ETV Bharat / entertainment

Not Ramaiya Vastavaiya Song OUT: মুক্তি লাভ কৰিলে জৱানৰ তৃতীয়টো গীত, নয়নতৰাৰ সৈতে নৃত্য কৰিলে কিং খানে

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 5:16 PM IST

২৯ আগষ্টত মুক্তি লাভ কৰিছে জৱানৰ তৃতীয়টো গীত ‘নট ৰামায়া বাস্তাৱায়া’ । শ্বাহৰুখ খানে ২৮ আগষ্টত পোষ্টাৰ শ্বেয়াৰ কৰি এই গীতটোৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰিছিল ।

Shah Rukh Khan drops Not Ramaiya Vastavaiya song ahead of Jawan trailer release in Dubai
ৰামায়া বাস্তাৱায়া নহয় গীত OUT

চিটাৰা ডেস্ক, ২৯ আগষ্ট: বলীউডৰ কিং শ্বাহৰুখ খান বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক ছবি ‘জৱান’কলৈ ৷ ছবিখনক লৈ বৰ্তমান ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা চলিছে ৷ সংবাদ মাধ্যম অথবা কোনো শ্ব’ত প্ৰচাৰ নকৰা স্বত্বেও ছ’চিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰিছে শ্বাহৰুখ খান আৰু তেওঁৰ ছবি ‘জৱান’ এ। প্ৰথমে ছবিখনৰ দুটা গীত মুকলি হৈছে ৷ এতিয়া মুক্তি পালে জৱানৰ তৃতীয়টো গীত ' নট ৰামায়া বাস্তৱায়া’ ৷ অৱশ্যে এয়া ৰোমান্টিক গীত নহয়, এয়া পাৰ্টি গীত হে। ‘জৱান’ত শ্বাহৰুখ খানৰ এনাৰ্জেটিক ৰূপে বৰ্তমান যুৱক-যুৱতীকো চেৰ পেলাইছে ৷ 'নট ৰামায়া বাস্তাৱায়া' গীতটিত শ্বাহৰুখক দৰ্শনীয় নৃত্য কৰা দেখা গৈছে।

  • " class="align-text-top noRightClick twitterSection" data="">

শ্বাহৰুখ খানৰ জৱানৰ গীত ‘নট ৰামায়া বাস্তাৱায়া’ অনুৰাগীয়ে পছন্দ কৰিছে ৷ গীতটোত শ্বাহৰুখ খানে পাৰ্টি মোডত সুন্দৰীসকলৰ মাজত যথেষ্ট উৎসাহেৰে নৃত্য কৰা দেখা গৈছে। এই গীতটিৰ সংগীত অনিৰুদ্ধই দিছে আৰু গীতৰ কথা কুমাৰে লিখিছে।

গীতটো শ্বেয়াৰ কৰি শ্বাহৰুখ খানে লিখিছে, ‘না চাইয়া চাইয়া... দিজ ইজ নট ৰামায়া বাস্তাৱায়া... য়ে হায় জৱান কা তা... তা..থাইয়া-থাইয়া ৰে’ ৷ ’ ইয়াৰ লগতে শ্বাহৰুখ খানে লিখিছে ধন্যবাদ বিশাল দাদলানী আৰু শিল্পা অৰোৰা ।

মুক্তি পালে 'জৱান'ৰ তৃতীয়টো গীত

ইয়াৰ পূর্বে মুক্তি লাভ কৰিছিল জৱানৰ ২ টা গীত, য’ত অনুৰাগীসকলে ‘জিন্দা বান্দা’ গীতটো অতিশয় ভাল পাইছে ৷ আনহাতে, ‘চালেয়া’ গীতটোত শ্বাহৰুখ আৰু নয়নতৰাৰ ৰোমান্টিক কেমিষ্ট্ৰীয়ে অনুৰাগীৰ হৃদয় চুই গৈছে।

এতিয়া মুক্তি পোৱা নট ৰামায়া বাস্তাৱায়া গীতটোও অনুৰাগীয়ে পছন্দ কৰিছে ৷ এজন অনুৰাগীয়ে লিখিছে-IT'S DURGA PUJA SPECIAL SONG, TOTALLY GOOSEBUMS গীত আৰু নৃত্য, বাৱাল গান ৷ আন এজনে লিখিছে -Mind blowing song বহুত ভাল লাগিছে ৷ আন এজন অনুৰাগীয়ে লিখিছে- এই গীতটিৰ পৰিচয় দিছিল আমাৰ প্ৰিয় তাৰকা কি খানে ৷ সেইবাবেই এই গীতটি এতিয়া no1 ত ব্লকবাষ্টাৰ আৰু ট্ৰেণ্ডিং kya kehti hai public ৷

৭ ছেপ্টেম্বৰত মুক্তি পাব ‘জৱান’

শ্বাহৰুখ খানৰ ‘পাঠান’ৰ বৃহৎ সফলতাৰ পিচত এতিয়া সকলোৰে দৃষ্টি এটলী কুমাৰৰ ‘জৱান’ৰ ওপৰত । ছবিখনত দক্ষিণৰ বহু তাৰকাক দেখা যাব, যিয়ে ইয়াক প্যান ইণ্ডিয়া হিট হিচাপে গঢ়ি তোলাত সহায় কৰিব পাৰে। ছবিখনত শ্বাহৰুখ খানৰ বিপৰীতে নয়নতৰাৰ লগতে ছবিখনত বিজয় সেতুপথি, দীপিকা পাডুকোন, সান্যা মালহোত্ৰা, প্ৰিয়মণি আৰু সুনীল গ্ৰ’ভাৰকো দেখা যাব । ৭ ছেপ্টেম্বৰত বিশ্বজুৰি মুক্তি পাব ‘জৱান’। হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব ছবিখন।

লগতে পঢ়ক: Ramaiya Vastavaiya Song teaser: জৱানৰ ট্ৰেইলাৰৰ বাবে অপেক্ষাৰত অনুৰাগীৰ বাবে শ্বাহৰুখ খানে লৈ আহিছে এই ডাঙৰ চাৰপ্ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.