ETV Bharat / entertainment

এঞ্জিওপ্লাষ্টিৰ পিচত কেনে আছে অভিনেতা শ্ৰেয়স তালপাড়ে ? পত্নীয়ে দিলে আপডেট

Shreyas Talpade Health Update: হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে বলীউডৰ অভিনেতা শ্ৰেয়স তালপাড়ে । এতিয়া তেওঁৰ পত্নীয়ে তেওঁৰ স্বাস্থ্যৰ আপডেট প্ৰকাশ কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 1:37 PM IST

Shreyas Talpade health update: Actor's wife Deepti Talpade says, 'He is stable, will be discharged in a few days'
শ্ৰেয়স তালপাড়েৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা

চিটাৰা ডেস্ক, ১৫ ডিচেম্বৰ: বৃহস্পতিবাৰে বলীউডৰ অভিনেতা শ্ৰেয়স তালপাড়ে হৃদৰোগত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে । সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি চিকিৎসালয়ৰ এগৰাকী বিষয়াই বৃহস্পতিবাৰে অভিনেতাজনৰ এঞ্জিওপ্লাষ্টি কৰা বুলি জানিবলৈ দিয়ে । সম্প্ৰতি অভিনেতাগৰাকীৰ স্বাস্থ্যক লৈ অতিশয় চিন্তিত হৈ পৰিছে শ্ৰেয়সৰ অনুৰাগী আৰু তেওঁলোকে অভিনেতাজনৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে । এনে পৰিস্থিতিত এতিয়া অভিনেতাগৰাকীৰ পত্নী দীপ্তিয়ে ইনষ্টাগ্ৰামত আনুষ্ঠানিক বিবৃতি জাৰি কৰি শ্ৰেয়সৰ স্বাস্থ্যৰ আপডেট দিছে ।

শ্ৰেয়স তালপাড়েৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা ?

শ্ৰেয়স তালপাড়েৰ পত্নী দীপ্তিয়ে ইনষ্টাগ্ৰামত এটা টোকা শ্বেয়াৰ কৰি অভিনেতাগৰাকীৰ স্বাস্থ্যৰ আপডেট দিছে । দীপ্তিয়ে নিজৰ টোকাত লিখিছে, “প্ৰিয় বন্ধু-বান্ধৱী আৰু সংবাদ মাধ্যম, মোৰ স্বামীৰ শেহতীয়া স্বাস্থ্য সম্পৰ্কীয় সংকটৰ পিচত আপোনালোক সকলোৱে যি চিন্তা দেখুৱাইছে আৰু প্ৰাৰ্থনা কৰিছে, তাৰ বাবে মই কৃতজ্ঞ । মই এই কথা ক’বলৈ পাই সকাহ পাইছো যে তেওঁৰ এতিয়া সুস্থ আৰু কেইদিনমানৰ ভিতৰতে তেওঁক ডিছচাৰ্জ দিয়া হ’ব । এই সময়চোৱাত চিকিৎসা দলৰ বিশেষ যত্ন আৰু সময়োপযোগী সঁহাৰিৰ অতি প্ৰয়োজন ৷ চিকিৎসকৰ বিশেষজ্ঞতাৰ বাবে আমি কৃতজ্ঞ । আপোনালোকৰ সহায় আমাৰ দুয়োৰে বাবে শক্তিৰ উৎস হৈ পৰিছে - দীপ্তি শ্ৰেয়স তালপাড়ে ।"

শ্বুটিং শেষ হোৱাৰ পাচতে হৃদৰোগত আক্ৰান্ত হৈছিল শ্ৰেয়স

জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া মুম্বাইত ‘ৱেলকাম টু দ্য জংগল’ৰ শ্বুটিং শেষ কৰি অভিনেতাগৰাকী ঘৰলৈ উভতি আহিছিল ৷ কিন্তু ঘৰ অহাৰ লগে লগে বুকুৰ বিষ অনুভৱ কৰে আৰু তেওঁ অচেতন হৈ পৰে । ইয়াৰ পিচত তেওঁক লগে লগে মুম্বাইৰ বেলভিউ হাস্পতাললৈ লৈ যোৱা হয় । য’ত চিকিৎসকে নিশ্চিত কৰে যে তেওঁৰ হাৰ্ট এটাক হৈছে ৷ চিকিৎসালয়ৰ বিষয়াসকলে নিশ্চিত কৰে যে বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত তেওঁৰ এঞ্জিওপ্লাষ্টি কৰা হয় আৰু এই প্ৰক্ৰিয়া সফল হয় । চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা মতে, শ্ৰেয়সৰ অৱস্থা বৰ্তমান উন্নত আৰু এই মুহূৰ্তত তেওঁ সুস্থ হৈ আছে ।

শ্ৰেয়স তালপাড়ে ৱৰ্ক ফ্ৰন্ট

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে শ্ৰেয়স তালপাড়েক অতি সোনকালেই দেখা যাব ‘ৱেলকাম টু দ্য জংগল’ আৰু কংগনা ৰনৌতৰ পৰিচালনাত নিৰ্মিত ‘ইমাৰ্জেন্সি’ ছবিখনত । কংগনাৰ ছবিখনত দেখা যাব শ্ৰেয়সক প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত ।

লগতে পঢ়ক: শ্বুটিং কৰি ঘৰলৈ উভতি আহিছিল শ্ৰেয়স তালপাড়ে, তাৰ পিচতে ঘটিল অঘটন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.