ETV Bharat / entertainment

কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2022 ত অমিতাভ-জয়াৰ চৰণ স্পৰ্শ কৰে কিং খানে

author img

By

Published : Dec 16, 2022, 3:49 PM IST

কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2022 ধুমধামেৰে চলি আছে । মহোৎসৱৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য'ত কিং খানক বিগ বি আৰু জয়া বচ্চনৰ চৰণ স্পৰ্শ কৰা দেখা গৈছে ।

Shah Rukh Khan
অমিতাভ-জয়াৰ চৰণ স্পৰ্শ কৰে কিং খানে

চিটাৰা ডেস্ক, 16 ডিচেম্বৰ : আগন্তুক ছবি ‘পাঠান’ৰ ‘Besharam rang’ বিতৰ্কৰ মাজতে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2022ত উপস্থিত হয় বাদশ্বাহ শ্বাহৰুখ খান (KIFF 2022) । অভিনৱ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰা কিং খান নিজৰ নম্ৰ স্বভাৱৰ বাবেও সকলোৰে মাজত প্ৰিয় । চলচ্চিত্ৰ মহোৎসৱত কিং খানে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তেওঁৰ পত্নী জয়া বচ্চনক ভৰি চুই অভিবাদন জনায় । শ্বাহৰুখে বিগ বিক জোৰেৰে সাৱটিও ধৰিলে ।

আপোনালোকক জনাওঁ যে বিশেষ মুহূৰ্তটো ধৰি ৰখা সুন্দৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত ৰাণীয়ে মঞ্চত প্ৰবীণ অভিনেতাসকলক সম্ভাষণ জনোৱা দেখা গৈছে । শ্বাহৰুখ, বিগ বি, জয়া বচ্চন আৰু ৰাণী মুখাৰ্জীক একেলগে দেখি অনুৰাগীসকল নষ্টালজিক হৈ পৰে কিয়নো তেওঁলোকক একেলগে দেখি আইকনিক ছবি 'কভি খুশী কভি গম'ৰ কথা মনত পৰে সকলোৰে (KIFF 2022 Srk video)।

এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে ‘ৰাইচান্দ ফেমিলি ৰিইউনিয়ন’ আৰু আন এজনে লিখিছে ‘শ্বাহৰুখ শ্ৰেষ্ঠ, তেওঁ সকলোকে সন্মান কৰে’ । এজন নেটিজেনে টুইট কৰি কয়, ‘কে 3 জি পুনৰ মিলন অতি উত্তম’ । তাৎপৰ্যপূৰ্ণভাৱে 2001 চনত মুক্তি পোৱা ‘কভি খুশী কভি গম’ ছবিখনত শ্বাহৰুখে জয়া বচ্চন আৰু অমিতাভ বচ্চনৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল । কৰণ জোহৰৰ পৰিচালিত ছবিখনত কাজল, হৃত্বিক ৰোশন আৰু কৰীণা কাপুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ।

  • #WATCH | Veteran actors Amitabh Bachchan and Jaya Bachchan, film stars Shah Rukh Khan, Rani Mukherji attend the inaugural program of the 28th International Kolkata Film Festival in Kolkata with West Bengal CM Mamata Banerjee and former India Cricket captain Sourav Ganguly pic.twitter.com/tKg3bXXFEJ

    — ANI (@ANI) December 15, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বুধবাৰে কভি খুশী কভি গম ছবিখনে 21 বছৰ সম্পূৰ্ণ কৰিলে আৰু আমোদজনকভাৱে তাৰ ঠিক এদিন পিছতেই শ্বাহৰুখ খান, বিগ বি আৰু জয়া বচ্চনে এই মহোৎসৱত পুনৰ একত্ৰিত হয় । K3G নামেৰে জনাজাত এই ছবিখনত ৰাণীয়ে কেমিঅ’ কৰিছিল । ‘কভি খুশী কভি গম’ৰ উপৰিও শ্বাহৰুখ আৰু বিগ বিয়ে ‘মহব্বতেইন’, ‘পাহেলী’, ‘বীৰ জাৰা’, ‘ভূতনাথ ৰিটাৰ্ণছ’ আৰু ‘কভি আলভিদা না কেহনা’ ছবিতো একেলগে কাম কৰিছে ।

লগতে পঢ়ক : Vivek Oberoi on bollywood lobby:বলীউডৰ লবীয়ে কি যান্ত্ৰণা দেখুৱাইছিল সুশান্ত-বিবেকৰ দৰে অভিনেতাক?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.