ETV Bharat / entertainment

Mahesh Babu Bday Spcl: মহেশ বাবুৱে নাজানে তেলেগু ! মুখস্থ কৰি কয় সংলাপ, জানক মহেশ বাবুৰ বিষয়ে কিছু নজনা কথা

author img

By

Published : Aug 9, 2023, 1:08 PM IST

আজি দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ জন্মদিন ৷ ছুপাৰষ্টাৰগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ সৈতে জড়িত কিছু নজনা কথা ৷

Super Star Mahesh Babu Birthday Special: Unknown facts about Mahesh Babu
মহেশ বাবুৰ জন্মদিন

চিটাৰা ডেস্ক, 9 আগষ্ট: বৰ্তমান সময়ত কোনে চিনি নাপায় চাউথৰ ছুপাৰষ্টাৰ মহেশ বাবুক । শক্তিশালী অভিনয়ৰ ভিত্তিত নিজৰ এক বিশেষ পৰিচয় গঢ়ি তুলিছে মহেশ বাবুৱে । বৰ্তমান দক্ষিণৰ অন্যতম সফল অভিনেতা মহেশ বাবু । টলিউডৰ ৰাজকুমাৰ হিচাপে পৰিচিত মহেশ বাবু । মহেশ বাবুৰ ক্ৰেজ কেৱল দক্ষিণ ভাৰততে নহয়, সমগ্ৰ দেশতে দেখা যায় ।

তেওঁ দৰ্শকক উপহাৰ দিছে বহু ব্লকবাষ্টাৰ ছবি । অনুৰাগীসকলে আগ্ৰহেৰে তেওঁৰ ছবিৰ বাবে অপেক্ষা কৰি থাকে । যেতিয়াই ডাঙৰ পৰ্দাত তেওঁৰ এণ্ট্ৰি হয়, তেতিয়াই থিয়েটাৰৰ সকলো লোকে হাত চাপৰিৰে তেওঁক স্বাগতম জনায় ৷ এই দক্ষিণ তাৰকাগৰাকীয়ে আজি উদযাপন কৰিছে ৪৮ সংখ্যক জন্মদিন । ছুপাৰষ্টাৰগৰাকীৰ জন্মদিন উপলক্ষে তেওঁৰ লগত জড়িত কিছু আমোদজনক কথা জানো আহক ।

১৯৭৫ চনৰ ৯ আগষ্টত চেন্নাইত দক্ষিণ উদ্যোগৰ জনপ্ৰিয় অভিনেতা প্ৰযোজক-পৰিচালক শিৱ ৰাম কৃষ্ণ ঘাটমনেনীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল মহেশ বাবুৱে । মহেশ বাবুৱে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । চাৰি বছৰ বয়সতে ‘নীদা’ ছবিত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে । কিন্তু মুখ্য অভিনেতা হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘ৰাজকুমাৰুদু’ ছবিৰ জৰিয়তে । এই ছবিখনৰ জৰিয়তে তেওঁ টলীউডত আত্মপ্ৰকাশ কৰে । এই ছবিখনৰ পৰাই অৰ্জন কৰিছিল জনপ্ৰিয়তা ৷

শৈশৱৰ সময়চোৱা মাদ্ৰাছত মাতৃৰ ফালৰ পৰা আইতাকৰ লগত কটায় মহেশ বাবুৱে । চেন্নাইৰ লয়লা কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে । স্নাতক ডিগ্ৰী লাভ কৰাৰ পিচত মহেশ বাবুৱে অভিনয়ৰ প্ৰশিক্ষণৰ বাবে পৰিচালক এল সত্যানন্দক লগ পায় আৰু তিনি-চাৰি মাহ অভিনয়ৰ প্ৰশিক্ষণ লয় ৷ কিন্তু আপুনি জানেনে মহেশ বাবুৱে নাজানে তেলেগু লিখিব ।

তেওঁ নিজৰ সংলাপবোৰ অৰ্থাৎ ডাইলগবোৰ মুখস্থ কৰি মনত পেলাই তাৰ পিচত অভিনয় কৰে ৷ অভিনয়ৰ বাবে তেওঁ আঠটা নন্দী বঁটা, ৫ টা ফিল্মফেয়াৰ চাউথ বঁটা, চাৰিটা দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চিনেমা বঁটা, তিনিটা চিনেমা বঁটা আৰু এটা আইফা উৎসৱ বঁটা লাভ কৰিছে।

অভিনয়ৰ লগতে চলচ্চিত্ৰ নিৰ্মাণৰ জগতখনতো সক্ৰিয় মহেশ বাবু । মহেশ বাবু এণ্টাৰটেইনমেণ্ট নামেৰে তেওঁৰ নিজাকৈ প্ৰডাকচন হাউচ আছে । এই বছৰ অহা মেজৰ সন্দীপ উন্নিকৃষ্ণনৰ বায়’পিক ‘মেজৰ’ তেওঁৰ নিজা প্ৰডাকচন হাউছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে, য’ত অদিৱী শেশে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। অভিনয় আৰু চলচ্চিত্ৰ নিৰ্মাণৰ উপৰিও মহেশ বাবু সামাজিক কামতো সক্ৰিয়। তেওঁৰ হিল-এ-চাইল্ড নামৰ এটা এন জি অ’ আছে । ইয়াৰ উপৰিও তেওঁ দুখন গাঁওক তুলি লৈছে, এই দুখন গাঁৱৰ বৰণ পোষণ অভিনেতাগৰাকীয়ে কৰে ৷

তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ক’ব গ’লে মহেশ বাবুৱে ‘বামসী’ ছবিখনৰ শ্বুটিংৰ সময়ত সহ-অভিনেত্ৰী নম্ৰতা শিৰোডকাৰৰ সৈতে ডেটিং কৰিছিল । এয়া ২০০২ চনৰ কথা । চাৰি বছৰৰ প্ৰেমৰ অন্তত নম্ৰতা আৰু মহেশ বাবুৱে বিয়া কৰোৱাৰ সিদ্ধান্ত লয় । ২০০৫ চনৰ ১০ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আৱদ্ধ হয় ৷

মহেশ বাবু কেৱল অভিনয়তেই নহয়, গায়ন-বায়নৰ ক্ষেত্ৰতো কিছু চেষ্টা কৰিছিল । ‘জলছা’ আৰু ‘বাদশ্বাহ’ ছবিৰ বাবে কণ্ঠদান কৰিছে মহেশে । ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ ছবি বিজনেছমেনৰ বাবেও এটি গীত গাইছে । ইফালে ২০১৩ চনত মহেশ বাবুৱে শ্বাহৰুখ, আমিৰ আৰু ছলমানক হৰুৱাই প্ৰথম স্থান দখল কৰি টাইমছ মষ্ট ডেজায়াৰেবল মেন হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক: Hansika Motwani Birthday: শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা হান্সিকাৰ বিৰুদ্ধে উত্থাপন হৈছিল কেইবাটাও অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.