চিটাৰা ডেস্ক, 15 ফেব্ৰুৱাৰী : 200 কোটি টকাৰ ধন সৰবৰাহ আৰু জালিয়াতিৰ গোচৰত ৰাজধানীৰ তিহাৰ কাৰাগাৰত দিন-ৰাতি কটাইছে সুকেশ চন্দ্ৰশেখৰে (Sukesh Chandrasekhar news) । সুকেশৰ এই বহু চৰ্চিত ধন দাবীৰ গোচৰত জেকলিন ফাৰ্ণাণ্ডেজ, নোৰা ফাতেহী আৰু টিভি অভিনেত্ৰী চাহাট খান্নাকে ধৰি বহু গ্লেমাৰাছ অভিনেত্ৰীৰ নামো জড়িত হৈ আছে ।
সুকেশ চন্দ্ৰশেখৰ প্ৰকৃততে এজন বৰ হৃদয়ৱান ব্যক্তি । অসৎ উপায়েৰে অধিক টকা ঘটাৰ উপায়েৰে বলীউডৰ সুন্দৰী অভিনেত্ৰীসকলক নিজৰ ওচৰলৈ আনিছিল । জেলত থকাৰ পিছতো তেওঁৰ ৰোমান্টিক স্বভাৱ এতিয়াও অক্ষত অৱস্থাত আছে । কিয়নো জেলৰ ভিতৰৰ পৰাই ভেলেণ্টাইন ডে’ ৰ অনুভৱ সজীৱ কৰি তুলিছে সুকেশে (Sukesh Valentines Day wish to Jacqueline) ৷ য’ত নেকি প্ৰেমিক-প্ৰেমিকাই মুকলি আকাশৰ তলত ভেলেণ্টাইন ডে'ত উদযাপন কৰিছে, সেই সময়তে সুকেশে জেলৰ পৰাই তেওঁৰ ‘প্ৰিয়’ নাৰী জেকলিন ফাৰ্ণাণ্ডেজক ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা জনাই নোৰা ফাতেহীক ‘গ’ল্ড ডিগাৰ’ বুলি অভিহিত কৰিছে ।
এতিয়াও জেকলিনৰ প্ৰেমত মচগুল সুকেশ
দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত হাজিৰ হ'বলৈ লৈ যোৱাৰ সময়ত জেকলিনৰ প্ৰতি এনেকৈ প্ৰেম প্ৰকাশ কৰিছিল সুকেশে (Sukesh Chandrasekhar on Jacqueline Fernandez) । আদালতৰ পৰা ওলাই অহাৰ সময়ত যেতিয়া সুকেশক জেকলিন আৰু তেওঁৰ সম্পৰ্কক লৈ সোধা-পোছা কৰা হয়, তেতিয়া প্ৰৱঞ্চকে কোনো সংকোচ নকৰাকৈয়ে কয় যে তেওঁৰ হৈ যাতে অভিনেত্ৰী গৰাকীক ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা জনাই দিয়া হয় । এতিয়া গেংষ্টাৰ প্ৰেমিক সুকেশৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে (Sukesh Chandrasekhar recent updates) ।
নোৰা ফাতেহীক আখ্যা দিলে ‘গ’ল্ড ডিগাৰ’
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যেতিয়া সুকেশক নোৰা ফাতেহীৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, তেওঁ স্পষ্টকৈ কৈছিল যে তেওঁ 'গ’ল্ড ডিগাৰ'ৰ বিষয়ে কথা পাতিব নিবিচাৰে (Sukesh Chandrasekhar on Nora Fatehi) । আপোনালোকক জনাও যে, সুকেশে জেকলিন আৰু নোৰা দুয়োগৰাকী সুন্দৰী অভিনেত্ৰীকে মূল্যৱান উপহাৰ দিছিল । উল্লেখযোগ্য কথাটো হ’ল জেকলিনক এই গোচৰত অভিযুক্ত কৰা হৈছে আৰু নোৰাৰ সাক্ষী গ্ৰহণ কৰা হৈছে । বহু সময় ধৰি এই ঘটনাৰ সৈতে জড়িত হৈ থকাৰ বাবে জেকলিনৰ কেৰিয়াৰত বহুত প্ৰভাৱ পেলাইছে । এই গোচৰটোৰ তদন্ত এতিয়াও চলি আছে আৰু দুয়োগৰাকী অভিনেত্ৰীক বাৰে বাৰে হাজিৰ হোৱাৰ বাবে আদালতলৈ মাতি অনা হয় ।
লগতে পঢ়ক : Katrina Kaif unknown facts: সুৰাপান কৰি প্ৰাক্তন প্ৰেমিকক ফোন কৰিছিল কেটৰিণাই !