ETV Bharat / entertainment

Sahibaa out now: ছাহিবা গীতটিত দেখা গ’ল বিকি আৰু মনুষীৰ ৰোমান্টিক কেমেষ্ট্ৰী, চাওঁক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:08 PM IST

বিকি কৌশল আৰু মনুষী চিল্লাৰৰ অভিনীত গ্ৰেট ইণ্ডিয়ান ফেমিলিৰ দ্বিতীয়টি গীত মুকলি ৷ ৰোমান্টিক গীত ‘ছাহিবা’ মুকলি ৷

The Great Indian Family Song Sahibaa out now: Sahibaa song shows chemistry between Vicky Kaushal and Manushi Chhillar
ছাহিবা গীত মুকলি

চিটাৰা ডেস্ক, 15 ছেপ্টেম্বৰ: ৰোমান্টিক কমেডী ছবি জাৰা হাটকে জাৰা বাচকেৰ জৰিয়তে বক্স অফিচত সফলতা লাভ কৰা বিকি কৌশলে এতিয়া তেওঁৰ আগন্তুক ছবি দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলিৰ মুক্তিৰ বাবে সাজু হৈছে । এই পাৰিবাৰিক কমেডী-নাটক ছবিখনত প্ৰথমবাৰৰ বাবে বিকি কৌশলক দেখা যাব মিছ ৱৰ্ল্ড ২০১৭ মনুষী চিল্লাৰৰ সৈতে । ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ আৰু প্ৰথমটো গীত ‘কানহাইয়া টুইটাৰ পে আজা’ মুক্তি লাভ কৰিছে ৷ এতিয়া ছবিখনৰ মুখ্য যুটিৰ আধাৰত নিৰ্মিত ৰোমান্টিক সুৰ ‘ছাহিবা’ শীৰ্ষক এটা নতুন গীত নিৰ্মাতাই মুকলি কৰিছে।

  • " class="align-text-top noRightClick twitterSection" data="">

বিকিৰ হৃদয়ৰ ৰাণী হৈ পৰিল মনুষী

দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলিৰ ছাহিবা গীতটোত ৰক কৰিছে বিকি কৌশল আৰু মনুষী চিল্লাৰে । ১৫ ছেপ্টেম্বৰ শুকুৰবাৰে দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি ছবিখনৰ দলটোৱে চাউণ্ডট্ৰেকৰ পৰা ছাহিবা শীৰ্ষক এটা নতুন গীত মুকলি কৰে । এই ৰোমান্টিক গীতটোৰ সংগীত পৰিচালক হৈছে প্ৰীতম । এই গীতটিৰ কথা লিখিছে অমিতাভ ভট্টাচাৰ্যই । গীতটিত কণ্ঠদান কৰিছে দৰ্শন ৰাৱাল আৰু অন্তৰা মিত্ৰাই।

ভজন গায়কৰ ৰূপত বিকি কৌশল

গীতটোত ভজন গায়ক চেনচেচন ভজন কুমাৰৰ চৰিত্ৰত অভিনয় কৰা বিকি কৌশলে বিচাৰি পায় ‘নিজৰ হৃদয়ৰ ৰাণী’ক মনুষী চিল্লাৰৰ ৰূপত। এই ৰোমান্টিক গীতটিৰ বাবে অন-স্ক্ৰীণ যুটি বিকি আৰু মনুষী একত্ৰিত হৈছে ৷ গীতটিৰ বাবে বিকিয়ে ৰঙা চ্যুট পৰিধান কৰিছে আৰু মনুষীয়ে সোণালী ৰঙৰ জিলিকি থকা ড্ৰেছ পৰিধান কৰিছে । বৈভৱী মাৰ্চেণ্টে কোৰিঅ’গ্ৰাফী কৰিছে গীতটি ৷

অনুৰাগীয়ে গীতটিক প্ৰশংসা কৰিছে

ছাহিবা গীতটি ইউটিউবত মুক্তি পোৱাৰ লগে লগে অনুৰাগীয়ে প্ৰশংসা আৰু মন্তব্য কৰিবলৈ আৰম্ভ কৰে । এজন অনুৰাগীয়ে লিখিছে, দৰ্শনৰ কণ্ঠ বৰ সুখদায়ক ! এই গীতটো মোৰ বৰ ভাল লাগিল ৷ আনহাতে আন এজনে ক’লে, বৰ্তমান এইটো মোৰ প্ৰিয় গীত, প্ৰীতম ছাৰৰ সংগীত আৰু দৰ্শনৰ কণ্ঠত ভাল লাগিল এই ৰোমান্টিক গীতটো ।

অহা ২৫ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন

গ্ৰেট ইণ্ডিয়ান ফেমিলিত মনোজ পাহৱা, কুমুদ মিশ্ৰ, সাদিয়া ছিদ্দিকী, অলকা আমিন, সৃষ্টি দীক্ষিত, ভুৱন অৰোৰাকে ধৰি বহু সহযোগী অভিনেতা আছে । বিজয় কৃষ্ণ আচাৰ্যৰ পৰিচালিত আৰু যশ ৰাজ ফিল্মছৰ বেনাৰত আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত এই ছবিখন অহা ২৫ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব।

লগতে পঢ়ক: The Great Indian Family Trailer: বলৰামপুৰৰ ৰজা ভজন কুমাৰ, বিকি কৌশলৰ ছবিৰ ট্ৰেইলাৰে হাঁহিবলৈ বাধ্য কৰাব আপোনাকো, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.