ETV Bharat / entertainment

Sidharth-Kiara wedding: চিৰদিনৰ বাবে এক হ’ল সিদ্ধাৰ্থ-কিয়াৰা

এটি হ’ল দুটি হিয়া, 7 ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ জনপ্ৰিয় যুটি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী ৷ শ্বেৰশ্বাহ ছবিখনৰ শ্বুটিঙৰ সময়ত আৰম্ভ হোৱা প্ৰেম কাহিনীয়ে পালে পূৰ্ণতা (Sidharth-Kiara wedding) ৷ দুই তাৰকাৰে অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল বিয়াখনৰ বাবে ৷ অৱশেষত বিয়াৰ পিছত দুয়োৱে নিজ নিজ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামত বিয়াৰ ফটো আপলোড কৰাৰ পাছতহে সকলো আনন্দত আত্মহাৰা হৈ পৰিছে ৷ অনুৰাগীৰ পৰা অভিনয় জগতৰ সৈতে জড়িত সকলোৱে যুগ্ম জীৱনৰ শুভেচ্ছা যাচিছে ৷

author img

By

Published : Feb 8, 2023, 12:04 PM IST

Sidharth Malhotra weds Kiara Advani
সিদ্ধাৰ্থ-কিয়াৰা

চিটাৰা ডেস্ক, 8 ফেব্ৰুৱাৰী : মঙলবাৰে ৰাজস্থানৰ জয়সালমেৰৰ সূৰ্যগড় পেলেচত ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত প্ৰেমিকযুগল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বিবাহপাশত আবদ্ধ হয় (Sidharth-Kiara wedding) । প্ৰেমৰ পৰা বিয়াৰ খবৰলৈকে ঘোষণা নকৰা দুই তাৰকাই বিবাহ সম্পন্ন হোৱাৰ পাছতহে অনুৰাগীৰ সৈতে ফটো শ্বেয়াৰ কৰে ৷ ফটো আপলোড কৰাৰ লগে লগে শুভেচ্ছাবাণীৰে উপচি পৰে দুয়োৰে ইনষ্টাগ্ৰাম ৷

কিয়াৰা আৰু সিদ্ধাৰ্থে একে সময়তে একেটা কেপছনৰে সৈতে তিনিখনকৈ ফটো আপলোড কৰে ৷ শ্বেয়াৰ কৰা ফটোসমূহত ৰয়েল লুকত দেখিবলৈ পোৱা গৈছে সিদ্ধাৰ্থ আৰু কিয়াৰাক ৷ কেপছনত তেওঁলোকে লিখিছিল, "Ab humari permanent booking hogayi hai ৷ আমি আগন্তুক যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বিচাৰিছো" (sidharth malhotra kiara advani wedding) ৷

নৱবিবাহিত দম্পতীটোয়ে নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে কেইবাগৰাকীও ভাৰতীয় চেলেব্ৰিটীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি নৱবিবাহিত দম্পতীক অভিনন্দন জনায় ।

চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে এটা হৃদয়স্পৰ্শী টোকা শ্বেয়াৰ কৰি লিখিছে, "মই তেওঁক লগ পাইছিলো ডেৰ দশক আগতে.... নিৰৱ, শক্তিশালী আৰু কিন্তু হ’লেও সংবেদনশীল.... বহু বছৰৰ পিছত লগ পাইছিলো তেওঁক(কিয়াৰা)... নিৰৱ, শক্তিশালী আৰু সমান পৰিমাণে ইমান সংবেদনশীল... তাৰ পিছত তেওঁলোকে ইজনে সিজনক লগ পালে আৰু মই সেই মুহূৰ্ততে উপলব্ধি কৰিলোঁ যে শক্তি আৰু মৰ্যাদাৰ এই দুটা স্তম্ভই এটা অপৰিৱৰ্তনীয় বন্ধন গঢ়ি তুলিব পাৰে আৰু একেলগে আটাইতকৈ যাদুকৰী প্ৰেম কাহিনী সৃষ্টি কৰিব পাৰে.... তেওঁলোকক চোৱাটো এটা পৰীৰ কাহিনীৰ দৰে যি পৰম্পৰা আৰু পৰিয়ালৰ মাজত নিহিত হৈ আছে...যেতিয়া তেওঁলোকে প্ৰেমৰ মণ্ডপত প্ৰতিজ্ঞা বিনিময় কৰিছিল তেতিয়া তেওঁলোকৰ চৌপাশৰ সকলোৱে স্পন্দন অনুভৱ কৰিছিল...শক্তি অনুভৱ কৰিছিল... মই গৌৰৱান্বিত, উল্লাসিত আৰু দুয়োৰে প্ৰতি কেৱল প্ৰেমে প্ৰকাশ কৰি বহিছিলোঁ ! আই লাভ ইউ সিড.... আই লাভ ইউ কি.... তোমালোকৰ আজি দিনটো চিৰদিনীয়া হওক...."

