ETV Bharat / entertainment

বলীউড বনাম দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগক লৈ হোৱা বিতৰ্কত মত দিলে অনুপম খেৰে - Anupam kher on bollywood vs south film controversy

অনুপম খেৰে বৰ্তমানে চলি থকা বলীউড আৰু দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ মাজৰ বিতৰ্কক লৈ মত প্ৰকাশ কৰিছে (Anupam kher on bollywood vs south film controversy ) ৷ কি ক’লে অভিনেতাজনে সবিশেষ জানিবলৈ আগলৈ পঢ়ক -

Anupam kher
বলীউড বনাম দাক্ষিণাত্য চলচ্চিত্ৰ উদ্যোগ এই বিতৰ্কত মত দিলে অনুপম খেৰে
author img

By

Published : Aug 26, 2022, 2:18 PM IST

চিটাৰা ডেস্ক, 26 আগষ্ট : হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা অনুপম খেৰেও অৱশেষত মুখ খুলিলে বলীউড বনাম দাক্ষিণাত্য চলচ্চিত্ৰ উদ্যোগ বিতৰ্ক সন্দৰ্ভত ৷ যুক্তিপূৰ্ণ ভাৱে এক শক্তিশালী মন্তব্য আগবঢ়াইছে অভিনেতাজনে (Anupam kher on bollywood vs south film controversy) ৷ মন কৰিবলগীয়া কথাটো হৈছে যে দৰ্শকে প্ৰতিদিনে ছ’চিয়েল মিডিয়াত বলীউডবয়কট ট্ৰেণ্ড চলাই নিছে ৷

ক’ভিড মহামাৰীৰ পিছত ছবিগৃহসমূহ দৰ্শকৰে ভৰি পৰিব আশা কৰিছিল সকলোৱে ৷ ই হৈছেও কিন্তু কেৱল দক্ষিণৰ ছবিৰ ক্ষেত্ৰতহে, বলীউডৰ ক্ষেত্ৰত নহয় ৷ শেহতীয়াকৈ কেইবাখনো বলীউড ছবিয়ে বক্স অফিচত বেয়াকৈ মুখ থেকেচা খাইছে ৷ কেৱল ইমানেই নহয় এই ছবিসমূহে মুক্তিৰ পূৰ্বেই বয়কট ট্ৰেণ্ডৰ মাজেৰেহে ছবিগৃহ পাইছেগৈ ৷

অতি পৰিতাপৰ বিষয়টো হৈছে যে এই ছবিসমূহে খৰচৰ পৰিমাণটোও উলিয়াবলৈ সক্ষম হোৱা নাই ৷ এনেদৰে বলীউড ছবিৰ নিৰন্তৰ বিৰোধিতা হিন্দী চিনেমাৰ বাবে এক চিন্তাৰ বিষয় হৈ পৰিছে । এতিয়া অনুপম খেৰে এই উদ্বেগজনক বিষয়টোৰ ওপৰত নিজৰ মতামত দিছে (Bollywood VS South Anupam Kher)। অভিনেতাগৰাকীয়ে কৈছে, "মোৰ এনেকুৱা লাগিছে আৰু মই এই বিষয়ে চিন্তা কৰিছো, যদিও মই টলীউড আৰু বলীউডৰ মাজত পাৰ্থক্য কৰা নাই কিন্তু মই ভাবো চিনেমা এখন গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকে হলীউডক নকল কৰা নাই, তেওঁলোকে কেৱল কাহিনী কৈছে আৰু ইয়াত আমি তাৰকাৰ ওপৰত অধিক গুৰুত্ব দিছো" ৷

অনুপমে লগতে কৈছে, "আপুনি গ্ৰাহকৰ বাবে বস্তু প্ৰস্তুত কৰে, কিন্তু যেতিয়া সমস্যা আৰম্ভ হয়, যেতিয়া গ্ৰাহকে তাক অৱমাননা কৰিবলৈ আৰম্ভ কৰে ৷ মহানতা এক সামূহিক প্ৰচেষ্টা আৰু মই এই কথা তেলুগু ছবিৰ পৰা শিকিলোঁ ৷ মই এখন তেলুগু ছবি কৰিছো আৰু এতিয়া এখন মালয়ালম ছবি কৰিবলৈ ওলাইছো" ৷

সদ্য মুক্তিপ্ৰাপ্ত তেলুগু ছবি ‘কাৰ্থিকেয়া-2’ত অনুপম খেৰক দেখা গৈছে । বক্স অফিচত উপাৰ্জনৰ ক্ষেত্ৰত এই ছবিখনে বলীউডৰ ‘লাল সিং চাড্ডা’ আৰু ‘ৰক্ষা বন্ধন’ৰ দৰে ছবিক নেওচি আগুৱাই গৈছে । ‘কাৰ্থিকেয়া-2’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দক্ষিণৰ অভিনেতা নিখিল সিদ্ধাৰ্থে । অনুপম খেৰে শেহতীয়াকৈ এক সাক্ষাৎকাৰত দক্ষিণ ভাৰতীয় ছবিৰ দৃষ্টিভংগীক প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : Emergency ত ছেম মানেকশ্ব’ৰ চৰিত্ৰ ৰূপায়ণ কৰিব মিলিন্দ সুমনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.