চিটাৰা ডেস্ক, 24 জুলাই: সুদীৰ্ঘ ২২ বছৰৰ পাচত পুনৰবাৰ বক্স অফিচলৈ আহি আছে বলীউডৰ ‘তাৰা সিং’ ওৰফে ছানী দেউল । আগন্তুক আগষ্ট মাহত মুক্তি পাবলৈ গৈ আছে ছানী দেউলৰ ছবি ‘গদৰ- এক প্ৰেম কথা’ৰ দ্বিতীয় খণ্ড অৰ্থাৎ ‘গদৰ ২’। ‘গদৰ ২’ মুক্তিৰ পূৰ্বে অনুৰাগীক আন এক সুখবৰ দিলে ছানী দেউলে । বলীউডত মুকলি কৰিলে তেওঁৰ কনিষ্ঠ পুত্ৰ ৰাজবীৰ দেউলক ।
কনিষ্ঠ পুত্ৰ ৰাজবীৰৰ প্ৰথম ছবি ‘ডোনো’ - টু ষ্ট্ৰেঞ্জাৰ..ৱান ডেষ্টিনেশ্যন’ৰ পোষ্টাৰ ছ’চিয়েল মিডিয়াত মুকলি কৰিছে ছানীয়ে ৷ পোষ্টাৰ মুকলি কৰি বলীউডত ৰাজবীৰৰ আত্মপ্ৰকাশ কৰা কথা ঘোষণা কৰিছে পিতৃ ছানীয়ে । এই ছবিখনত ৰাজবীৰৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিব পামোলাও । ৰাজবীৰ আৰু পামোলাৰ অভিনীত ছবি ‘DONO’ নিৰ্মাণ কৰিবলৈ ওলাইছে ৰাজশ্ৰী প্ৰডাকচনে । একে সময়তে অবিনাশ বৰজাত্যই এই ছবিখন পৰিচালনা কৰিব ।
ছানিয়ে অনুৰাগীক দিলে এই ভাল খবৰটো
ছানী দেউলে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, এয়া এক নতুন যাত্ৰাৰ আৰম্ভণি, কাইলৈ মুক্তি পাব ছবিখনৰ টিজাৰ । একে সময়তে অভিনেত্ৰী পুনম ধিলনৰ কন্যা পামোলা ধিলনে ৰাজবীৰৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিব ।
ছানী দেউল আৰু আমিষা পেটেলৰ অভিনীত ছবি গদৰ ২ৰ কথা ক’বলৈ গ’লে ছবিখন মুক্তিৰ বাবে সাজু হৈছে । ছবিখনৰ দ্বিতীয় খণ্ডতো পৰিচালনা কৰিছে অনিল শৰ্মাই আৰু ছবিখনত পুনৰ এবাৰ অনিল শৰ্মাৰ পুত্ৰ উৎকৰ্ষ শৰ্মাই অভিনেতা ছানী দেউলৰ পুত্ৰ জীতেৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ।
গদৰ ২ ছবিখনক লৈ ছানীৰ অনুৰাগীসকলৰ মাজত এক উন্মাদনা সৃষ্টি হৈছে আৰু এই ছবিখন অহা ১১ আগষ্টত সমগ্ৰ দেশৰ লগতে বিশ্বৰ ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ।