ETV Bharat / entertainment

Shruti Haasan Assam visiting: অসমীয়াৰ উষ্ম আদৰণিয়ে হৃদয় চুই গ’ল শ্ৰুতি হাছানৰ - অভিনেত্ৰী শ্ৰুতি হাছানৰ প্ৰেমিক

ৰঙালী বিহু উদযাপন কৰিবলৈ অসমলৈ আহিল অভিনেত্ৰী শ্ৰুতি হাছান (Shruti Haasan Assam visiting) ৷ প্ৰেমিক শান্তনু হাজৰিকাৰ সৈতে অসমৰ বাপতি সাহোন বিহুটিৰ সোৱাদ ল’বলৈ আহি (Shruti Haasan celebrated bihu in Assam) অসম আৰু অসমীয়াৰ প্ৰেমত পৰিল অভিনেত্ৰী গৰাকী ৷

Shruti Haasan Assam visiting
অসমীয়াৰ উষ্ম আদৰণিয়ে হৃদয় চুই গ’ল শ্ৰুতি হাছানৰ
author img

By

Published : Apr 11, 2022, 5:47 PM IST

চিটাৰা ডেস্ক, 11 এপ্ৰিল : 9 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হৈ যোৱা ৰঙালী উৎসৱত অংশ ল’বলৈ অসমলৈ আহিছিল অভিনেত্ৰী শ্ৰুতি হাছান ৷ মুম্বাই নিৱাসী গুৱাহাটীৰ যুৱক শান্তনু হাজৰিকাৰে সৈতে শ্ৰুতিৰ আছে প্ৰেমৰ সম্পৰ্ক ৷ সেই সূত্ৰেই এইবাৰ অসমীয়াৰ জাতীয় উৎসৱ ব’হাগ বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ৰঙালী 2022 ত অংশ ল’লে শ্ৰুতিয়ে (Shruti Haasan Assam visiting) ৷

খানাপাৰা খেলপথাৰত জন সমাগম দেখি অভিভূত হৈ পৰে শ্ৰুতি হাছান ৷ অসমলৈ আহি অসমৰ মানুহৰ কথা জানিবলৈ উৎসুক হৈ আছিল শ্ৰুতি ৷ শান্তনুৰ পৰা অসমীয়া মানুহৰ কথা জানিব পাৰি আৰু অধিক জানিবলৈ আগ্ৰহী হৈ পৰে শ্ৰুতি ৷ বিহু সংক্ৰান্তীয় কথাবোৰ শুনি অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ পৰে তেওঁ (Shruti Haasan statement on assamese people) ৷

প্ৰেমিক শান্তনুৰ পৰা অসমৰ কথা শুনি ইন্টাৰনেটত অসমৰ মনোমোহা দৃশ্য চায়েই অসমৰ প্ৰেমত পৰিছিল অভিনেত্ৰী গৰাকী ৷ ৰঙালীৰ মঞ্চৰ পৰাই ক’লে, "আমি ইমান ধুনীয়া লোকেচনত শ্বুটিং কিয় নকৰো"?

সামাজিক মাধ্যমত প্ৰথমে যোগাযোগ হৈছিল শ্ৰুতি আৰু শান্তনুৰ (Shruti Haasan love story) ৷ দুয়োৰে মিউচুৱেল ফ্ৰেণ্ডৰ জৰিয়তে তেওঁলোকৰ চিনাকি বুলি সাক্ষাৎকাৰত উল্লেখ কৰে শ্ৰুতিয়ে ৷ কৰ্মক্ষেত্ৰত শান্তনু এজন ডুডল আৰ্টিষ্ট আৰু ইলাষ্ট্ৰেটৰ (Shruti Haasan boyfriend Santanu Hazarika) ৷ তেওঁ কৰা আৰ্ট দেখি প্ৰথমতে অভিভূত হৈ পৰিছিল শ্ৰুতি হাছান ৷ শান্তনুক লগ পাই তেওঁৰ প্ৰেমত পৰাৰ আগতে তেওঁৰ আৰ্টৰ প্ৰেমত পৰিছিল অভিনেত্ৰী গৰাকী (Shruti Haasan boyfriend profession) ৷

যিকোনো কলাৰ প্ৰতিয়ে খুবেই শ্ৰদ্ধাশীল শ্ৰুতি হাছান ৷ দক্ষিণৰ প্ৰসিদ্ধ অভিনেতা কমল হাছানৰ জীয়ৰী শ্ৰুতি হাছানে (Shruti Haasan father) নিজৰ ঘৰুৱা পৰিৱেশত এইয়াই শিকিছে বুলি কৈ কয় যে, তেওঁ শান্তনুৱে কৰা কামক লৈ গৌৰৱ কৰে ৷ শান্তনুৰ বাবেই তেওঁ কলাক অন্য ধৰণে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে বুলিও জনাই অভিনেত্ৰী গৰাকীয়ে ৷

অসমখন প্ৰতিভাৰ আকৰ, এই অনুভৱ অভিনেত্ৰী ও সংগীত শিল্পী গৰাকীৰ ৷ শান্তনুৰ পৰা অসমৰ প্ৰতিভাৰ বিষয়ে অৱগত হোৱাৰ পিছত সংগীত ক্ষেত্ৰখনত তেনে প্ৰতিভাৰে সৈতে ভৱিষ্যতে কাম কৰাৰ পৰিকল্পনা মনত পুহি ৰাখিছে শ্ৰুতিয়ে (Shruti Haasan latest updates) ৷ অলপ-অচৰপকৈ বিহু নাচিবলৈয়ো শিকিছে মোহময়ী তাৰকা গৰাকীয়ে ৷

ক’লা ৰঙৰ পোছাক পিন্ধি ভাল পোৱা শ্ৰুতিয়ে জন্মদিনত প্ৰেমিকৰ মাকে উপহাৰ দিয়া ক’লা ৰঙৰ শাৰীখন পিন্ধি হাঁহি হাঁহি প্ৰকাশ কৰিলে নিজৰ মনৰ ভাৱ ৷ মঞ্চৰ পৰা অসমৰ জনসাধাৰণক উদ্দেশ্যি বহাগ বিহুৰ শুভেচ্ছা জনোৱা তাৰকা গৰাকীয়ে জয় কৰিছে এতিয়া সমগ্ৰ অসমবাসীৰ মন ৷

লগতে পঢ়ক: ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাব নীল আকাশে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.