চিটাৰা ডেস্ক, ১১ ছেপ্টেম্বৰ: ছবি জগতৰ হীৰা ৰজনীকান্ত । দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ ফেন-ফ’ল’য়িং এনেকুৱা যে দক্ষিণত তেওঁক পূজা কৰে অনুৰাগীয়ে । কেইবা দশক ধৰি ছবিজগতত চলি আছে ৰজনীকান্তৰ যাদু ৷ ৰজনীকান্তৰ শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘জেইলাৰে’ প্ৰমাণ কৰিছে যে ৰজনীকান্তৰ উন্মাদনা এতিয়াও শেষ হোৱা নাই। এই ছবিখনৰ ব্যাপক সফলতাৰ পিচতে এতিয়া ৰজনীকান্তক দেখা পোৱা যাব আন এক ৰোমাঞ্চকৰ প্ৰজেক্টত ।
বহু দশক ধৰি চিনেমা জগতখনত শাসন কৰি আহিছে ৰজনীকান্তে । হিন্দী আৰু দক্ষিণৰ ছবিত কাম কৰা ৰজনীকান্তৰ ছবি যেতিয়াই আহে, তেতিয়াই দৰ্শকৰ মাজত আবেগ বাঢ়ি যায় । তেওঁৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰে । তেওঁৰ আগন্তুক ছবিখনৰ নাম হৈছে ‘থালাইভাৰ ১৭১’ ৷
ৰজনীকান্তৰ আগন্তুক ছবিৰ ঘোষণা
বহুদিন ধৰি চৰ্চা চলিছিল যে ৰজনীকান্তে ছবি নিৰ্মাতা লোকেশ কাংগৰাজৰ সৈতে এখন চিনেমাত একেলগে কাম কৰিব । এতিয়া নিৰ্মাতাই নিজেই ঘোষণা কৰিছে এই কথা । ছ’চিয়েল মিডিয়াত ৰজনীকান্তৰ আগন্তুক ছবি ‘থালাইভাৰ ১৭১’ৰ কথা ঘোষণা কৰিছে ছান পিকচাৰ্ছে ।
-
Excited to be joining hands with Thalaivar @rajinikanth Sir for #Thalaivar171 with @sunpictures
— Lokesh Kanagaraj (@Dir_Lokesh) September 11, 2023 " class="align-text-top noRightClick twitterSection" data="
An @anirudhofficial Musical
An @anbariv stunt https://t.co/ISP10GqyxY
">Excited to be joining hands with Thalaivar @rajinikanth Sir for #Thalaivar171 with @sunpictures
— Lokesh Kanagaraj (@Dir_Lokesh) September 11, 2023
An @anirudhofficial Musical
An @anbariv stunt https://t.co/ISP10GqyxYExcited to be joining hands with Thalaivar @rajinikanth Sir for #Thalaivar171 with @sunpictures
— Lokesh Kanagaraj (@Dir_Lokesh) September 11, 2023
An @anirudhofficial Musical
An @anbariv stunt https://t.co/ISP10GqyxY
প্ৰডাকচন হাউছে জাৰি কৰা পোষ্টটোৰ কেপচনত লিখা আছিল, "ছুপাৰষ্টাৰ ৰজনীকান্তৰ থালাইভাৰ ১৭১ ছবিখন ঘোষণা কৰি আমি সুখী । ইয়াৰ লেখক আৰু পৰিচালক লোকেশ কাংগৰাজ । সংগীতৰ সুৰ অনিৰুদ্ধ ৰবিচন্দৰ, আনহাতে অনবাৰীব ষ্টাণ্ট মাষ্টাৰ হ’ব।"
-
We are happy to announce Superstar @rajinikanth’s #Thalaivar171
— Sun Pictures (@sunpictures) September 11, 2023 " class="align-text-top noRightClick twitterSection" data="
Written & Directed by @Dir_Lokesh
An @anirudhofficial musical
Action by @anbariv pic.twitter.com/fNGCUZq1xi
">We are happy to announce Superstar @rajinikanth’s #Thalaivar171
— Sun Pictures (@sunpictures) September 11, 2023
Written & Directed by @Dir_Lokesh
An @anirudhofficial musical
Action by @anbariv pic.twitter.com/fNGCUZq1xiWe are happy to announce Superstar @rajinikanth’s #Thalaivar171
— Sun Pictures (@sunpictures) September 11, 2023
Written & Directed by @Dir_Lokesh
An @anirudhofficial musical
Action by @anbariv pic.twitter.com/fNGCUZq1xi
ৰজনীকান্তৰ থালাইভাৰ ১৭১ ৰ লগত জৱানৰ কি সম্পৰ্ক আছে ?
শেহতীয়াকৈ মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি ‘জৱান’ বক্স অফিচত সৃষ্টি কৰিছে ধুমুহাৰ । ছবিখনৰ গীতবোৰো হিট হৈ পৰাত ৰাইজে যথেষ্ট প্ৰশংসা কৰিছে। ৰজনীকান্তৰ ছবি ‘থালাইভাৰ ১৭১’ৰ সৈতে ‘জৱান’ৰ এক বিশেষ সম্পৰ্ক আছে । আচলতে ‘জৱান’ক চমৎকাৰী সংগীত দিয়া অনিৰুদ্ধ ৰবিচন্দৰে ‘থালাইভাৰ ১৭১’ৰ বাবেও গীত ৰচনা কৰিব ।
উল্লেখ্য যে ৰজনীকান্তৰ ‘জেইলাৰ’ ছবিখন ২০২৩ চনৰ ১০ আগষ্টত মুক্তি লাভ কৰিছিল । এই ছবিখনে বিশ্বজুৰি ৬০০ কোটি টকা সংগ্ৰহ কৰিছে । ৰজনীকান্তৰ উপৰিও তামান্না ভাটিয়া আৰু জেকী শ্ৰফেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।
লগতে পঢ়ক: Jailer On OTT: OTT মুক্তিৰ ঘোষণা জেইলাৰ, কেতিয়া আৰু কোনটো OTT প্লেটফৰ্মত চাব পাৰিব জানি লওক