চিটাৰা ডেস্ক, 23 নৱেম্বৰ: দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্যৰ সন্দৰ্ভত আহিছে এটা ডাঙৰ খবৰ । সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুৰ্ঘটনাত পতিত হৈছে ছুপাৰষ্টাৰগৰাকী । ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত দুৰ্ঘটনাত পতিত হয় অভিনেতাগৰাকী । এই দুৰ্ঘটনাৰ পিচতে তৎক্ষণাত ফিল্ম ইউনিটক সতৰ্ক কৰি দিয়া হয় । ইফালে ছুপাৰষ্টাৰগৰাকীক ততাতৈয়াকৈ স্থানীয় চিকিৎসাললৈ লৈ যোৱা হয় ৷ উল্লেখ্য যে, এইকেইদিন সূৰ্য তেওঁৰ আগন্তুক ছবি ‘কাংগুভা’ৰ শ্বুটিঙত ব্যস্ত হৈ আছিল ।
কেনেকৈ আহত হৈছে সূৰ্য ?
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে তামিল অভিনেতা সূৰ্য । এই দুৰ্ঘটনাটো চেন্নাইত ‘কাংগুভা’ ছবিখনৰ শ্বুটিঙৰ সময়ত সংঘটিত হৈছে । খবৰ অনুসৰি ছবিখনৰ এটা দৃশ্যৰ চিত্ৰগ্ৰহণ কৰি থাকোঁতেই সূৰ্যৰ ওপৰত পৰি যায় কেমেৰা । যাৰ বাবে তেওঁৰ কান্ধত গুৰুতৰভাৱে আহত হয় । অৱশ্যে বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে । বৰ্তমানলৈকে অধিক তথ্য আমাৰ হাতলৈ অহা নাই ।
-
Anna is doing well guys. Nothing to worry. It's a minor injury and he will be back to the sets after a few days rest. @Suriya_offl - Get well soon na! #Kanguva ♥️ pic.twitter.com/y9DimwJRL8
— Suriya Fans Club (@SuriyaFansClub) November 23, 2023 " class="align-text-top noRightClick twitterSection" data="
">Anna is doing well guys. Nothing to worry. It's a minor injury and he will be back to the sets after a few days rest. @Suriya_offl - Get well soon na! #Kanguva ♥️ pic.twitter.com/y9DimwJRL8
— Suriya Fans Club (@SuriyaFansClub) November 23, 2023Anna is doing well guys. Nothing to worry. It's a minor injury and he will be back to the sets after a few days rest. @Suriya_offl - Get well soon na! #Kanguva ♥️ pic.twitter.com/y9DimwJRL8
— Suriya Fans Club (@SuriyaFansClub) November 23, 2023
‘কাংগুভা’ ছবিখনৰ শ্বুটিং চলি আছে
সূৰ্যৰ তামিলৰ লগতে তেলুগু জগততো ভাল ফেন ফ’ল’ৱাৰ আছে । তেওঁৰ ছবি টলিউডত ভাল বজাৰ দখল কৰে । সেইবাবেই সূৰ্যৰ প্ৰতিখন ছবি তেলুগু ভাষাত ডাব কৰা হয় । সম্প্ৰতি ‘কাংগুভা’ নামৰ এখন ছবিৰ শ্বুটিঙত ব্যস্ত হৈ আছিল অভিনেতাগৰাকী । এই ছবিখন পৰিচালনা কৰিছে একচন পৰিচালক হিচাপে বিখ্যাত শিৱই ।
-
.@Suriya_offl encountered a minor hand injury while filming for #Kanguva, leading to the suspension of the day's shoot. Sending wishes for the actor's swift recovery! 🥹❤️ Reports are circulating as if the actor narrowly escaped a life-threatening accident. An official statement… pic.twitter.com/XWM14q0pno
— KARTHIK DP (@dp_karthik) November 23, 2023 " class="align-text-top noRightClick twitterSection" data="
">.@Suriya_offl encountered a minor hand injury while filming for #Kanguva, leading to the suspension of the day's shoot. Sending wishes for the actor's swift recovery! 🥹❤️ Reports are circulating as if the actor narrowly escaped a life-threatening accident. An official statement… pic.twitter.com/XWM14q0pno
— KARTHIK DP (@dp_karthik) November 23, 2023.@Suriya_offl encountered a minor hand injury while filming for #Kanguva, leading to the suspension of the day's shoot. Sending wishes for the actor's swift recovery! 🥹❤️ Reports are circulating as if the actor narrowly escaped a life-threatening accident. An official statement… pic.twitter.com/XWM14q0pno
— KARTHIK DP (@dp_karthik) November 23, 2023
পলম হ’ব পাৰে শ্বুটিঙত
ঐতিহাসিক কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ সুন্দৰী অভিনেত্ৰী দিশা পাটানীয়ে । লগতে এই ছবিখন একেলগে ৩৮ টা ভাষাত মুক্তি দিয়া হ’ব । এই ছবিখনৰ মূল আকৰ্ষণ হ’ব একচন দৃশ্য । মুক্তি পোৱা পোষ্টাৰ আৰু ছবিখনৰ আভাসে ইতিমধ্যে অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে । প্ৰযোজকে কয় যে ‘কাংগুভা’ ছবিখন ৩৮ টা ভাষাত থ্ৰীডি আৰু আইমেক্স প্ৰযুক্তিৰে মুক্তি দিয়া হ’ব । কিন্তু এতিয়া সূৰ্যৰ আঘাতৰ বাবে দৃশ্যগ্ৰহণত পলম হোৱাৰ সম্ভাৱনা আছে ।
-
Suriya injured during #Kanguva shoot ☹️ pic.twitter.com/nuLchuJD0Q
— Christopher Kanagaraj (@Chrissuccess) November 23, 2023 " class="align-text-top noRightClick twitterSection" data="
">Suriya injured during #Kanguva shoot ☹️ pic.twitter.com/nuLchuJD0Q
— Christopher Kanagaraj (@Chrissuccess) November 23, 2023Suriya injured during #Kanguva shoot ☹️ pic.twitter.com/nuLchuJD0Q
— Christopher Kanagaraj (@Chrissuccess) November 23, 2023
লগতে পঢ়ক: অ’টিটিত মুক্তি পাব দ্য ভেকচিন ৱাৰ, কেতিয়া আৰু ক’ত চাব পাৰিব জানি লওক