ETV Bharat / entertainment

Shraddha Kapoor:কোটি টকীয়া বাহন চলাই দীপাৱলী পাৰ্টিত উপস্থিত হ’ল শ্ৰদ্ধা কাপুৰ, হতবাক অনুৰাগী

শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে দীপাৱলী পাৰ্টিত অংশ লৈছিল । এই সময়চোৱাত অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যত কৈ অধিক তেওঁৰ বাহনখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ কিন্তু কিয় জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:26 PM IST

Shraddha Kapoor arrive Diwali party with Lamborghini, fans were impressed
কোটি টকীয়া বাহনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে শ্ৰদ্ধা কাপুৰে

চিটাৰা ডেস্ক, 13 নৱেম্বৰ: বিগত কেইবাদিন ধৰি বলীউডত চলি আছে দীপাৱলী উদযাপন । দীপাৱলী উপলক্ষে বলীউডৰ বহু তাৰকাই আয়োজন কৰিছে দীপাৱলী পাৰ্টিৰ, য’ত চলচ্চিত্ৰ জগতৰ বহু তাৰকাই অংশগ্ৰহণ কৰা দেখা গৈছে । শেহতীয়াকৈ শ্ৰদ্ধা কাপুৰকো দেখা গৈছিল দীপাৱলীৰ পাৰ্টিত, কিন্তু এই দীপাৱলীৰ পাৰ্টিত শ্ৰদ্ধা কাপুৰৰ পৰিৱৰ্তে অভিনেত্ৰীগৰাকীৰ বাহনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ ৷ য’ত অভিনেত্ৰীগৰাকীক বাহনৰ পৰা ওলাই অহা দেখা গৈছে ৷

শেহতীয়াকৈ পাপাৰাজীয়ে ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’, য’ত শ্ৰদ্ধা কাপুৰক অতি সুন্দৰ দেখা গৈছে । পাৰ্টিৰ বাবে শ্ৰদ্ধাই বাছি লৈছিল নীলা ৰঙৰ লেহেংগা । কিন্তু শ্ৰদ্ধাৰ লগতে পাৰ্টিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে শ্ৰদ্ধাৰ বাহনখনে ৷ কিন্তু কিয়? এনেকুৱা কি আছে শ্ৰদ্ধাৰ বাহনখনত যাৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ?

দৰাচলতে শ্ৰদ্ধাই যিখন বাহন চলাই পাৰ্টিত উপস্থিত হৈছিল সেইখনৰ মূল্য শুনিলে হতবাক হ’ব আপুনি ৷ ভিডিঅ’টোত শ্ৰদ্ধাক ৰঙা ৰঙৰ লেমবৰ্গিনি বাহনৰ পৰা নামি অহা দেখা গৈছে । বাহনখন নিজেই চলাই পাৰ্টিত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী । কিছুদিন পূৰ্বে শ্ৰদ্ধাই ক্ৰয় কৰিছিল এই নতুন বাহনখন । জানিব পৰা মতে বাহনখনৰ মূল্য হৈছে ৪.০৪ কোটি টকা ।

বাহনখন ক্ৰয় কৰাৰ পিচত শ্ৰদ্ধাক কেইবাবাৰো নিজেই বাহনখন চলোৱা দেখা পোৱা গৈছিল । অৱশ্যে এতিয়া অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰা লগে লগে অনুৰাগীয়ে অতিকৈয়ে পছন্দ কৰিছে ৷ এই ভিডিঅ’টোৰ সন্দৰ্ভত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ইমান ধুনীয়া । এই গাড়ীখন মোৰ বৰ ভাল লাগিছে ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “কুইন ।” ভাইৰেল ট্ৰেণ্ডৰ ষ্টাইলত আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “So beautiful…so elegant….just looking like a woaw!! ।”

লগতে পঢ়ক: Kangana Ranaut: 'তেজস'ৰ ফ্লপৰ পিচত কংগনাই এনেদৰে উদযাপন কৰিলে দীপাৱলী, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.