ETV Bharat / entertainment

Marketing king SRK: মাৰ্কেটিং কি সেয়া শিকিব লাগে শ্বাহৰুখ খানৰ পৰা, কিং খানৰ মাৰ্কেটিঙৰ চ্কিৰেট কি জানি লওক - শ্বাহৰুখ খান

শ্বাহৰুখ খানে বলীউডত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে । অভিনেতাগৰাকীৰ শেহতীয়া ছবি পাঠানে বাম্পাৰ উপাৰ্জন কৰিছিল বক্স অফিচত ৷ যদিও ইয়াৰ আঁৰত কিং খানে ছবিখনৰ প্ৰচাৰত বিশেষ কষ্ট কৰা নাছিল । জৱান ছবিখনৰ ক্ষেত্ৰতো তেওঁ একে কাম কৰা দেখা পোৱা গৈছে ।

This Is How SRK Proves He Is The King Of Marketing With 'Jawan'
মাৰ্কেটিঙৰ বাবে কি কৌশল অৱলম্বন কৰে কিং খানে
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 4:03 PM IST

চিটাৰা ডেস্ক, 29 আগষ্ট: কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে আছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ফেন ফ’ল’ৱাৰ ৷ শ্বাহৰুখৰ দৰে ফেন ফ’ল’ৱাৰ আন কোনো শিল্পীৰে হয়তো নাই বুলিয়েই ক’ব পাৰি । শ্বাহৰুখ খানে নিজৰ অভিনয় আৰু শৈলীৰ জৰিয়তে অনুৰাগীৰ হৃদয়ত এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে ৷ সেইবাবেই শ্বাহৰুখৰ ছবি পাঠান মুক্তি পোৱাৰ পিচতে দেশ তথা বিদেশতো ছবিখনে সমাদৰ লাভ কৰিছিল ৷ কিন্তু ভাবিবলগীয়া কথাটো হ’ল যে শ্বাহৰুখ খানে এই ছবিখনৰ প্ৰচাৰৰ বাবে বিশেষ একো কৰা নাছিল ৷ তথাপিও ছবিখনে বক্স অফিচত গঢ়িছে অভিলেখ ৷ প্ৰচাৰ নকৰাকৈয়ে কেনেকৈ বাৰু এয়া সম্ভৱ ? কিন্তু প্ৰচাৰ নকৰিলেও এটা কৌশল অৱলম্বন কৰে কিং খানে ৷ এতিয়া পাঠানৰ পিচত শ্বাহৰুখ খানক আগন্তুক ছবি জৱানৰ প্ৰচাৰ বেছিকৈ কৰা দেখা পোৱা নাই । কিন্তু এই ছবিখনক লৈও কিং খানৰ কিবা কৌশল আছে নেকি ?

পাঠানত শ্বাহৰুখ খানে নিজৰ ছবিখনৰ প্ৰচাৰৰ এক নতুন পদ্ধতি অৱলম্বন কৰিছিল । অভিনেতাগৰাকীয়ে ছবিখনৰ অধিক স্ক্ৰীনিং ৰখা নাছিল, আনকি কোনো ডাঙৰ শ্ব’লৈ গৈ প্ৰচাৰো কৰা নাছিল । ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনসাধাৰণৰ সৈতে মত বিনিময় কৰিছিল আৰু কেৱল অনলাইন প্লেটফৰ্মত ছবিখনৰ প্ৰচাৰ কৰা দেখা গৈছিল । এই কৌশল ছবিখনৰ সফলতাত ডাঙৰ অৰিহণা যোগাইছিল ৷ এই ছবিখনে হিন্দী ভাষাত দেশৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয় । ছবিখনে বিশ্বব্যাপী ১০০০ কোটি টকা সংগ্ৰহ কৰিছে ।

পাঠানৰ দৰে জৱানতো অৱলম্বন কৰিছে একে কৌশল

পাঠানৰ দৰেই জৱানতো শ্বাহৰুখ খানে নিজৰ কম্ফাৰ্ট জ’ন বাছি লৈছে আৰু ঘৰৰ পৰা ওলাই নোযোৱাকৈয়ে ছবিখনৰ প্ৰচাৰ কৰিছে । AskSrK ছেছনৰ জৰিয়তে অনুৰাগীৰ লগত মত বিনিময় কৰা দেখা গৈছে ৷ এই ছেছনত কোটি কোটি অনুৰাগী তেওঁৰ সৈতে জড়িত হৈছে ৷ অনুৰাগীয়ে তেওঁক প্ৰশ্ন কৰে আৰু কিং খানেও ৰিপ্লাই দিয়ে ৷ এই কৌশলত খৰচো কম, কিন্তু জয় নিশ্চিত।

এয়াই হৈছে শ্বাহৰুখৰ মাৰ্কেটিং ষ্ট্ৰেটেজি ৷ যিয়ে নহওক, কিন্তু শ্বাহৰুখৰ ডাঙৰ ডাঙৰ ছবি মুক্তি পোৱাৰ সময়ত পেনিক নকৰা, প্ৰচাৰৰ বাবে অতিৰিক্ত ধন খৰচ নকৰা আৰু কেৱল ছ’চিয়েল মিডিয়াৰ জৰিয়তেই নিজৰ লক্ষ্যত উপনীত হোৱাটো এটা লাভজনক চুক্তি বুলি প্ৰমাণিত হৈছে। জৱানৰ বাবে আন কিছুমান পৰীক্ষাও কৰিছে, যেনে- টিজাৰৰ সলনি প্ৰিভিউ লঞ্চ কৰা । যিটো সকলোৰে বাবে নতুন আছিল । ইফালে মাত্ৰ ৯ দিন বাকী আছে জৱানৰ মুক্তিৰ বাবে । এনে পৰিস্থিতিত শ্বাহৰুখে ছবিখনৰ ট্ৰেইলাৰ এতিয়াও মুক্তি দিয়া নাই । শ্বাহৰুখৰ এই সিদ্ধান্তই দৰ্শকৰ মাজত সৃষ্টি কৰিছে কৌতুহলৰ । ছবিখনৰ কিছুমান গীত মুক্তি পাইছে যিবোৰে মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে ।

লগতে পঢ়ক: Ramaiya Vastavaiya Song teaser: জৱানৰ ট্ৰেইলাৰৰ বাবে অপেক্ষাৰত অনুৰাগীৰ বাবে শ্বাহৰুখ খানে লৈ আহিছে এই ডাঙৰ চাৰপ্ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.