চিটাৰা ডেস্ক, 10 অক্টোবৰ: বিগ বছ খণ্ড ১৩ৰ পৰা লাইমলাইটলৈ আহিছিল শ্বেহনাজ গিল ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ছলমান খান অভিনীত ছবি কিচি কা ভাই কিচি কি জান ছবিৰে বলীউডত অভিষেক ঘটোৱা অভিনেত্ৰী শ্বেহনাজ গিলক শেহতীয়াকৈ ‘থেংক ইউ ফৰ কমিং’ ছবিখনত দেখা গৈছিল ৷ ছবিখন মুক্তি পোৱাৰ পিছতে অভিনেত্ৰীগৰাকীক লৈ এক ডাঙৰ খবৰ আহি পৰিছে ৷ দৰাচলতে শ্বেহনাজ গিলক চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৷ সোমবাৰে নিশা অভিনেত্ৰীগৰাকীয়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ প্ৰকাশ পাইছিল ৷
প্ৰযোজক ৰিয়া কাপুৰ
‘থেংক ইউ ফৰ কমিং’ৰ শিৰোনামত থকা পঞ্জাৱৰ কেটৰিনা অৰ্থাৎ শ্বেহনাজ গিল হঠাতে অসুস্থ হৈ পৰাত কোকিলাবেন হাস্পতালত ভৰ্তি হ’বলগীয়া হয় ৷ সোমবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই খবৰ ৷ কেৱল এয়াই নহয়, প্ৰযোজক ৰিয়া কাপুৰেও তেওঁক সাক্ষাৎ কৰিবলৈ গভীৰ নিশা চিকিৎসালয়ত উপস্থিত হয় ৷
-
#ShehnaazGill is truly a source of happiness 🥺💖
— Fun Flick Fiesta (@Warlock_270) October 9, 2023 " class="align-text-top noRightClick twitterSection" data="
Despite not being well herself, she continued to smile throughout the entire live session ❤️
May God bless her and keep her protected.. 🙏
One of the most amazing moments was when #AnilKapoor sir referred to her as 'Mumtaj'. 😍❤️ pic.twitter.com/bRqWDpbO2u
">#ShehnaazGill is truly a source of happiness 🥺💖
— Fun Flick Fiesta (@Warlock_270) October 9, 2023
Despite not being well herself, she continued to smile throughout the entire live session ❤️
May God bless her and keep her protected.. 🙏
One of the most amazing moments was when #AnilKapoor sir referred to her as 'Mumtaj'. 😍❤️ pic.twitter.com/bRqWDpbO2u#ShehnaazGill is truly a source of happiness 🥺💖
— Fun Flick Fiesta (@Warlock_270) October 9, 2023
Despite not being well herself, she continued to smile throughout the entire live session ❤️
May God bless her and keep her protected.. 🙏
One of the most amazing moments was when #AnilKapoor sir referred to her as 'Mumtaj'. 😍❤️ pic.twitter.com/bRqWDpbO2u
শ্বেহনাজ গিলে নিজেই দিলে স্বাস্থ্যৰ আপডেট
ছচিয়েল মিডিয়াত শ্বেহনাজ গিলৰ অসুস্থতাৰ খবৰ অহাৰ লগে লগে তেওঁৰ অনুৰাগীসকল অতিশয় বিচলিত হৈ পৰে ৷ এই কথা দেখি শ্বেহনাজে নিজেই গভীৰ নিশা ইনষ্টাগ্ৰামত লাইভ আহি তেওঁৰ অনুৰাগীৰ সৈতে কথা পাতিছিল আৰু লগতে তেওঁৰ স্বাস্থ্যৰ বিষয়েও আপডেট দিছিল ৷
সেই সময়ত তেওঁ কয় যে, এতিয়া তেওঁ একেবাৰে ভালেই আছে ৷ কেৱল এয়াই নহয়, এই সময়ছোৱাত তেওঁ ক’লে যে কিছু বাহিৰা খাদ্য খোৱাৰ বাবে তেওঁৰ পেটৰ সংক্ৰমণ হৈছে, যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে ৷ লগতে তেওঁ সকলোকে বাহিৰা খাদ্য বৰ্জন কৰিবলৈ পৰামৰ্শ দিয়ে ৷
ইফালে ভিডিঅ’টোত অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’টো চোৱাৰ পিছত অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে ৷
ইফালে, শ্বেহনাজৰ অনুৰাগীয়ে ৩০ বছৰীয়া অভিনেতাগৰাকীৰ ওপৰত ভৰপূৰ মৰম উপচোৱাৰ লগতে কমেণ্ট ছেকচনত তেওঁৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে । বহু অনুৰাগীয়ে শ্বেহনাজৰ স্বাস্থ্যক লৈ চিন্তিত যেন লাগিছিল আৰু বেছিভাগেই শ্বেহনাজৰ আশু আৰোগ্য কামনা কৰিছিল ।
এজন অনুৰাগীয়ে লিখে যে, "Get well soon mere bacche." আন এজনে লিখিছে, "নিজৰ যত্ন লোৱা মেৰী জান ।" এজন ব্যৱহাৰকাৰীয়ে ধেমালিতে মন্তব্য কৰিছিল, "Hospital be like: thank you for coming"
অনিল কাপুৰে কৰিলে এই মন্তব্য
শ্বেহনাজৰ ইনষ্টাগ্ৰাম লাইভত মন্তব্য কৰাৰ সময়ত অনিল কাপুৰেও লগতে লিখে যে, "You are like Mumtaz, the next Mumtaz" ৷ সকলোৱে চাই আছে আৰু শলাগ লৈছে ৷ উল্লেখ্য যে, ‘থেংক ইউ ফৰ কমিং’ ছবিখনতো অনিল কাপুৰকো দেখা গৈছে ৷ ইয়াৰ উপৰিও এই চিনেমাখনত অভিনয় কৰিছে ভূমি পেডনেকাৰ, কুশা কপিলা, শিবানী বেদী, ডলী সিং, কৰণ কুণ্ড্ৰাৰ লগতে অন্য কলা-কুশলী৷
শ্বেহনাজৰ ৱৰ্ক ফ্ৰণ্ট
ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে শ্বেহনাজক পৰৱৰ্তী সময়ত ৰিতেশ দেশমুখ, নোৰা ফাতেহী, আৰু জন আব্ৰাহামৰ সৈতে ছবি ১০০% ত দেখা যাব, যাক পৰিচালনা কৰিছে চাজিদ খানে । চলিত বৰ্ষৰ দীপাৱলী উপলক্ষে ছবিখন মুকলি কৰাৰ কথা ৷
লগতে পঢ়ক: Vidya Balan: এটি কন্যা সন্তানৰ মাতৃ নেকি বিদ্যা বালন ? এই সন্দৰ্ভত মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে