ETV Bharat / entertainment

এসপ্তাহৰ মূৰত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল শ্ৰেয়স তালপাড়ে

Shreyas Talpade discharged : শেহতীয়াকৈ হাৰ্ট এটাকৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা অভিনেতা শ্ৰেয়স তালপাড়েক যোৱা নিশা চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় । অভিনেতাগৰাকীৰ পত্নীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি এই খবৰ নিশ্চিত কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 11:37 AM IST

Shreyas Talpade discharged from hospital, actor wife says, my life is back home
শ্ৰেয়স তালপাড়েক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়

চিটাৰা ডেস্ক, ২১ ডিচেম্বৰ: কমেডী ছবি গোলমালৰ তাৰকা শ্ৰেয়স তালপাড়ে যোৱা এসপ্তাহৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল । দৰাচলতে অভিনেতাজনে ‘ৱেলকাম টু দ্য জংগল’ ছবিখনৰ শ্বুটিং কৰি ঘৰলৈ উভতি আহিছিল ৷ কিন্তু ঘৰ অহাৰ পিচতে হঠাৎ বুকুৰ বিষ অনুভৱ কৰে শ্ৰেয়সে, যাৰ বাবে ততাতৈয়াকৈ পত্নীয়ে চিকিৎসালয়ত ভৰ্তি কৰায় আৰু চিকিৎসকে তেওঁৰ হাৰ্ট এটাক হোৱা বুলি নিশ্চিত কৰে । ইয়াৰ পিচত চিকিৎসকে তেওঁৰ এঞ্জিওপ্লাষ্টি কৰে ৷ ইফালে এই খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে চিন্তিত হৈ পৰিছিল অনুৰাগী আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল পোষ্ট ৷

অনুৰাগীৰ চিন্তাৰ প্ৰতি সঁহাৰি জনাই শেহতীয়াকৈ অভিনেতাগৰাকীৰ পত্নীয়ে এটা পোষ্ট যোগে কৈছিল যে তেওঁৰ স্বামীৰ স্বাস্থ্য কিছু উন্নত হৈছে । এতিয়া অভিনেতাজনৰ পত্নীয়ে আন এটা পোষ্ট শ্বেয়াৰ কৰি শ্ৰেয়সক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে । এই সন্দৰ্ভত পুনৰ এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে শ্ৰেয়সৰ পত্নী দীপ্তি শ্ৰেয়স তালপাড়েই । ইয়াৰ পূৰ্বে দীপ্তিয়ে ১৫ ডিচেম্বৰৰ পুৱা নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি স্বামীৰ স্বাস্থ্যৰ আপডেট দিছিল ।

শ্ৰেয়স চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পাচত যোৱা নিশা অভিনেতাগৰাকীৰ পত্নী দীপ্তিয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট ইনষ্টাগ্ৰামত তাৰকা স্বামীৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি লিখিছে, মোৰ জীৱনটো নিৰাপদে ঘৰলৈ উভতি আহিছে, আগতে মই মোৰ স্বামীৰ লগত তৰ্ক কৰিছিলোঁ ক’ত আৰু কাক বিশ্বাস কৰিব লাগে সেইবুলি, আজি এই প্ৰশ্নৰ উত্তৰ পাইছো ৷ ভগৱান সৰ্বোচ্চ, সেইদিনা সন্ধিয়া মই তেওঁৰ লগতে আছিলো যেতিয়া তেওঁৰ হাৰ্ট এটাক হৈছিল, এতিয়াৰে পৰা তেওঁৰ অস্তিত্বকলৈ মই আৰু কেতিয়াও প্ৰশ্ন উত্থাপন কৰিম বুলি নাভাবো ।’’

ইয়াৰ পূৰ্বে দীপ্তি শ্ৰেয়স তালপাড়েই নিজৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছিল, ‘‘প্ৰিয় বন্ধু-বান্ধৱী আৰু সংবাদ মাধ্যম, মোৰ স্বামীৰ শেহতীয়া স্বাস্থ্য সম্পৰ্কীয় সংকটৰ পিচত আপোনালোক সকলোৱে যি চিন্তা দেখুৱাইছে আৰু প্ৰাৰ্থনা কৰিছে, তাৰ বাবে মই কৃতজ্ঞ । মই এই কথা ক’বলৈ পাই সকাহ পাইছো যে তেওঁ এতিয়া সুস্থ আৰু কেইদিনমানৰ ভিতৰতে তেওঁক ডিছচাৰ্জ দিয়া হ’ব । এই সময়চোৱাত চিকিৎসা দলৰ বিশেষ যত্ন আৰু সময়োপযোগী সঁহাৰিৰ অতি প্ৰয়োজন ৷ চিকিৎসকৰ বিশেষজ্ঞতাৰ বাবে আমি কৃতজ্ঞ । আপোনালোকৰ সহায় আমাৰ দুয়োৰে বাবে শক্তিৰ উৎস হৈ পৰিছে - দীপ্তি শ্ৰেয়স তালপাড়ে।"

হাৰ্ট এটাকৰ পূৰ্বে কৰিছিল শ্বুটিং

উল্লেখ্য যে, শ্ৰেয়স তালপাড়েই বৰ্তমান তেওঁৰ ফুল অন কমেডী ছবি ‘ৱেলকাম টু দ্য জংগল’ৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছে আৰু হাৰ্ট এটাকৰ পূৰ্বে এই ছবিখনৰে শ্বুটিং কৰি আছিল অভিনেতাগৰাকীয়ে । ‘ৱেলকাম টু দ্য জংগল’ত অক্ষয় কুমাৰকে ধৰি বহু তাৰকা আছে । শেহতীয়াকৈ অক্ষয় কুমাৰে এই ছবিখনৰ শ্বুটিংৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত শ্ৰেয়স তালপাড়েকো দেখা গৈছিল ।

লগতে পঢ়ক: হাস্পতালৰ পৰা কেতিয়া ৰিলিজ দিয়া হ’ব শ্ৰেয়স তালপাড়েক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.