ETV Bharat / entertainment

Biopic Made in India : এছ এছ ৰাজামৌলিয়ে ঘোষণা কৰিলে নতুন ছবি ‘মেড ইন ইণ্ডিয়া’, ছবিখনত দেখুৱাব ভাৰতীয় চিনেমাৰ কাহিনী

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 2:11 PM IST

অস্কাৰ বিজয়ী ছবি আৰ আৰ আৰ পৰিচালক এছ এছ ৰাজামৌলিয়ে ঘোষণা কৰিলে তেওঁৰ নতুন ছবি মেড ইন ইণ্ডিয়াৰ নাম । এইখন হ’ব ভাৰতীয় চিনেমাৰ বায়’পিক । ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য জানি লওক এই প্ৰতিবেদনত ।

SS Rajamouli announces Made in India, a biopic on Father of Indian Cinema Dadasaheb Phalke - watch
নতুন ছবি ‘মেড ইন ইণ্ডিয়া’

চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: ‘বাহুবলী’ আৰু ‘আৰ আৰ আৰ’ৰ দৰে বিশাল আৰু মেগা ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰা দক্ষিণ ভাৰতৰ প্ৰবীণ পৰিচালক এছ এছ ৰাজামৌলীৰ অনুৰাগীৰ বাবে এটা ডাঙৰ আৰু ভাল খবৰ । ভাৰতীয় চিনেমাত আকৌ এবাৰ শাসন কৰিবলৈ সাজু হৈছে ৰাজামৌলী । ৰাজামৌলীয়ে ১৯ ছেপ্টেম্বৰত অৰ্থাৎ আজি ঘোষণা কৰিছে নতুন ছবি ‘মেড ইন ইণ্ডিয়া’। এইখন ভাৰতীয় চিনেমাৰ বায়’পিক, যাৰ কাহিনী শুনি ৰাজমৌলি অতি আৱেগিক হৈ পৰিছিল আৰু তাৰ পাচতে এই প্ৰজেক্টটোত আৰম্ভ কৰিছিল কাম । ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী পৰিচালক নীতিন কক্কৰে নিৰ্মাণ কৰিব মেড ইন ইণ্ডিয়া বায়’পিক । ৰাজামৌলীয়ে এই ছবিখনৰ এটা টিজাৰো মুকলি কৰিছে, য’ত এই বায়’পিকখনৰ সবিশেষ সন্নিবিষ্ট কৰা হৈছে ।

কাহিনী শুনি আবেগিক হৈ পৰিল ৰাজামৌলী

ৰাজামৌলিয়ে তেওঁৰ এক্স আৰু ইনষ্টাগ্ৰাম একাউণ্টত অনুৰাগীক এই ভাল খবৰটো দি লিখিছে, যেতিয়া মই ইয়াৰ কাহিনী প্ৰথমবাৰ শুনিছিলো, তেতিয়া ইয়ে মোক আৱেগিক কৰি তুলিছিল, বায়’পিক নিৰ্মাণ কৰাটো নিজৰ বাবে যথেষ্ট কঠিন, কিন্তু ভাৰতীয়ৰ ইতিহাসৰ বিষয়ে কল্পনা কৰাটো এটা প্ৰত্যাহ্বানমূলক, আমাৰ ল’ৰাবোৰ ইয়াৰ বাবে সাজু হৈছে,সম্পূৰ্ণ উৎসাহেৰে উপস্থাপন কৰা হৈছে মেড ইন ইণ্ডিয়াক ।

কাহিনী কি হ’ব এই ছবিখনৰ ?

মেড ইন ইণ্ডিয়া নামৰ বায়’পিকখনত ভাৰতীয় চিনেমাৰ ইতিহাস আৰু ইয়াৰ বৰ্তমানৰ দিনটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । ভাৰতীয় চিনেমাৰ আৰম্ভণিৰ পৰা সফলতালৈকে কাহিনী এই বায়’পিকত দেখা যাব । ৰাজামৌলীৰ প্ৰতিনিধিত্ব অনুসৰি এইখন হ’ব মেগনাম অপাছ ছবি, যিয়ে বৃহৎ পৰিসৰত প্ৰভাৱ পেলাব । অৱশ্যে, ৰাজামৌলীয়ে এই বায়’পিকখন পৰিচালনা নকৰে ।

  • When I first heard the narration, it moved me emotionally like nothing else.

    Making a biopic is tough in itself, but conceiving one about the FATHER OF INDIAN CINEMA is even more challenging. Our boys are ready and up for it..:)

    With immense pride,
    Presenting MADE IN INDIA… pic.twitter.com/nsd0F7nHAJ

    — rajamouli ss (@ssrajamouli) September 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নীতিন কক্কৰৰ বিষয়ে

উল্লেখ্য যে, ৰাজামৌলীৰ পুত্ৰ এছ.এছ. কাৰ্তিকেয়া ভাৰতীয় চলচ্চিত্ৰৰ বায়’পিক 'মেড ইন ইণ্ডিয়া'ৰ প্ৰযোজনা কৰিব । ছবিখন ৰাজামৌলীয়ে ৯ ছেপ্টেম্বৰত তেওঁৰ ইনষ্টাগ্ৰামত ঘোষণা কৰিছিল । ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী পৰিচালক নীতিন কক্কৰে এই জীৱনীমূলক ছবিখন পৰিচালনা কৰিব । নিতিনে ইয়াৰ পূৰ্বে ফিল্মিস্তান (২০১২), মিট্ৰ’ (২০১৮), নোটবুক (২০১৯) আৰু ২০২০ চনত জৱানী-জানেমানৰ দৰে চলচ্চিত্ৰ পৰিচালনা কৰিছিল।

লগতে পঢ়ক: G20 Summit: ভাৰতৰ RRR ৰ প্ৰশংসাত পঞ্চমুখৰ হ’ল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি; ৰাজামৌলিয়ে এইদৰে ধন্যবাদ জনালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.