ETV Bharat / entertainment

Mahesh Babu on Jawan: জৱানক লৈ মহেশ বাবুৱে দিলে ৰিভিউ, শ্বাহৰুখ খানকলৈ ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:43 PM IST

শ্বাহৰুখ খানৰ ছবি ‘জৱান’ৰ ৰিভিউ । দক্ষিণৰ ছুপাৰষ্টাৰ অভিনেতা মহেশ বাবুৱে শ্বাহৰুখ খানৰ অভিনীত ছবিখনৰ প্ৰশংসা কৰিছে ৷

Shah rukh khans movie Jawaan is the pool of accolades south superstar Mahesh babu
মহেশ বাবুৱে শ্বাহৰুখ খানৰ অভিনীত ছবিখনৰ প্ৰশংসা কৰিছে

চিটাৰা ডেস্ক, ৭ ছেপ্টেম্বৰ: শ্বাহৰুখ খান আৰু এটলীৰ যাদু দেখা গৈছে ‘জৱান’ ছবিখনত ৷ অনুৰাগীৰ পৰা সমালোচকলৈকে সকলোৰে পৰা জৱানে উৎকৃষ্ট প্ৰশংসা লাভ কৰিছে ৷ আনহাতে দক্ষিণৰ পৰা বলীউডলৈকে... সকলো তাৰকাই জৱানক প্ৰশংসা কৰিছে। জৱানত কিং খানক সম্পূৰ্ণ একচন মোডত দেখা গৈছে । মুক্তিৰ দিনাই ছবিখনে ভাৰতত ৭৫ কোটি টকাৰ গ্ৰেণ্ড অ’পেনিং কৰিছে । বলীউডত এইখনেই প্ৰথম ছবি, যিখন প্ৰথম দিনাই ভাৰততে ৭৫ কোটি টকাৰে বক্স অফিচত খাতা খুলিছে ৷ ইফালে দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৱে ‘জৱান’ৰ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ এই পোষ্টটোত মহেশ বাবুৱে শ্বাহৰুখ খানক জুই বুলি অভিহিত কৰিছে।

দক্ষিণৰ জনপ্ৰিয় অভিনেতা মহেশ বাবুৱে শ্বাহৰুখ খান আৰু নয়নতৰাৰ অভিনীত ছবিখন উপভোগ কৰিছে ৷ শ্বাহৰুখ খান আৰু দলটোক শুভকামনা জনাই তেওঁ টুইট কৰি কয়- য়েহ জৱান কা টাইম হে, কিঙৰ সৈতে কিং চাইজ এণ্টাৰটেইনমেণ্ট ৷ পৰিচালক এটলীক প্ৰশংসা কৰি মহেশ বাবুৱে লগতে লিখিছে, ‘অ’ৰা... কৰিশ্মা আৰু চিত্ৰনাট্য অতুলনীয়’ ৷ মহেশ বাবুৱে জৱানক সৰ্বকালৰ সৰ্ববৃহৎ ব্লকবাষ্টাৰ বুলি অভিহিত কৰিছে ।

  • #Jawan... Blockbuster cinema… 💥💥💥 @Atlee_dir delivers king size entertainment with the King himself!! Comes up with his career's best film… 👏👏👏 The aura, charisma and screen presence of @iamsrk are unmatched… He’s on fire here 🔥🔥🔥!! Jawan will break his own records……

    — Mahesh Babu (@urstrulyMahesh) September 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মহেশ বাবুৱে ‘জৱান’ক ‘জুই’ বুলি অভিহিত কৰে

ইয়াৰ পূৰ্বে মহেশ বাবুৱে জৱানক দেখাৰ সন্দৰ্ভত টুইট কৰিছিল, যিটোৰ সন্দৰ্ভত শ্বাহৰুখ খানেও টুইট কৰিছিল । শ্বাহৰুখ খানে টুইট কৰি মহেশ বাবুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি জৱানক একেলগে চোৱাৰ প্ৰস্তাৱ দিয়ে । শ্বাহৰুখে টুইটযোগে লিখিছে, ‘আশাকৰোঁ আপোনালোকে ছবিখন ভাল পাব । আপুনি যেতিয়া ছবিখন চাবলৈ যাব মোক নিশ্চয় জনাব, মই আহিম আৰু আপোনাৰ সৈতে ছবিখন চাম ।’ জৱানৰ সংগীত পৰিচালক অনিৰুদ্ধেও মহেশ বাবুক তেওঁৰ টুইটৰ বাবে ধন্যবাদ জনায় ।

জৱানে লাভ কৰিছে উৎকৃষ্ট ৰেটিং

উল্লেখ্য যে, শ্বাহৰুখ খানৰ ছবি জৱানক সমালোচকে ৪ৰ পৰা ৫ ষ্টাৰৰ ভিতৰত ৰেটিং দিছে । শ্বাহৰুখ খানৰ একচন আৰু এটলীৰ পৰিচালনাই একেলগে জৱানক হিট কৰি তুলিছে ৷ লেডী গেঙেও ছবিখনত আচৰিত কাম কৰিছে । জৱানৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰে নয়নতৰাই ৷ ইফালে দীপিকা পাডুকন আৰু সঞ্জয় দত্তেও ছবিখনত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে ৷ জৱানৰ গাৰ্ল গেং সান্যা মালহোত্ৰা, প্ৰিয়মণি, গিৰিজা অক গডবোলে, সঞ্জিতা চেটাৰ্জী আৰু লহৰ খানে ভাল অভিনয় কৰিছে। বিজয় সেতুপথিয়েও এক আকৰ্ষণীয় চৰিত্ৰত অভিনয় কৰিছে।

লগতে পঢ়ক: Rinku Singh on Jawan: জৱান চালে ক্ৰিকেটাৰ ৰিংকু সিঙে, ছবি শ্বেয়াৰ কৰি কিং খানৰ বিষয়ে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.