ETV Bharat / entertainment

Shreyas Talpade new movie: অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনেতা শ্ৰেয়াস তালপাড়ে

অভিনেতা শ্ৰেয়াস তালপাড়েক কংগনা ৰাণাৱটে পৰিচালনা কৰা ইমাৰ্জেন্সী ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব (Shreyas Talpade new movie)।

author img

By

Published : Jul 27, 2022, 12:40 PM IST

Shreyas Talpade
অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনেতা শ্ৰেয়াস তালপাড়ে

চিটাৰা ডেস্ক, 27 জুলাই : কংগনা ৰাণাৱটে নিৰ্মাণ কৰা ছবি ইমাৰ্জেন্সীত অভিনেতা শ্ৰেয়াস তালপাড়েই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত ৰূপায়ন কৰিব বুলি বুধবাৰে ঘোষণা কৰিছে নিৰ্মাতাসকলে (Shreyas Talpade new movie)। ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ watershed moment ৰ মূহুৰ্তৰ কাহিনী দেখুওৱাবলৈ লোৱা ছবিখনৰ লেখক তথা পৰিচালক খোদ ৰাণাৱট ।

ইয়াৰ উপৰিও কংগনাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু প্ৰবীণ অভিনেতা অনুপম খেৰে বিপ্লৱী নেতা জে পি নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিব । ইমাৰ্জেন্সীৰ নায়ক নায়িকাৰ তালিকাত তালপাড়েৰ দৰে বহুমুখী প্ৰতিভাৰ অভিনেতা এজনে যোগদান কৰাটো তেওঁ বাবে সৌভাগ্যৰ কথা বুলিও ৰাণাৱটে অভিহিত কৰে ।

"তেওঁ অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে যি শ্ৰীমতী গান্ধী প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত এজন যুৱ আৰু শক্তিশালী নেতা আছিল । তেওঁ ইমাৰ্জেন্সীৰ অন্যতম নায়ক । তেওঁ এজন বহুমুখী প্ৰতিভাৰ অভিনেতা হোৱাৰ বাবে তেওঁ এই ছবিখনত থকাত আমি সৌভাগ্যৱান", কংগনাই এইদৰে কয় ।

অভিনেত্ৰী-পৰিচালকগৰাকীয়ে এক বিবৃতিত কয় যে, "মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত তেওঁৰ অভিনয় আটাইতকৈ স্মৰণীয় হ'ব । আমি সৌভাগ্যৱান যে তেওঁৰ দৰে শক্তিশালী অভিনেতাজনক এই গুৰুত্বপূৰ্ণ চৰিত্ৰটোৰ বাবে আমি পাইছো" ৷

ইকবাল আৰু গোলমালৰ বাবে সুপৰিচিত তালপাড়েই কয় যে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ চৰিত্ৰ পৰ্দাত চিত্ৰিত কৰিবলৈ পাই তেওঁ সন্মান অনুভৱ কৰিছে । "অটল জী এজন আটাইতকৈ শ্ৰদ্ধাৰ, বুদ্ধিমান, বিদ্বান, প্ৰভাৱশালী আৰু লগতে ভাৰতৰ সৈতে সমগ্ৰ বিশ্বৰে অন্যতম প্ৰিয় নেতা । তেওঁক পৰ্দাত চিত্ৰিত কৰাটো কেৱল এটা ডাঙৰ সৌভাগ্যই নহয় বৰঞ্চ এক বিশাল সন্মান আৰু নিশ্চিতভাৱে এটা গধুৰ দায়িত্ব ৷ আশাকৰোঁ মই সকলোৰে আশা পূৰণ কৰিম । মই সেই চৰিত্ৰ চিত্ৰিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছো", অভিনেতাগৰাকীয়ে কয় ।

নিৰ্মাতাসকলে ছ’চিয়েল মিডিয়াত প্ৰয়াত বিজেপি নেতা হিচাপে তালপাড়েৰ পোষ্টাৰখনো উন্মোচন কৰে । মণিকাৰ্ণিকা ফিল্মছৰ এই ছবিখনৰ প্ৰযোজনা কৰিছে ৰেণু পিট্টী আৰু ৰাণাৱটে ।

লগতে পঢ়ক: Emergency Poster release: ইন্দিৰা গান্ধীৰ ভেশত আচৰিত কৰি তুলিলে কংগনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.