ETV Bharat / entertainment

Rhea Chakraborty On Sushant Singh: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল ? ক’লে অভিনেতাগৰাকীৰ প্ৰেমিকাই - সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰকৃত কাৰণ

সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত পোনপ্ৰথমবাৰৰ বাবে মুকলিকৈ ক’লে ৰিয়া চক্ৰৱৰ্তীয়ে ৷ লগতে ৰিয়াৰ আগৰ জীৱন আৰু এতিয়াৰ জীৱনৰ পাৰ্থক্যৰ বিষয়েও উল্লেখ কৰিছে ৷

'The truth I know': Rhea Chakraborty says 'never fully understand' what drove Sushant Singh Rajput to take extreme step
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত মুকলিকৈ ক’লে ৰিয়া চক্ৰৱৰ্তী
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 3:19 PM IST

চিটাৰা ডেস্ক, 6 অক্টোবৰ: প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিচতে ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামত থাকে ৰিয়া চক্ৰৱৰ্তী । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে । পূৰ্বৰ জীৱন আৰু এতিয়াৰ মাজত কি পাৰ্থক্য আছে সেয়াও ক’লে অভিনেত্ৰীগৰাকীয়ে ৷ ৩১ বছৰ বয়সত নিজকে ৮১ বছৰীয়া বৃদ্ধাৰ দৰে অনুভৱ হৈছিল ৰিয়াৰ । কিন্তু এতিয়া অভিনেত্ৰীগৰাকীয়ে থেৰাপীৰ সহায় লৈ সুস্থ হৈ উঠিছে ৷

শেহতীয়াকৈ এটা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰিয়া চক্ৰৱৰ্তীয়ে কয়- ‘জীৱনটো এটা বৃত্ত । এতিয়া সংবাদ মাধ্যমৰ লগত কথা পাতি আছো । জীৱনটো আগবাঢ়িছে । নতুন মইজনী পূৰ্বতকৈ বহুত বেলেগ । আগতে ৩১ বছৰ বয়সত মোৰ ভিতৰত ৮১ বছৰীয়া বৃদ্ধাৰ দৰে অনুভৱ হৈছিল । কঠিন সময়ত আপুনি দেৱদাস হোৱাৰ পথ বাছি ল’ব পাৰিব বা থেৰাপীৰ সহায় লৈ আগবাঢ়ি যাব পাৰিব । মই থেৰাপীৰ সহায় লৈছিলো ।'

‘ডাইনী নামটো মোৰ ভাল লাগিল’- ৰিয়া

ৰিয়াই কয় যে ৰিয়াৰ ভিতৰৰ আত্মাটোৱে ৰিয়াক কৈছিল এদিন সকলো ঠিক হ’ব ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুত তেওঁৰ কিবা ভূমিকা আছিল নেকি বুলি সোধা প্ৰশ্নত অভিনেত্ৰীগৰাকীয়ে কয় ,‘‘যেতিয়া মই মানুহৰ মুখলৈ চাওঁ তেতিয়া এনেকুৱা লাগে যে তেওঁলোকে মোৰ ফালে চাই ভাবি আছে যে মই কিবা এটা ভুল কৰিছো । মানুহৰ মুখ পঢ়িব পাৰোঁ । ডাইনী নামটো মোৰ ভাল লাগিল আৰু মোৰ আপত্তি নাছিল ।’’ সুশান্ত সিঙৰ আত্মহত্যা সন্দৰ্ভত ৰিয়াই কয় যে সুশান্তে কিয় তেনে কৰিলে তেওঁ নাজানে । কিন্তু সুশান্ত কোনটো অৱস্থাৰ মাজৰে পাৰ হৈছে সেইটো অভিনেত্ৰীগৰাকীয়ে জানে ৷

উল্লেখ্য যে, ২০২০ চনত নিজ বাসগৃহত আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুতে । সেই সময়ত ৰিয়া আছিল সুশান্তৰ প্ৰেমিকা ৷ এনে পৰিস্থিতিত সুশান্তৰ মৃত্যুৰ পিচত ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত বহু অভিযোগ উত্থাপন হৈছিল । ৰিয়া আৰু সুশান্ত সেই সময়ত প্ৰেমৰ সম্পৰ্কত আছিল আৰু ইয়াৰ মাজতে সুশান্তৰ এই হঠাৎ পদক্ষেপে ৰিয়াৰ ওপৰত সন্দেহৰ আঙুলি উঠিছিল ৷ ইয়াৰ বাবে আনকি ৰিয়া কাৰাগাৰলৈও যাবলগীয়া হৈছিল আৰু ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক ব্যাপকভাৱে সমালোচনা কৰা হৈছিল ৷

লগতে পঢ়ক: Adah Sharma: সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা ফ্লেট ক্ৰয় কৰিলে এইগৰাকী অভিনেত্ৰীয়ে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.