আলিয়া ভাটে সিদ্ধাৰ্থ আৰু কিয়াৰাক জীৱনৰ নতুন যাত্ৰাৰ বাবে শুভেচ্ছা জনাইছে । আপোনালোকক জনাও যে সিদ্ধাৰ্থ আৰু আলিয়াই 2017 চনত বিচ্ছেদ হোৱাৰ আগতে এবছৰ ডেট কৰিছিল ।

শংকৰৰ আগন্তুক ছবিখনত কিয়াৰাৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিবলগীয়া আৰ আৰ আৰৰ অভিনেতা ৰাম চৰণে লিখিছে, "মেচ মেড ইন হেভেন । অভিনন্দন" ৷

সিদ্ধাৰ্থৰ সৈতে আইয়াৰী, মাৰ্জাৱান আৰু থেংক গড আদি ছবিত কাম কৰা ৰাকুল প্ৰীত সিঙে লিখিছে, "Congratulationsssss u two may this be the beginning of forever wala love...good bless" ৷

কেটৰিণা কাইফ আৰু বিকী কৌশলেও নৱবিবাহিত দম্পতীক তেওঁলোকৰ ডাঙৰ দিনটোত শুভকামনা জনাইছিল ।

ডিজাইনাৰ মনীষ মালহোত্ৰাই লিখিছে, "মিষ্টাৰ এণ্ড মিচেছ মালহোত্ৰাৰ প্ৰতি প্ৰেম আৰু আশীৰ্বাদ"৷

অভিনেতা পুলকিত সম্ৰাটে লিখিছে, "অভিনন্দন আপোনালোক দুয়োৰে জীৱনত আজীৱন প্ৰেমৰ কামনা কৰিলোঁ" ৷

পৰিণীতি চোপ্ৰাই লিখিছে, "মোৰ সিড্ডো আৰু মিছ কেলৈ অভিনন্দন । আশীৰ্বাদ আৰু প্ৰেম আৰু আলিংগন"!

মাৰ্জাভানৰ পৰিচালক মিলাপ জাভেৰীয়ে সিদ্ধাৰ্থৰ এই পোষ্টটোৰ ওপৰত মন্তব্য কৰি লিখিছে, "হেই মেইন মাৰ্জাভান!!! লোডছ এণ্ড লোডছ অৱ লাভ টু ব’ছ অৱ্ ইউ বাডি" ৷

অভিনেতা অংগদ বেদীয়ে লিখিছে, "সিড এতিয়া আপুনি #raatanlambiyaan ৰ প্ৰকৃত অৰ্থ জানিব । অভিনন্দন ডিম্পল আৰু শ্বেৰশ্বাহ" ৷

অভিনেতা বিক্ৰান্ত মেছিয়ে মন্তব্য কৰে যে, "অভিনন্দন সিড!!! আপোনাক স্বাস্থ্য, সুখ, একেলগে থকা, সফলতাৰ সুখ আৰু শান্তিৰ শুভেচ্ছা জনাইছো!!! ধন্য হৈ থাকক" ৷

হিন্দু পৰম্পৰা অনুসৰি বেণ্ড বাজা আৰু বাৰাটৰ সৈতে বিবাহপাশত আবদ্ধ হয় সিদ-কিয়াৰা । মঙলবাৰে সেই স্থানত উপস্থিত হৈছিল দিল্লীৰ বিখ্যাত জেয়া ৱেডিং বেণ্ড । বিয়াত সিদ্ধাৰ্থই পৰম্পৰাগত ভাৱে ঘোড়াত উঠি ৰাজকীয় প্ৰৱেশ কৰিছিল (Sidharth Malhotra weds Kiara Advani) । ইয়াৰ পূৰ্বে বিবাহস্থলীৰ কেইবাটাও ভিজুৱেল ভাইৰেল হৈছিল য’ত পৰম্পৰাগত গোলাপী ৰঙৰ সাজ-পোছাক পৰিহিত একাংশ পুৰুষে ফুলেৰে সজোৱা ছাতি লৈ থকা দেখা গৈছিল ।

সিদ-কিয়াৰাৰ বিয়াত উপস্থিত থকা চেলেব্ৰিটীসকলৰ ভিতৰত আছিল কৰণ জোহৰ, মনীষ মালহোত্ৰা, শ্বাহিদ কাপুৰ, জুহি চাওলা আৰু মীৰা ৰাজপুত কাপুৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.