ETV Bharat / entertainment

Thangalaan teaser: থাংগালানৰ শক্তিশালী টিজাৰ মুকলি, টিজাৰত বিক্ৰমৰ লুক দেখি গাৰ নোম শিয়ৰি উঠিব আপোনাৰো

চিয়ান বিক্ৰমৰ অভিনীত ছবি 'থাংগালান'ৰ শক্তিশালী টিজাৰ মুকলি ৷ 'থাংগালান' বাস্তৱ জীৱনৰ আধাৰত নিৰ্মিত ছবি ৷ টিজাৰত বিক্ৰমৰ লুক দেখি গাৰ নোম শিয়ৰি উঠিব আপোনাৰ ৷ ইয়াত চাওক টিজাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 3:12 PM IST

Thangalaan teaser: Vikram is unswerving leader as the 'son of gold' in intriguing glimpse from Pa Ranjith film
থাংগালানৰ শক্তিশালী টিজাৰ মুকলি

চিটাৰা ডেস্ক, 1 নৱেম্বৰ: দক্ষিণৰ জনপ্ৰিয় অভিনেতা চিয়ান বিক্ৰম বৰ্তমান কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ নিজৰ ছবিত ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰাৰ বাবে জনপ্ৰিয় বিক্ৰম ৷ কেতিয়াবা যদি নায়কৰ ৰূপত কেতিয়া ভিলেইনৰ ৰূপত, কেতিয়াবা আকৌ এখন ছবিতেই বহুকেইটা চৰিত্ৰত অভিনয় কৰি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে বিক্ৰমে ৷ সেয়েহে, বহুমুখী অভিনেতাগৰাকীৰ নতুন ছবিৰ বাবে অপেক্ষা কৰি থাকে অনুৰাগী ৷ এতিয়া অভিনেতাগৰাকীক পুনৰ আন এখন ছবিত ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰা দেখা যাব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

হয়, চিয়ান বিক্ৰমৰ এখন শক্তিশালী ছবি অহা বছৰ ছবিগৃহত মুক্তি পাব আৰু ইয়াৰ প্ৰথম লুকৰ টিজাৰ আজি মুক্তি লাভ কৰিছে । ছবিখনৰ নাম ‘থাংগালান’ ৷ এই ছবিখনৰ এটা শক্তিশালী টিজাৰ আজি নিৰ্মাতাই মুক্তি দিছে । এতিয়ালৈকে দক্ষিণৰ ছবিত আপুনি দেখিছে ‘পুষ্পা’ত ৰঙা চন্দন কাঠৰ চোৰাংচোৱা আৰু কে জি এফত কয়লা খনিৰ প্ৰচণ্ড কাহিনী, এতিয়া এই চিনেমাখনত দেখুওৱা হ’ব কোলাৰ গোল্ড ফিল্ডছৰ কাহিনী ৷ এই ছবিখন এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে । কোনো সংলাপ নোহোৱাকৈ 1.32 ছেকেণ্ডৰ এই ভিডিঅ’টোত বিক্ৰমক দেখি স্তম্ভিত হ’ব আপুনি ।

চিয়ান বিক্ৰমৰ উপৰিও ‘থাংগালান’ ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব মালবিকা মহননক । ইয়াৰ উপৰিও পাৰ্বতী থিৰুভোথু, পসুপতি, ডেনিয়েল কালটাজিৰন আৰু হৰিকৃষ্ণন অম্বুদুৰাইক দেখা যাব ছবিখনত ।

কেতিয়া মুক্তি পাব ‘থাংগালান’ ?

এই ছবিখন ২০২৪ চনৰ ২৬ জানুৱাৰীত ছবিগৃহত মুক্তি পাব বুলি ইতিমধ্যে নিৰ্মাতাসকলে ঘোষণা কৰিছিল । তামিল, কানাড়া আৰু মালয়ালম ভাষাৰ উপৰিও হিন্দী ভাষাতো মুক্তি পাব ছবিখন ।

কোনে পৰিচালনা কৰিছে এই ছবিখন ?

‘থাংগালান’ ছবিখন পৰিচালনা কৰিছে পা ৰঞ্জিতে । আনহাতে ছবিখন প্ৰযোজনা কৰিছে কে ই জ্ঞানভেলৰাজাই । এই ছবিখনৰ উপৰিও হাই একচন চিনেমা ‘Dhruva Natchathiram: Chapter One – Yuddha Kaandam’তো দেখা যাব চিয়ান বিক্ৰমক ।

লগতে পঢ়ক: Tiger 3 Advance Booking: পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ‘টাইগাৰ ৩’ৰ প্ৰথম শ্ব’, এডভান্স বুকিঙৰ তাৰিখ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.