ETV Bharat / entertainment

Amitabh Bachchan: শ্বুটিঙত সময়মতে উপস্থিত হ’বলৈ অচিনাকি ব্যক্তিৰ পৰা লিফ্ট ল’লে বিগ বিয়ে

author img

By

Published : May 15, 2023, 12:43 PM IST

শেহতীয়াকৈ বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে তেওঁৰ কৰ্মৰ প্ৰতি থকা নিষ্ঠাৰ আন এক উদাহৰণ দাঙি ধৰিছে । যান-জঁটৰ বাবে সময়মতে শ্বুটিং চেটত উপস্থিত হোৱাত অসুবিধা হোৱাৰ বাবে অচিনাকি ব্যক্তিৰ পৰা সহায় বিচাৰিছিল অভিনেতাগৰাকীয়ে (Amitabh Bachchan Shooting)। চাওক ফটো ৷

Stuck in traffic, Amitabh Bachchan gets on stranger's bike to reach work on time: 'Thank you for the ride buddy'
কৰ্মৰ প্ৰতি থকা নিষ্ঠাৰ আন এক উদাহৰণ দাঙি ধৰিছে অমিতাভ বচ্চনে

চিটাৰা ডেস্ক, 15 মে’: বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন কেৱল নিজৰ অভিনয়ৰ বাবেই নহয়, তেওঁৰ ব্যক্তিত্ব তথা সাধাৰণ মানুহৰ প্ৰতি তেওঁৰ নম্ৰ ব্যৱহাৰৰ বাবেও জনপ্ৰিয় ৷ বিগ বিৰ আন এটা গুণ আছে ৷ সেয়া হৈছে ধাৰ্য কৰা নিৰ্দ্দিষ্ট সময় অনুসৰি কাম কৰাৰ গুণ ৷ সেয়া লাগিলে নিজৰ ব্যক্তিগত কাম হওক অথবা ছবিৰ বাবে শ্বুটিঙৰ কামেই হওক ৷ সময়মতে উপস্থিত হয় বিগ বি (Bollywood Superstar Amitabh Bachchan Shooting) ৷ অনুশাসন তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ বুলি ক’লেও ভুল নহ’ব আৰু তেওঁ আৰম্ভণিৰে পৰাই এনেকৈয়ে চলি আহিছে । শেহতীয়াকৈ বিগ বিয়ে কামৰ প্ৰতি থকা নিষ্ঠাৰ আন এক উদাহৰণ দাঙি ধৰিছে ৷

উল্লেখ্য যে, অমিতাভ বচ্চন বৰ্তমান মুম্বাইত আছে আৰু আগন্তুক প্ৰজেক্টৰ শ্বুটিঙত ব্যস্ত হৈ আছে অভিনেতাগৰাকী । কিন্তু এই বয়সতো মেগাষ্টাৰগৰাকীৰ কামৰ প্ৰতি দেখুৱা কৰ্মনিষ্ঠা দেখি অনুৰাগীসকলে তেওঁক প্ৰশংসা কৰা দেখা যায় (Amitabh Bachchan bike ride with stranger)।

আচলতে শেহতীয়াকৈ অভিনেতাগৰাকীয়ে সময়মতে নিজৰ চেটত উপস্থিত হ’বলগীয়া আছিল ৷ কিন্তু মুম্বাইৰ সদা ব্যস্ত ৰাজপথৰ বাবেই শ্বুটিঙত সময়মতে উপস্থিত নোহোৱাৰ আশংকাই দেখা দিয়ে ৷ সেয়াহে, সময়মতে শ্বুটিঙত উপস্থিত হ’বলৈ অমিতাভ বচ্চনে অচিনাকি ব্যক্তিৰ পৰা বাইকত লিফ্ট বিচাৰে (Amitabh Bachchan bike ride)।

ব্যক্তিজনক ধন্যবাদ জনায় বিগ বিয়ে

অভিনেতাগৰাকীয়ে শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ফটো শ্বেয়াৰ কৰিছে (Amitabh Bachchan takes lift on stranger bike) ৷ ফটোখনত বিগ বিক এজন ব্যক্তিৰ ৰয়েল এনফিল্ড হিমালয়া বাইকত বহি থকা দেখা গৈছে । পিছফালে সুন্দৰকৈ বহি থকা দেখা গৈছে আৰু সোনকালেই চেটত উপনীত হোৱাৰ বাবে আগ্ৰহী হৈ থকা দেখা পোৱা গৈছে ।

ফটোখনৰ লগতে তেওঁ কেপচনত লিখিছে – এই ৰাইডৰ বাবে ধন্যবাদ বন্ধু। মই আপোনাক চিনি নাপাওঁ । কিন্তু আপুনি মোক সময়মতে চেটত উপনীত হোৱাত সহায় কৰিলে । এই বিভ্ৰান্তিকৰ যান-জঁটত আপুনি ইমান দ্ৰুতগতিত কাম কৰিলে । হালধীয়া টি-চাৰ্ট, শ্বৰ্ট আৰু টূপীৰ মালিক, আপোনাক ধন্যবাদ ।

এই সন্দৰ্ভত একাংশই তেওঁক প্ৰশংসা কৰাৰ বিপৰীতে আন একাংশ লোকে আকৌ তেওঁক হেলমেট পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া দেখা গৈছে (Amitabh Bachchan upcoming film) । উল্লেখ্য যে, অমিতাভ বচ্চনে ৮০ বছৰত ভৰি থবলৈ আগবঢ়িছে ৷ এই সময়তো তেওঁ অভিনয়ৰ জগতখনত কৰ্ম বিৰতি নোলোৱাকৈয়ে কাম কৰি আছে । অভিনেতাগৰাকীক কেৱল ছবিতেই নহয়, বিজ্ঞাপনৰ শ্বুটতো দেখা পোৱা যায় আৰু টিভিৰ জগতখনৰ সৈতে তেওঁৰ পুৰণি সম্পৰ্ক আছে । অভিনেতাগৰাকীয়ে কেবিচিৰ ১৫ সংখ্যক ছিজনৰ সৈতে আহিব, ইয়াৰ উপৰিও তেওঁ প্ৰজেক্ট কে আৰু বাটাৰফ্লাইৰ দৰে ছবিৰ কামত সম্প্ৰতি ব্যস্ত হৈ আছে (Amitabh Bachchan project k) ।

লগতে পঢ়ক: Papon health condition: কেনে আছে পাপন ? ছ‘চিয়েল মিডিয়াযোগে জনালে স্বাস্থ্যৰ আপডেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.