চিটাৰা ডেস্ক, 31 জানুৱাৰী : পাঠানৰ সফলতাই বলীউডৰ উৰ্দ্ধমুখী যাত্ৰাৰ সূচনা কৰিছে ৷ যেন এক দীঘলীয়া বিৰতিৰ মূৰত গৰম হৈ পৰিছে বক্স অফিচ ৷ মুক্তিৰ দিনাই পাঠান ছবিখনে ভাঙিলে কেইবাটাও ৰেকৰ্ড ৷ বৰ্তমানলৈকে চিনেমাহল সমূহত পূৰ্ণ গতিত চলি আছে পাঠান ৷
পাঠানৰ অভাৱনীয় সফলতালৈ চাই নিৰ্মাতাই আয়োজন কৰে এখন সংবাদমেলৰ ৷ নিৰ্মাতাকে ধৰি তাৰকাসকলে উপস্থিত সকলোৰে সৈতে মত বিনিময় কৰে ৷ শ্বাহৰুখ খান, জন আব্ৰাহাম আৰু দীপিকা পাডুকনে ‘পাঠান’ ছবিখনৰ ওপৰত তেওঁলোকৰ অভিজ্ঞতা তথা অনুভৱ শ্বেয়াৰ কৰে । এইবাৰ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখলৈ আহে পাঠানত অভিনয় কৰা তাৰকাসকল । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল- ছবি নিৰ্মাতাসকলে ছবিখনৰ কোনো প্ৰচাৰ কৰা নাছিল, কোনো সাক্ষাৎকাৰৰ বাবেও শ্বাহৰুখ, দীপিকা আৰু জনক অনুমতি দিয়া নাছিল । এতিয়া পাঠানে 5 দিনত 500 কোটি টকা উপাৰ্জন কৰাৰ পিছত সমগ্ৰ ষ্টাৰকাষ্ট সংবাদ মাধ্যমৰ জৰিয়তে সকলোৰে সন্মুখলৈ আহিছে । এই সংবাদমেলতে জনে কয় যে শ্বাহৰুখ খান অভিনেতা নহয় !
‘পাঠান’ৰ সফলতা সন্দৰ্ভত মত প্ৰকাশ কৰি জন আব্ৰাহামে শ্বাহৰুখ খানৰ প্ৰশংসা কৰি কয় যে শ্বাহৰুখ খান কেৱল এজন অভিনেতা নহয়...তেওঁ এক আৱেগ । জনৰ এই বক্তব্যৰ লগে লগে গোটেই পৰিৱেশটো সলনি হৈ যায় আৰু উপস্থিত সকলোৱে তেওঁৰ সৈতে সহমত প্ৰকাশ কৰে । শ্বাহৰুখ খানৰ সৈতে ডাঙৰ পৰ্দাত প্ৰথমবাৰৰ বাবে কাম কৰি সুখী বুলি মন্তব্য কৰে জনে । দীপিকা পাডুকনৰ সৈতে হাউচফুল ছবিখনত জনক দেখা গৈছিল ।
সংবাদমেলত শ্বাহৰুখ খানৰ মুখত ৰূপালী পৰ্দালৈ ঘূৰি অহাৰ সুখ স্পষ্টকৈ দেখা পোৱা গৈছিল । সম্পূৰ্ণ চাৰি বছৰৰ পাছত শ্বাহৰুখৰ এখন ছবিয়ে বক্স অফিচত তোলপাৰ লগাইছে । 2014 চনত মুক্তি পোৱা হেপ্পী নিউ ইয়েৰ ছবিখনৰ পিছত শ্বাহৰুখ খানৰ বৰ বিশেষ ভাল ছবিয়ে মুক্তি লাভ কৰা নাছিল ৷ কিন্তু পাঠানৰ জৰিয়তে শ্বাহৰুখে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ সঁচাকৈয়ে বলীউডৰ বাদশ্বাহ । ছবিখনৰ সফলতাৰ কৃতিত্ব শ্বাহৰুখ খানে সকলো তাৰকাকে যাচি জন আব্ৰাহামক গালত চুমা খাইছিল । শ্বাহৰুখ খানে নিজক দীপিকাক আৰু জনক অমৰ-আকবৰ-এন্থনীৰ যুটিৰ সৈতেও তুলনা কৰে ।
ষষ্ঠ দিনটোত পাঠানে ভাৰতীয় বক্স অফিচত 25 কোটিতকৈ অধিক টকা সংগ্ৰহ কৰিছে আৰু এই 6 দিনত ঘৰুৱা বক্স অফিচত পাঠানৰ সংগ্ৰহে 300 কোটি টকা অতিক্ৰম কৰি বিশ্বজুৰি 600 কোটি টকা উপাৰ্জন কৰিছে (pathaan collection) ।
লগতে পঢ়ক : পাঠান বিতৰ্ক সন্দৰ্ভত মুখ খুলি বিষবাষ্প বিয়পোৱা সকলক উচিত উত্তৰ দিলে শ্বাহৰুখে