ETV Bharat / entertainment

Jawan Song Chaleya Teaser: জৱানৰ নতুন গীতৰ টিজাৰ মুকলি; নয়ন্তৰাৰ সৈতে ৰোমাঞ্চ কৰা দেখা গ’ল কিং খানক

author img

By

Published : Aug 13, 2023, 4:30 PM IST

শ্বাহৰুখ খানৰ ছবি জৱানৰ আন এটা গীত শীঘ্ৰে মুক্তি পাব । কিং খানে শ্বেয়াৰ কৰিছে গীতটোৰ নতুন টিজাৰ ৷ ৰোমান্টিক শ্বাহৰুখৰ আভাস দেখা গৈছে এই টিজাৰটোত।

SRK shares Chaleya song teaser, fans can't wait to see his chemistry with Nayanthara in romantic ballad from Jawan
শ্বাহৰুখ খানৰ ছবি জৱানৰ আন এটা গীত শীঘ্ৰে মুক্তি পাব

চিটাৰা ডেস্ক, 13 আগষ্ট: এই বছৰৰ বহু প্ৰত্যাশিত ছবি হৈছে জৱান । অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখ খানৰ এই ছবিখনৰ বাবে । আনহাতে, কিছুদিনৰ পৰা ছ’চিয়েল মিডিয়াত ছবিখনৰ সৈতে জড়িত বহু কথাই শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে শ্বাহৰুখ খানে ৷ কিছুদিন পূৰ্বে ছবিখনৰ পৰা মুকলি হৈছিল জৱানৰ জিন্দা বান্দা গীতটি ৷ এতিয়া ১৪ আগষ্টত মেকাৰে আন এটা গীত মুকলি কৰাৰ কথা ঘোষণা কৰিছে ।

শনিবাৰে শ্বাহৰুখে ছ’চিয়েল মিডিয়াত নতুন গীতটিৰ টিজাৰ ভিডিঅ’টো শ্বেয়াৰ কৰি কৈছিল যে এই গীতটো অহা ১৪ আগষ্টত মুক্তি পাব । গীতটিৰ শিৰোনাম হৈছে চালেয়া তেৰী অৰ । ভিডিঅ’টোত নয়ন্তৰাৰ সৈতে ৰোমান্টিক ৰূপত দেখা গৈছে এছ আৰ কেক । এতিয়া এই গীতটিৰ আন এটা নতুন টিজাৰ আজি মুকলি কৰিছে মেকাৰে ।

চালেয়া তেৰী অৰ টিজাৰ

যদিও জৱান ছবিখন এখন একচনেৰে ভৰপূৰ ছবি, কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে য’ত শ্বাহৰুখ আছে তাত ৰোমাঞ্চ হোৱাটো নিশ্চিত । গীতটিৰ নতুন টিজাৰত শ্বাহৰুখক ৰোমান্টিক হোৱা দেখা গৈছে । সাগৰৰ পৰা পথৰ দাঁতিলৈকে এক আভাস, য’ত শ্বাহৰুখক নৃত্য কৰি থকা দেখা গৈছে ৷ জৱানৰ টিজাৰ আৰু প্ৰিভিউত আমি কিং খানৰ খলনায়ক অৱতাৰটো দেখিছিলোঁ যদিও এই গীতটোত তেওঁক তেওঁৰ পুৰণি ছবিৰ শ্বাহৰুখৰ দৰেই দেখা গৈছে । ইয়াৰ লগতে নয়ন্তৰাকো দেখা ৰোমাঞ্চ কৰা । কিন্তু সম্পূৰ্ণ গীতটি উপভোগ কৰিবলৈ আপুনি অপেক্ষা কৰিব লাগিব মাত্ৰ এটা দিন ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জৱানত প্ৰায় ৬ টা গীত থাকিব । অৱশ্যে এতিয়াও ছবিখন মুক্তিৰ বাবে এমাহ বাকী আছে । এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব। এই ছবিখনত দীপিকা পাডুকনকো দেখা যাব । কেমিঅ’ ৰ’লত দেখা যাব অভিনেত্ৰীগৰাকীক । আনহাতে এছ আৰ কেৰ বিষয়ে কোৱা হৈছে যে তেওঁ দুটা চৰিত্ৰত অভিনয় কৰিব ছবিখনত ৷

লগতে পঢ়ক: Shah Rukh Khan: জৱানৰ বাবে কিয় টকলা হ’ল শ্বাহৰুখ খান ? অনুৰাগীৰ প্ৰশ্নত কিং খালে দিলে উত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.