চিটাৰা ডেস্ক, 31 জুলাই: হিন্দী ছবিৰ ছুপাৰষ্টাৰ শত্ৰুঘ্ন সিনহাৰ পুত্ৰ তথা অভিনেত্ৰী সোনাক্ষী সিনহাৰ ভাতৃ লাভ সিনহাক আকৌ এবাৰ দেখা যাব ডাঙৰ পৰ্দাত ৷ ছানী দেওল আৰু অমিষা পেটেলৰ গদৰ ২ ছবিৰ জৰিয়তে প্ৰায় ৫ বছৰৰ পাচত ডাঙৰ পৰ্দাত পুনৰ উভতি আহিব লাভ সিনহা । কিন্তু আপুনি জানেনে, ২০১০ চনত চলচ্চিত্ৰ জীৱন আৰম্ভ কৰা লাভ সিনহাই ছুপাৰষ্টাৰৰ পুত্ৰ হোৱাৰ পিচতো বলীউডত নিজৰ কেৰিয়াৰ বনাব নোৱাৰিলে ৷ ১৩ বছৰত লাভ সিনহাই মাত্ৰ তিনিখন ছবিহে লাভ কৰিছে, সেইখনো বক্স অফিচত বিশেষ একো ফলাফল দেখুৱাব নোৱাৰিলে ।
ছুপাৰষ্টাৰৰ পুত্ৰ হোৱাৰ সুবিধা নাপালে লাভ সিনহাই
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১০ চনত বলিউডত আত্মপ্ৰকাশ কৰিছিল লাভ সিনহাই ৷ ‘ছদিয়া’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল কৰিছে লাভে । ৰাজ কানৱাৰৰ পৰিচালনাত নিৰ্মিত ছবিখনত ঋষি কাপুৰ, ৰেখা আৰু হেমা মালিনীৰ সৈতে পৰ্দা শ্বেয়াৰ কৰাৰ সুযোগ লাভ কৰিছিল লাভ সিনহাই। কিন্তু ‘ছদিয়া’ ছবিখনে বৰ বিশেষ ফলাফল দেখুৱাব নোৱাৰিলে বক্স অফিচত ৷ এনে পৰিস্থিতিত লাভ সিনহাৰ কেৰিয়াৰ য’ৰ পৰা আৰম্ভ হৈছিল সেই স্থানতেই আবদ্ধ হৈ থাকি যায় । তাৰ পিচত লাভ সিনহা ৮ বছৰ ধৰি চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি থাকে ।
৮ বছৰৰ পিচত দ্বিতীয়খন ছবি লাভ কৰিলে লাভে
লাভ সিনহাই প্ৰথম ছবিখনতেই ব্যৰ্থ হৈছিল, গতিকে আন এখন ছবি পাবলৈ তেওঁক এবছৰ বা দুবছৰ নহয়, ৮ বছৰ সময় লাগিছিল । ৮ বছৰৰ পিচত ২০১৮ চনত মুক্তি পোৱা পল্টন ছবিখনত অভিনয় কৰে লাভ সিনহাই । এই ছবিখনত লাভ সিনহাই অৰ্জুন ৰামপাল আৰু জেকী শ্ৰফৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছিল । কিন্তু এই ছবিখনেও বক্স অফিচত বিশেষ একো ফলাফল দেখুৱাব নোৱাৰিলে, সেয়েহে আকৌ এবাৰ লাভ সিনহাৰ কেৰিয়াৰত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল । একে সময়তে পল্টনৰ পিচত লাভ সিনহাই পাঁচ বছৰৰ মূৰত গদৰ ২ ত অভিনয় কৰিবলৈ ওলাইছে । এনে পৰিস্থিতিত ছুপাৰষ্টাৰৰ পুত্ৰ হোৱাৰ বাবে লাভ সিনহাই বলীউডত বিশেষ সুবিধা পোৱা নাই বুলি ক’লে ভুল নহ’ব ।
লগতে পঢ়ক: Dream Girl 2 Teaser Out: আয়ুষ্মান খুৰানাৰ ড্ৰিম গাৰ্ল ২ ৰ টিজাৰ মুকলি, ৰঙা শাৰীত আহি গ’ল পূজা