চিটাৰা ডেস্ক, 13 জুন : বলীউড আৰু ড্ৰাগছ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ বিগত দুবছৰে ড্ৰাগছৰ গোচৰত বহুতো বলীউডৰ তাৰকাৰ নাম সাঙোৰ খাইছে(Bollywood drugs case) ৷ এতিয়া বলীউডৰ বিখ্যাত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভায়েক সিদ্ধান্ত কাপুৰক যোৱা নিশা বেংগালুৰুৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সেৱনৰ অভিযোগত (Shraddha Kapoor brother Siddhanth Kapoor) ৷ এটা ৰেভ পাৰ্টিত আৰক্ষীয়ে চলোৱা অভিযানত সিদ্ধান্ত ধৰা পৰে আৰক্ষীৰ জালত ৷ প্ৰাপ্ত তথ্য অনুসৰি ড্ৰাগছ সেৱন কৰা ছয়জন লোকৰ ভিতৰত এজন আছিল সিদ্ধান্ত কাপুৰ ৷
বেংগালুৰু আৰক্ষীয়ে জনোৱা অনুসৰি, সিদ্ধান্তে ৰেভ পাৰ্টিৰ সময়ত ড্ৰাগছ সেৱন কৰি আছিল (Siddhanth kapoor drugs) । তেওঁৰ সৈতে আৰু পাঁচজন লোক জড়িত হৈ আছে । ৰেভ পাৰ্টিটো বেংগালুৰুৰ এমজি ৰোডৰ এখন হোটেলত অনুষ্ঠিত হৈছিল । সিদ্ধান্ত কাপুৰক আৰক্ষীয়ে হাতে লোটে ধৰা পেলাই ।
সিদ্ধান্ত কাপুৰ অভিনেতা শক্তি কাপুৰৰ পুত্ৰ ৷ শক্তি কাপুৰৰ বলীউডত এক সুনাম আছে । সিদ্ধান্তকো দুই এক নিৰ্বাচিত চলচ্চিত্ৰতহে দেখা গৈছিল । কিন্তু তেওঁৰ অভিনয় কেৰিয়াৰ প্ৰায় ফ্ল’প বুলিয়েই ক’ব পাৰি । সিদ্ধান্ত কাপুৰক ভগ্নী শ্ৰদ্ধা কাপুৰ অভিনীত 'হাছিনা পাৰ্কাৰ'ত দেখা গৈছিল ।
-
Karnataka | Actor Shraddha Kapoor's brother Siddhanth Kapoor detained during police raid at a rave party in a Bengaluru hotel, last night. He is among the 6 people allegedly found to have consumed drugs: Bengaluru Police pic.twitter.com/UuHZKMzUH0
— ANI (@ANI) June 13, 2022 " class="align-text-top noRightClick twitterSection" data="
">Karnataka | Actor Shraddha Kapoor's brother Siddhanth Kapoor detained during police raid at a rave party in a Bengaluru hotel, last night. He is among the 6 people allegedly found to have consumed drugs: Bengaluru Police pic.twitter.com/UuHZKMzUH0
— ANI (@ANI) June 13, 2022Karnataka | Actor Shraddha Kapoor's brother Siddhanth Kapoor detained during police raid at a rave party in a Bengaluru hotel, last night. He is among the 6 people allegedly found to have consumed drugs: Bengaluru Police pic.twitter.com/UuHZKMzUH0
— ANI (@ANI) June 13, 2022
উল্লেখনীয় যে ২০২০ চনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পিছত ড্ৰাগছৰ গোচৰত শ্ৰদ্ধা কাপুৰৰ নামো আহিছিল । শ্ৰদ্ধাকো এই ক্ষেত্ৰত এনচিবিয়ে প্ৰশ্ন কৰিছিল ।
লগতে পঢ়ক: ড্ৰাগছৰ গোচৰত ক্লীনশ্বীট পালে আৰিয়ান খানে