চিটাৰা ডেস্ক, 13 মাৰ্চ: দেওবাৰে বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে বিবাহৰ দুটাকৈ অনুষ্ঠানৰ আয়োজন কৰে ৷ ইয়াৰে প্ৰথমটো হ’ল পুৱা মেহেন্দী অনুষ্ঠান আৰু তাৰ পিচত সন্ধিয়া অনুষ্ঠিত হয় সংগীত অনুষ্ঠান । ইফালে স্বৰাৰ বিবাহৰ অনুষ্ঠানৰ শোভা বঢ়াবলৈ লোকগায়িকা দীন খানক আমন্ত্ৰণ জনাইছিল স্বৰাই (Swara and Fahad)। স্বৰা আৰু ফাহাদে নিজৰ নিজৰ ছ’চিয়েল মিডিয়া একাউন্টৰ ষ্ট’ৰীত #SwaadAnusaar হেচটেগেৰে ফটোসমূহ শ্বেয়াৰ কৰে ।
স্বৰা আৰু ফাহাদৰ হালদী অনুষ্ঠান ৰূপান্তৰিত হয় হোলীৰ উৎসৱলৈ ৷ হালদী অনুষ্ঠানৰ পিচত স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদে আনন্দৰে মেহেন্দি অনুষ্ঠান পাৰ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে কমলা ৰঙৰ অনাৰ্কালীৰ পৰিধান কৰিছিল । অভিনেত্ৰীগৰাকীৰ লুকটো সম্পূৰ্ণ কৰিবলৈ মাং টিকা আৰু ডাঙৰ ডাঙৰ ঝুমকা বাছি লৈছিল । অভিনেত্ৰীগৰাকীয়ে নিজৰ চুলিকোচা বান ষ্টাইলত বন্ধাৰ বিপৰীতে স্বামী ফাহাদে বগা পাইজামাৰ সৈতে পাতল নীলা ৰঙৰ কুৰ্তা পৰিধান কৰিছিল । লগতে বগা ৰঙৰ কুৰ্তিত নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল ৰাজনৈতিক কৰ্মীগৰাকীয়ে ।
স্বৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত মেহেন্দি অনুষ্ঠানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে, ভিডিঅ’টোত স্বৰাক আড্ডাত ভোজ খাই থকা দেখা পোৱা যায় । দুয়োগৰাকীয়ে নিজৰ মেহেন্দিৰ ছবিও শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত । সন্ধিয়া অনুষ্ঠিত হোৱা সংগীত অনুষ্ঠানৰ বাবে স্বৰাই সেউজীয়া ৰঙৰ লেহেংগা পৰিধান কৰে (Swara Bhaskar wedding)।
ভিৰে ডি ৱেডিঙৰ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত মিউজিকেল নাইটৰ সজ্জা শ্বেয়াৰ কৰিছে । সংগীত ৰেডি বুলি কেপচন দিয়া এখন ছবিত দেখিবলৈ পোৱা যায় এখন সুন্দৰ গাঁৱৰ পৰিৱেশৰ পটভূমিত ৰখা দুখন ফুলৰ চকী । সংগীতৰ বাবে স্বৰা আৰু ফাহাদে সেউজীয়া ৰঙৰ সাজ পৰিধান কৰে ৷ ফাহাদে একে ৰঙৰ কুৰ্তা পাইজামা বাছি লৈছিল (Swara Bhaskers wedding festivities)।
উল্লেখ্য যে স্বৰাই CAA প্ৰতিবাদৰ সময়ত প্ৰথমবাৰৰ বাবে লগ পাইছিল ফাহাদক ৷ তাৰ পিচতে দুয়োৰে মাজত গঢ়ি উঠিছিল বন্ধুত্ব ৷ দীৰ্ঘদিনীয়া বন্ধুত্বৰ পিচত দুয়োগৰাকীৰ মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক ৷ অৱশেষত প্ৰেমৰ সম্পৰ্কই নাম পালে স্বামী-স্ত্ৰীৰ ৷
লগতে পঢ়ক: Swara Bhasker wedding: ককা-আইতাকৰ দিল্লীৰ বাসগৃহত অনুষ্ঠিত হ’ব স্বৰাৰ বিবাহৰ অনুষ্ঠান