ETV Bharat / entertainment

Mera Pya Ghar Aaya 2.0 Song: মাধুৰী দীক্ষিতৰ আইকনিক গীতত দেখা যাব ছানী লিয়নীক, মুকলি হ’ল টিজাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 5:11 PM IST

বি-টাউনৰ অভিনেত্ৰী ছানী লিয়নী ছবিৰ আইটেম গীতৰ বাবে অতি জনপ্ৰিয় । কেৱল এয়াই নহয়, বহু মিউজিক ভিডিঅ’ত ছানীয়ে নিজৰ কিলাৰ ডান্স মুভেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছে । এইবাৰ ছানী লিয়নীয়ে হিন্দী চিনেমাৰ প্ৰবীণ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ আইকনিক গীত মেৰা পিয়া ঘৰ আয়া গীতটি পুনৰ নিৰ্মাণ কৰিবলৈ সাজু হৈছে । মুক্তি পালে গীতটোৰ টিজাৰো ।

Sunny Leone is at her sizzling hot in Mera Piya Ghar Aaya 2.0, Watch
মেৰা পিয়া ঘৰ আয়া ২.০’ৰ টিজাৰ

চিটাৰা ডেস্ক, 5 অক্টোবৰ: ১৯৯৫ চনত মুক্তি লাভ কৰিছিল মাধুৰী দীক্ষিতৰ ছবি ‘য়াৰানা’ । পৰিচালক ডেভিদ ধাৱনৰ এই ছবিখনৰ এটি গীত ‘মেৰা পিয়া ঘৰ আয়া’ সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল, য’ত মাধুৰীয়ে নিজৰ আচৰিত নৃত্যৰে আলোড়নৰ সৃষ্টি কৰিছিল । আজিও মাধুৰীৰ এই আইকনিক গীতটি বহুতে ভাল পায় ।

এতিয়া প্ৰায় ২৮ বছৰৰ পাচত বি টাউনৰ অভিনেত্ৰী ছানী লিয়নীয়ে লৈ আহিছে ‘মেৰা পিয়া ঘৰ আয়া’ৰ ৰিমেক । বৃহস্পতিবাৰে মুক্তি পালে ‘মেৰা পিয়া ঘৰ আয়া ২.০’ৰ টিজাৰ ।

মাধুৰীৰ এই গীতটিত নৃত্য পৰিৱেশন কৰিলে ছানী লিয়নীয়ে

বলীউডৰ ছবিৰ আইটেম নম্বৰৰ বাবে ছানী লিয়নীৰ নাম সুপৰিচিত । কেৱল এয়াই নহয়, বহু মিউজিক ভিডিঅ’তো ছানীয়ে নিজৰ নৃত্যৰে যাদু বিয়পাইছে । ইফালে, ছানী লিয়নীয়ে এতিয়া পুনৰ নিৰ্মাণ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ মাধুৰী দীক্ষিতৰ ছুপাৰহিট গীত ‘মেৰা পিয়া ঘৰ আয়া’।

বৃহস্পতিবাৰে ছানী লিয়নীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত ‘মেৰা পিয়া ঘৰ আয়া ২.০’ৰ টিজাৰ শ্বেয়াৰ কৰিছে । ‘মেৰা পিয়া ঘৰ আয়া ২.০’ৰ টিজাৰ শ্বেয়াৰ কৰি ছানী লিয়নীয়ে কেপচনত লিখিছে - "মাধুৰী দীক্ষিতৰ এই আইকনিক গীতটো পুনৰ নিৰ্মাণ কৰাৰ সুযোগ পোৱাত মই অতি সুখী । @madhuridixitnene ৰ গীতটো ডাঙৰ ৰূপত পুনৰ নিৰ্মাণ কৰাটো সন্মানৰ কথা মোৰ বাবে #MerePiyaGharAaya2.0 টিজাৰ এতিয়া মুকলি ৷’’ ছ’চিয়েল মিডিয়াত গীতটিৰ টিজাৰ মুকলি হোৱাৰ লগে লগে অনুৰাগীয়ে কমেন্ট কৰা পৰিলক্ষিত হৈছে ৷

কেতিয়া মুক্তি পাব ছানী লিয়নীৰ 'মেৰা পিয়া ঘৰ আয়া ২.০' গীতটি ?

ছানী লিয়নীৰ আগন্তুক আইটেম গীত ‘মেৰা পিয়া ঘৰ আয়া ২.০’ৰ টিজাৰ চোৱাৰ পিচত অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে গীতটি মুক্তিৰ বাবে । ৮ অক্টোবৰত মুক্তি পাব ছানীৰ এই নতুন গীতটি । কিন্তু এই গীতটিৰ টিজাৰত ছানীৰ আভাস যিদৰে দেখুওৱা হৈছে তাৰ পৰা ক’ব পাৰি যে মাধুৰীৰ দৰে ছানীও ‘মেৰা পিয়া ঘৰ আয়া’ গীতটিৰে ধুমুহাৰ সৃষ্টি কৰিব ৷

লগতে পঢ়ক: Fighter : ফাইটাৰৰ শ্বুটিঙৰ মাজতে একেলগে কফি উপভোগ কৰিলে দীপিকা-হৃতিকে, চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.