ETV Bharat / entertainment

অ’টিটিত মুক্তি পাব দ্য ভেকচিন ৱাৰ, কেতিয়া আৰু ক’ত চাব পাৰিব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 1:41 PM IST

The Vaccine War OTT: বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ ছবি দ্য ভেকচিন ৱাৰ ছবিগৃহৰ পিচত এতিয়া অ’টিটিত মুক্তিৰ বাবে সাজু হৈছে । নানা পাটেকাৰে দ্য ভেকচিন ৱাৰৰ ষ্ট্ৰীমিং সন্দৰ্ভত এটা আপডেট শ্বেয়াৰ কৰিছে ।

The Vaccine War OTT release: Know When, where to watch Vivek Agnihotri film
দ্য ভেকচিন ৱাৰ অ’টিটি মুক্তি পাব

চিটাৰা ডেস্ক, ২৩ নৱেম্বৰ: অ’টিটিত মুক্তি লাভ কৰিব বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য ভেকচিন ৱাৰ’ । যোৱা মাহত ছবিখন ছবিগৃহত মুক্তি পাইছিল । কিন্তু ছবিগৃহত দ্য ভেকচিন ৱাৰে দেখুৱাব নোৱাৰিলে যাদু ৷ ইয়াৰ মাজতে এতিয়া ছবিখন অ’টিটিত মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে নিৰ্মাতাই ।

কভিড-১৯ মহামাৰীৰ সময়ত ভাৰতে নিজাববীয়াকৈ ভেকচিন তৈয়াৰ কৰাৰ কাহিনী দেখুওৱা হৈছে ‘দ্য ভেকচিন ৱাৰ’ত । ছবিখনত আইচিএমআৰ আৰু এনআইভিৰ বিজ্ঞানী আৰু চিকিৎসকে ভেকচিন নিৰ্মাণৰ বাবে কৰা সংগ্ৰাম দেখুৱাইছে ।

নানা পাটেকাৰে শ্বেয়াৰ কৰিলে আপডেট

দ্য ভেকচিন ৱাৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নানা পাটেকাৰে । তেওঁ নিজৰ এক্স একাউণ্টত ছবিখনৰ অ’টিটি মুক্তিৰ আপডেট শ্বেয়াৰ কৰিছে । অভিনেতাগৰাকীয়ে লিখিছে, “যিখন পৃথিৱীত সাহসে সংকটৰ সন্মুখীন হয়, তেনে এখন পৃথিৱীত ভৰি দিয়ক ।”

ছবিখন কেতিয়া আৰু ক’ত ষ্ট্ৰীম কৰা হ’ব ?

দ্য ভেকচিন ৱাৰৰ ষ্ট্ৰীমিং প্লেটফৰ্মৰ কথা ক’বলৈ গ’লে ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব ছবিখন । কাইলৈ ​​অৰ্থাৎ ২৪ নৱেম্বৰত অ'টিটিত মুক্তি পাব ছবিখন ।

ছবিখনৰ ষ্টাৰকাষ্ট

দ্য ভেকচিন ৱাৰ পৰিচালনা কৰিছে বিবেক অগ্নিহোত্ৰীয়ে । তেওঁৰ পত্নী পল্লৱী যোশীৰ প্ৰডাকচন হাউচ আই এম বুদ্ধৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । দ্য ভেকচিন ৱাৰৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অনুপম খেৰ, ৰাইমা সেন, সপ্তমী গৌড়া, পল্লৱী যোশী আৰু নানা পাটেকাৰে । দ্য ভেকচিন ৱাৰ হিন্দীকে ধৰি আন বহু ভাষাতো মুক্তি লাভ কৰিছে ।

দ্য ভেকচিন ৱাৰ বক্স অফিচ কালেকচন

দ্য কাশ্মীৰ ফাইলছৰ দৰে ছুপাৰহিট ছবি দিয়াৰ পিচত বিবেক অগ্নিহোত্ৰীৰ দ্বিতীয়খন ছবিৰ পৰা দৰ্শকে বহুত আশা কৰিছিল । কিন্তু মুক্তিৰ পিচত বক্স অফিচত ব্যৰ্থ হয় দ্য ভেকচিন ৱাৰ ।

কিমান কোটি টকাত সীমাবদ্ধ হ’ল ছবিখনৰ উপাৰ্জন ?

বক্স অফিচত প্ৰায় ৮৫ লাখ টকাৰে আৰম্ভ হৈছিল ভেকচিন ৱাৰৰ যাত্ৰা । Sacnilk ৰ প্ৰতিবেদন অনুসৰি, The Vaccine War-এ সমগ্ৰ দেশতে মাত্ৰ ১০ কোটি টকাৰ ব্যৱসায় কৰিছে ।

লগতে পঢ়ক: ভাগিনীয়েকৰ ছবিৰ প্ৰদৰ্শনীত ষ্টাইলত প্ৰৱেশ ছলমান খানৰ, এইসকল তাৰকাকো দেখা গ’ল দৰ্শনীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.