ETV Bharat / entertainment

দুৰ্ধৰ্ষ অপৰাধীৰ সৈতে বিদেশী জেইলত ডাংকিৰ শ্বুটিঙৰ অভিজ্ঞতা ব্যক্ত কৰিলে শ্বাহৰুখ খানে

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:25 AM IST

Dunki Shooting In Jail: শ্বাহৰুখ খানে আগন্তুক ছবি ডাংকিৰ শ্বুটিঙৰ সৈতে জড়িত কিছু আমোদজনক কাহিনী কৈছে । ছবিখন মুক্তিৰ পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰিছে Dunki Dairies এ ।

Shah Rukh Khan shared his experience of shooting dunki in foreign jails with notorious criminals
শ্বাহৰুখ খান ডাংকি ডায়েৰীছ

চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ : শীঘ্ৰেই মুক্তি পাব বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবি ‘ডাংকি’ । ছবিখনৰ মুক্তিৰ মাজত আছে মাত্ৰ দুদিন । ইফালে ছবি নিৰ্মাতা আৰু ছবিখনৰ তাৰকা অভিনেতাসকল সম্প্ৰতি ব্যস্ত হৈ পৰিছে ডাংকিৰ জোৰদাৰ প্ৰচাৰত ।

উল্লেখ্য যে, শ্বাহৰুখ খানৰ উপৰিও ডাংকি ছবিখনত অভিনয় কৰিছে তাপসী পান্নু, বিকি কৌশল আৰু বোমন ইৰাণীয়েও । বৰ্তমান শ্বাহৰুখ খান তথা পৰিচালক ৰাজকুমাৰ হিৰাণীয়ে মুক্তিৰ পূৰ্বে ডাংকি ডায়েৰীছৰ অধীনত ছবিখনৰ সৈতে জড়িত কিছু আমোদজনক কাহিনী শ্বেয়াৰ কৰিছে । শ্বাহৰুখ আৰু তাপসীয়েও কয় যে ডাংকিৰ শ্বুটিং প্ৰকৃত জেইলতে হৈছে আৰু দুৰ্ধৰ্ষ অপৰাধীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা যথেষ্ট ভয় লগা আছিল ।

শেহতীয়াকৈ ‘ডাংকি’ৰ তাৰকাসকলে Red chilies entertainment ৰ ইউটিউব চেনেলত ছবিখনৰ বিটিএছৰ (Behind the scene) এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত শ্বাহৰুখ খান, তাপসী পান্নু আৰু ৰাজকুমাৰ হিৰাণীয়ে প্ৰকৃত জেইলত শ্বুটিং কৰাৰ কথা উল্লেখ কৰে ।

ইয়াৰ পাচত শ্বাহৰুখ খানে তেওঁৰ লণ্ডন শ্বুটিঙৰ স্নেপশ্বট পোষ্ট কৰে । ছবিখনত তাপসী পান্নুক কইনাৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছে আৰু শ্বাহৰুখ খানক টাক্সেডো পৰিধান কৰা দেখা গৈছে ৷ দুয়োকে জেইলৰ ছেটত দেখুওৱা হৈছে, য’ত ৰাজকুমাৰ হিৰাণীয়ে দৃশ্যটো পৰিচালনা কৰিছে । এই সন্দৰ্ভত হিৰাণীয়ে মন্তব্য কৰি কয়, ‘‘এয়া জেইলৰ দৃশ্য, মই যেতিয়া ইংৰাজী ছবি চাইছিলো, তেতিয়া ভাবিছিলো, তেওঁলোকৰ জেইল আমাৰ জেইলৰ পৰা পৃথক । মই ভাবিছিলো যে যদি মই সুযোগ পাওঁ তেন্তে তেওঁলোকৰ জেইলত শ্বুটিং কৰিব বিচাৰিম আৰু সেই সপোন বাস্তৱায়িত হ’ল । এয়া আছিল প্ৰকৃত জেইল আৰু জেইলত বন্দী হৈ আছিল বহু অপৰাধী ।”

ইয়াৰ পিচত শ্বাহৰুখ খানে কয়, "সেই অপৰাধীবোৰ বিপদজনক আছিল ।" লগতে তাপসী পান্নুৱে কয়, ‘‘আমাৰ শ্বুটিং চলি থকা বিল্ডিঙৰ ভিতৰতো অপৰাধী আছিল আৰু মাজে মাজে খিৰিকীৰে বাহিৰলৈ চাই তেওঁলোকে চিঞৰিছিল । শ্বাহৰুখ খানে ধেমালিতে কয়, “মই তেওঁলোকক অনুৰাগী বুলি ভাবিছিলো, কিন্তু তেওঁলোক অপৰাধী আছিল ।”

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত নিৰ্মিত ডাংকিৰ সহ-লেখক হৈছে অভিজাত যোশী আৰু কণিকা ধিলন । এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে হিৰানী আৰু শ্বাহৰুখ খানে একেলগে কাম কৰিছে । ইয়াৰোপৰি বিক্ৰম কোচহৰ, অনিল গ্ৰ’ভাৰ আৰু জ্যোতি সুভাষকো দেখা যাব ছবিখনত । ২০২৩ চনৰ ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ডাংকি ।

লগতে পঢ়ক: শ্বাহৰুখ খানে নিজেই প্ৰকাশ কৰিলে ডাংকিৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.