ETV Bharat / entertainment

জনপ্ৰিয় তাৰকাৰ তালিকাত শীৰ্ষত কিং খান, আলিয়াৰ পৰা দীপিকা পাডুকনলৈকে, কোনে পালে কোনটো স্থান জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 1:49 PM IST

IMDb List: এইবাৰৰ IMDb ৰ শীৰ্ষ ১০ গৰাকী জনপ্ৰিয় ভাৰতীয় তাৰকাৰ তালিকা প্ৰকাশ । এই তালিকাত ১ নম্বৰ স্থানত আছে শ্বাহৰুখ খান ।

Shah Rukh Khan tops IMDb's list of most popular Indian stars of the year
IMDb শীৰ্ষ ভাৰতীয় তাৰকাৰ তালিকা প্ৰকাশ

চিটাৰা ডেস্ক, 23 নৱেম্বৰ: IMDb ৰ এইবাৰৰ শীৰ্ষ ভাৰতীয় তাৰকাৰ তালিকা প্ৰকাশ । এই তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে বলীউডৰ কিং শ্বাহৰুখ খানে । এই তালিকা অনুসৰি কিং খান এই বছৰৰ শীৰ্ষ ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হৈছে ।

এইবাৰৰ শীৰ্ষ তাৰকা হিচাপে পৰিগণিত শ্বাহৰুখ খান

এই বছৰত দুখন ব্লকবাষ্টাৰ ছবি উপহাৰ দিছে শ্বাহৰুখ খানে ৷ সেয়া হৈছে জৱান আৰু পাঠান । এই দুয়োখন ছবিয়েই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল । ছবি দুখনক দৰ্শকে আকোঁৱালি লৈছিল । ছবি দুখনে বহু অভিলেখো ভংগ কৰিছিল ৷ ইয়াৰ লগে লগে এই বছৰৰ শীৰ্ষ অভিনেতা হিচাপে পৰিগণিত হৈছে শ্বাহৰুখ খান । শ্বাহৰুখৰ দুয়োখন ছবিয়ে ১০০০ কোটিতকৈও অধিক টকাৰ ব্যৱসায় কৰিছে । একে সময়তে এতিয়া শ্বাহৰুখ খানৰ আন এখন ডাঙৰ ছবি ডাংকিও মুক্তিৰ বাবে সাজু হৈছে ।

দীপিকা পাডুকন আৰু আলিয়া ভাটে শীৰ্ষ ৩ ৰ ভিতৰত স্থান লাভ কৰে

এই তালিকাত শ্বাহৰুখ খান ১ নম্বৰত থকাৰ বিপৰীতে দীপিকা পাডুকন আৰু আলিয়া ভাটেও শীৰ্ষ ৩ ৰ ভিতৰত স্থান দখল কৰিছে । এই তালিকাত ২ নম্বৰ স্থানত আছে আলিয়া ভাট । অভিনেত্ৰীগৰাকীয়ে এইবাৰ দুখন ছবি কৰিছিল, তাৰ ভিতৰত এখন ছবি আছিল কৰণ জোহৰৰ ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি আৰু হলিউডৰ হাৰ্ট অৱ ষ্টোনতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক । এই তালিকাত তৃতীয় স্থান দখল কৰিছে দীপিকা পাডুকনে । পাঠান ছবিখনত শ্বাহৰুখ খানৰ সৈতে দেখা গৈছিল । একে সময়তে জৱানৰ অভিনেত্ৰী নয়নতৰাও স্থান লাভ কৰিছে এই তালিকাত ।

শীৰ্ষ ১০ গৰাকী তাৰকাৰ সম্পূৰ্ণ তালিকা:

১/ শ্বাহৰুখ খান

২/ আলিয়া ভাট

৩/ দীপিকা পাডুকন

৪/ বামিকা গাব্বি

৫/ নয়নতৰা

৬/ তমন্না ভাটিয়া

৭/ কৰীণা কাপুৰ খান

৮/ শোভিতা ধূলিপালা

৯/ অক্ষয় কুমাৰ

১০/ শ্বাহিদ কাপুৰ

লগতে পঢ়ক: সুহানা খানৰ সৈতে জন্মদিন উদযাপন অমিতাভৰ নাতি অগস্ত্য নন্দাৰ, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.