চিটাৰা ডেস্ক, ২২ ছেপ্টেম্বৰ: ১৯ ছেপ্টেম্বৰত তামিল অভিনেতা তথা সংগীত সুৰকাৰ বিজয় এণ্টনীৰ কন্যা মীৰাই আত্মহনন কৰিছিল ৷ মৃত্যুৰ সময়ত মীৰাৰ বয়স আছিল মাত্ৰ ১৬ বছৰ ৷ ইমান কম বয়সত মীৰাই কিয় ইমান ডাঙৰ পদক্ষেপ ল’লে সেয়া এতিয়ালৈকে প্ৰকাশ হোৱা নাই । কন্যাৰ মৃত্যুৰ পিচত এতিয়া প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজয় এণ্টনীয়ে । ২১ ছেপ্টেম্বৰত ছ’চিয়েল মিডিয়াত কন্যাক লৈ এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে ।
নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত তামিল ভাষাত এটা পোষ্ট দি বিজয়ে নিজৰ কন্যাক হেৰুৱাৰ শোক প্ৰকাশ কৰে । পোষ্টটো শ্বেয়াৰ কৰি তামিল অভিনেতাগৰাকীয়ে কেপচনত লিখিছে ‘‘তুমি আমাৰ এটা অংগ, তোমাৰ হৃদয় শক্তিশালী আৰু আমি তোমাৰ দুখ বুজিব পাৰো, তোমাক সদায় ভাল পাওঁ ।’’
- — vijayantony (@vijayantony) September 21, 2023 " class="align-text-top noRightClick twitterSection" data="
— vijayantony (@vijayantony) September 21, 2023
">— vijayantony (@vijayantony) September 21, 2023
বিজয় এণ্টনীয়ে পোষ্টটোত লগতে লিখিছে ‘‘মোৰ ছোৱালী মীৰা এগৰাকী মৰম লগা আৰু সাহসী ছোৱালী আছিল । মোৰ কন্যা এতিয়া এনে এখন উন্নত আৰু শান্তিপূৰ্ণ ঠাইত আছে য’ত জাতি, ধৰ্ম, ধন, ঈৰ্ষা, যন্ত্ৰণা, দৰিদ্ৰতা আৰু শত্ৰুতা নাই । মোৰ কন্যাই এতিয়াও মোৰ লগত কথা পাতি আছে । মই তাইৰ লগত মৰি গৈছো । এতিয়া মই তাইৰ বাবে সময় কটাবলৈ আৰম্ভ কৰিছোঁ । এতিয়া মই তাইৰ হৈ ভাল কাম কৰিম ।’’
ডিপ্ৰেছনত ভুগি আছিল মীৰা !
উল্লেখ্য যে এণ্টনীৰ কন্যা মীৰাৰ আত্মহত্যা তামিল চলচ্চিত্ৰ জগতৰ বাবে আছিল এক চাঞ্চল্যকৰ খবৰ । ১৬ বছৰীয়া মীৰাক কোঠালিৰ পৰা চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ডিপ্ৰেছনত ভুগি আছিল মীৰা ৷ ইয়াৰ বাবে মীৰাৰ চিকিৎসাও চলি আছিল । স্কুলৰ অতি প্ৰতিভাসম্পন্ন ছাত্ৰী আছিল মীৰা ৷ ইয়াৰ উপৰিও চেন্নাইৰ ছেক্ৰেড হাৰ্ট মেট্ৰিক স্কুলৰ মুখ্য সাংস্কৃতিক সম্পাদিকা আছিল মীৰা । মীৰা আছিল বিজয়ৰ জ্যেষ্ঠ কন্যা । ইয়াৰ উপৰিও তেওঁৰ আন এগৰাকী কনিষ্ঠ কন্যা সন্তান আছে যাৰ নাম লাৰা।
লগতে পঢ়ক: Vijay Antony: তামিল অভিনেতা বিজয় এণ্টনীৰ ১৬ বছৰীয়া কন্যাৰ আত্মহনন