৈতে কাম কৰিবলৈ আগ্ৰহী ।

আঁতধৰোতা আৰু গায়কী

য'ত জুনিয়ৰ এনটিআৰে তেওঁৰ উৎকৃষ্ট অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰে । একে সময়তে তেওঁ টেলিভিছনতো নিজৰ যাদু প্ৰদৰ্শন কৰা দেখা গৈছিল । ২০১৭ চনত তেওঁ বিগ বছৰ তেলেগু সংস্কৰণ আয়োজন কৰিছিল যিটো হিট বুলি প্ৰমাণিত হৈছিল আৰু দৰ্শকে ভাল সমাদৰ লাভ কৰিছিল । এই শ্ব’ত তেওঁ আঁত ধৰোতা হিচাপে কাম কৰে ৷

তেওঁ এজন মেধাৱী গায়ক হিচাপেও বহু ছবিত প্লেবেক গায়কৰ ভূমিকা পালন কৰিছে । তেওঁৰ গীতসমূহ ফিল্মফেয়াৰৰ বাবেও মনোনীত হৈছে আৰু দৰ্শকেও তেওঁৰ কণ্ঠক অতি ভাল পায় ।

অনুৰাগীৰ সৈতে বিশেষ সংযোগ

অভিনেতাসকলে নিজৰ অনুৰাগীক যিমানেই ভাল পায়, সিমানেই নিজৰ কামক গুৰুত্ব দিয়ে । ইয়াৰ উদাহৰণ বহুবাৰ দেখা গৈছে । এবাৰ তেওঁৰ অনুৰাগীয়ে দুৰ্ঘটনাত পতিত হোৱাত তেওঁ নিজেই ভিডিঅ’ কল কৰি ব্যক্তিজনৰ অৱস্থাৰ বুজ লৈছিল আৰু তেওঁক নিজৰ যত্ন ল’বলৈ পৰামৰ্শ দিছিল ।

জুনিয়ৰ এন টি আৰ জন্মদিন

তেওঁৰ নম্ৰ স্বভাৱৰ আটাইতকৈ ডাঙৰ উদাহৰণটো তেতিয়াই চৰ্চালৈ আহিছিল যেতিয়া ২০১৩ চনত তেওঁৰ ছবি বাদশ্বাহৰ প্ৰচাৰৰ সময়ত এজন অনুৰাগীয়ে হুলস্থুলীয়া পৰিৱেশত প্ৰাণ হেৰুৱাইছিল । এই দুৰ্ঘটনাত তেওঁ গভীৰভাৱে স্তম্ভিত হৈ পৰিছিল আৰু অভিনেতাগৰাকীয়ে নিজেই অনুৰাগীৰ সমগ্ৰ পৰিয়ালটোৰ যত্ন লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে আৰ্থিক সাহায্যও আগবঢ়ায় ।

অভিনেতাগৰাকীৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে তেওঁ ২০১১ চনত লক্ষ্মী প্ৰণতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোক দুজন পুত্ৰৰ পিতৃ-মাতৃ আৰু জুনিয়ৰ এনটিআৰে প্ৰায়ে পৰিয়ালৰ সৈতে ছ’চিয়েল মিডিয়াত নিজৰ ছবি শ্বেয়াৰ কৰা দেখা যায় ।

লগতে পঢ়ক: Ajaz Khan Bail : জামিন লাভ কৰিলে বিগ বছ খ্যাতি এজাজ খানে, ২ বছৰ ধৰি কাৰাবন্দী হৈ আছিল এজাজ

Last Updated : May 20, 2023, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.