তিনিচুকীয়া, ২২ জুন: তিনিচুকীয়া জিলাত এক ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হ’ল বিষ্ণুপ্ৰসাদ ৰাভা দিৱস ৷ তিনিচুকীয়া জিলাৰ বাৰেকুৰিত বৰগাঁও সতী সাধিনী ভৱনত দুদিনীয়াকৈ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু যুৱ সংঘ আৰু মহিলা সমিতিৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হয় ৷ বৰগাঁও যুৱ সংঘ আৰু আদৰ্শ পুথিভঁৰালৰ উদ্যোগত, বৰগাঁও মহিলা সমিতি আৰু বাৰেকুৰিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷
এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি সুৰৰ দেউল খণ্ড-২ ৰ চূড়ান্ত প্ৰতিযোগিতাখনিও আয়োজন কৰা হয় ৷ দুদিনীয়াকৈ আয়োজন কৰা উক্ত সুৰৰ দেউল প্ৰতিযোগিতাত জিলাখনৰ লগতে কাষৰীয়া অঞ্চলৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ১৩ আৰু ১৪ জুনত মাকুমৰ বনমালী ভৱনত আয়োজন কৰা প্ৰাথমিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা নিৰ্বাচন হোৱা মুঠ ১২ গৰাকী প্ৰতিযোগীৰ মাজত বুধবাৰে সন্ধিয়াৰ পৰা প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় ।
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহৰ লগতে থলুৱা গীতসমূহ যাতে যুৱ প্ৰজন্মই আদৰি লয় আৰু শিকাৰ চেষ্টা কৰে সেই উদ্দেশ্যে আগত ৰাখি এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হয় এই অনুষ্ঠানটো ৷ উল্লেখ্য যে বুধবাৰে উক্ত চূড়ান্ত প্ৰতিযোগিতাখনিৰ সঞ্চালক হিচাপে উপস্থিত থাকে অসমৰ ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া ।
উল্লেখ্য যে বুধবাৰে পুৱাই তৰ্ক প্ৰতিযোগিতা, একক অভিনয় আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হয় আৰু লগতে থাকে বঁটা বিতৰণী অনুষ্ঠান ৷ সুৰৰ দেউল খণ্ড-২ এইবৰ্ষত প্ৰথম স্থান লাভ কৰে প্ৰিঞ্চিপ্ৰিয়া নাথে, দ্বিতীয় স্থান লাভ কৰে প্ৰীতম দত্তই আৰু তৃতীয় স্থান লাভ কৰে কাবেৰী ফুকনে ৷
লগতে পঢ়ক: Shri Raghupati: শ্ৰী ৰঘুপতি চাই কি ক’লে মন্ত্ৰী ৰণজিৎ দাসে?