ETV Bharat / entertainment

Suhana Khan : খেতিয়ক হ’ব নেকি শ্বাহৰুখ খানৰ কন্যা ? মুম্বাইত ক্ৰয় কৰিলে কোটি টকা মূল্যৰ কৃষিভূমি

author img

By

Published : Jun 23, 2023, 11:17 AM IST

মুম্বাইৰ আলিবাগত ১.৫ একৰ কৃষিভূমি ক্ৰয় কৰিছে শ্বাহৰুখ খানৰ কন্যা সুহানা খানে । ১২.৯১ কোটি টকাত ক্ৰয় কৰিছে এই মাটি ।

Suhana Khan buys agricultural land in Alibag for Rs 12 dot 91 crore
কৃষিভূমি ক্ৰয় কৰিছে শ্বাহৰুখ খানৰ কন্যা সুহানা খানে

চিটাৰা ডেস্ক, 23 জুন: বলীউডৰ ‘পাঠান’ শ্বাহৰুখ খানৰ কন্যা সুহানা খানৰ আগন্তুক বলীউডৰ প্ৰথম ছবি ‘দ্য আৰ্চিজ’ক লৈ বিগত কিছুদিন ধৰি চৰ্চা চলি আছে ৷ শেহতীয়াকৈ সুহানাই ছবিখনৰ কলা-কুশলীৰ সৈতে ব্ৰাজিলত অনুষ্ঠিত হোৱা TUDUM অনুষ্ঠানত উপস্থিত হৈছিল ৷ এই অনুষ্ঠানতেই এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল । ব্ৰাজিলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সুহানা খানে ছবিখনৰ সহ অভিনেতাসকলৰ সৈতে এক সুন্দৰ নৃত্যও প্ৰদৰ্শন কৰে ।

শেহতীয়াকৈ পুনৰ লাইমলাইটলৈ আহিছে সুহানা খান ৷ অৱশ্যে এইবাৰ লাইমলাইটত অহাৰ কাৰণ ছবি নহয়, বৰঞ্চ অন্য এক কাৰণত হে লাইমলাইটলৈ আহিছে সুহানা ৷ সেয়া হ’ল সুহানাই ১২ কোটিতকৈও অধিক মূল্যৰ কৃষিভূমি ক্ৰয় কৰিছে । আচলতে সুহানাই ১২.৯১ কোটি টকাত আলিবাগৰ থাল গাঁৱৰ ১.৫ একৰ কৃষিভূমি ক্ৰয় কৰিছে । এই খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগেই চৰ্চাত আহে সুহানা ৷

উল্লেখ্য যে ১ জুনত সুহানা খানে এই কৃষিভূমিৰ চুক্তি কৰিছিল । একে সময়তে সুহানা খানে এই মাটিৰ বাবে ৭৫ লাখৰো অধিক ষ্টাম্প ডিউটি আদায় দিছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইখন আলিবাগৰ থাল গাঁৱৰ কৃষিভূমি, যিখন ১.৫ একৰ মাটিত বিস্তৃত । ২২১৮ বৰ্গফুটৰ এই মাটিত নিৰ্মাণকাৰ্য আৰম্ভ হৈছে । সুহানা খানে এই মাটি অঞ্জলি, ৰেখা আৰু প্ৰিয়া নামৰ তিনিগৰাকী ভগ্নীৰ পৰা ক্ৰয় কৰিছে ।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে শ্বাহৰুখ খানৰ ইতিমধ্যে আলিবাগত বহু মাটিৰ সম্পত্তি আছে যদিও এতিয়ালৈকে এই খবৰৰ ওপৰত শ্বাহৰুখ আৰু তেওঁৰ কন্যাৰ পৰা কোনো নিশ্চয়তা পোৱা নাই, কোনো আনুষ্ঠানিক বিবৃতিও অহা নাই ।

সুহানা খান আৰু শ্বাহৰুখ খানৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে সুহানাৰ প্ৰথম ছবি দ্য আৰ্চিজ অতি সোনকালে নেটফ্লিক্সত মুক্তি পাব । একে সময়তে শ্বাহৰুখ খানৰ আগন্তুক ছবি জোৱান অৰ ডাংকি অতি সোনকালেই ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: Thalapathy Vijay Birthday: থালাপাথী বিজয়ৰ মুঠ সম্পত্তিৰ মূল্যই হতবাক কৰিব আপোনাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.