চিটাৰা ডেস্ক, 8 মে’: সকলো বিতৰ্কৰ মাজতে ছবিগৃহত মুক্তি পালে ‘The Kerala Story’ ছবিখন । ছবিগৃহত ছবিখন মুক্তিৰ পিচত একাংশই যদি ছবিখনক সমৰ্থন কৰিছে আন একাংশই আকৌ ইয়াৰ বিৰোধিতাও কৰি আছে । এই সকলোবোৰৰ মাজতে ‘দ্য কেৰালা ষ্ট’ৰী’ৰ সমৰ্থনত ওলাই আহিছে জনপ্ৰিয় অভিনেত্ৰী শ্বাবানা আজমী । সোমবাৰে টুইটাৰযোগে শ্বাবানাই কয় যে, যিসকলে ছবিখন নিষিদ্ধ কৰিব বিচাৰিছে, তেওঁলোকে ভুল কৰি আছে (Shabana Azmi On The Kerala Story)।
‘দ্য কেৰালা ষ্ট’ৰী’ক সমৰ্থন কৰিলে শ্বাবানা আজমীয়ে
প্ৰবীণ অভিনেত্ৰী শ্বাবানাই ‘দ্য কেৰালা ষ্ট’ৰী’ৰ সমৰ্থন কৰি টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছে (Shabana Azmi) ৷ টুইটাৰত তেওঁ লিখিছে, “দ্য কেৰালা ষ্ট’ৰী নিষিদ্ধ কৰাৰ কথা কোৱা সকল সিমানেই ভুল, যিসকলে যোৱা বছৰ ‘লাল সিং চাড্ডা’ক নিষিদ্ধ কৰিব বিচাৰিছিল ৷ এবাৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ দ্বাৰা এখন চলচ্চিত্ৰ গৃহীত হোৱাৰ পিচত, কাৰো সাংবিধানিক-বহিৰ্ভূত কৰ্তৃত্ব হোৱাৰ অধিকাৰ নাই ।"
-
Those who speak of banning #The Kerala Story are as wrong as those who wanted to ban Aamir Khan’s #Laal Singh Chaadha. Once a film has been passed by the Central Board of Film Certification nobody has the right to become an extra constitutional authority .
— Azmi Shabana (@AzmiShabana) May 8, 2023 " class="align-text-top noRightClick twitterSection" data="
">Those who speak of banning #The Kerala Story are as wrong as those who wanted to ban Aamir Khan’s #Laal Singh Chaadha. Once a film has been passed by the Central Board of Film Certification nobody has the right to become an extra constitutional authority .
— Azmi Shabana (@AzmiShabana) May 8, 2023Those who speak of banning #The Kerala Story are as wrong as those who wanted to ban Aamir Khan’s #Laal Singh Chaadha. Once a film has been passed by the Central Board of Film Certification nobody has the right to become an extra constitutional authority .
— Azmi Shabana (@AzmiShabana) May 8, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ক লৈ কিয় সৃষ্টি হৈছে বিতৰ্ক ?
উল্লেখ্য যে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ছবিখন ৷ দৰাচলতে ট্ৰেইলাৰত দাবী কৰা হৈছিল যে কেৰালাৰ ৩২ হাজাৰ ছোৱালী নিৰুদ্দেশ হৈছে আৰু সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰে । ইয়াৰ পিচতে ছবিখন আলোচনাৰ বিষয় হৈ পৰিল । দেশজুৰি ছবিখনক লৈ সৃষ্টি হয় এক আলোড়ন (Shabana Azmi hits out at those boycotting The Kerala Story) ৷
একাংশ লোকে কয় যে, ছবিখনৰ ট্ৰেইলাৰত থকা সংখ্যাবোৰ অতিৰঞ্জিত কৰা হৈছে । ইফালে ক্ৰমাৎ বৃদ্ধি পোৱা বিতৰ্ক দেখি নিৰ্মাতাসকলে এই সংখ্যাটো প্ৰত্যাহাৰ কৰি তিনিগৰাকী মহিলাৰ সঁচা কাহিনীলৈ সলনি কৰিলে ।
বৰ্জনৰ ধাৰাটোৰ সন্মুখীন হ’বলগীয়া হৈছিল ‘লাল সিং চাড্ডা’
যোৱা বছৰৰ ১১ আগষ্টত ‘লাল সিং চাড্ডা’ ছবিখন মুক্তি পোৱাৰ পূৰ্বে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত একাংশ লোকে ছবিখনৰ বাবে ‘বলিউড বৰ্জন’ৰ ট্ৰেণ্ড আৰম্ভ কৰিছিল । ছবিখনে বক্স অফিচত হতাশাজনক প্ৰদৰ্শন আগবঢ়াইছিল আৰু প্ৰথম উইকেণ্ডত ৫০ কোটি টকাও অতিক্ৰম কৰিব নোৱাৰিলে । অদ্বৈত চন্দনৰ পৰিচালিত লাল সিং চাড্ডা ছবিখনত মুখ্য ভূমিকা পালন কৰিছিল আমিৰ খান আৰু কৰীণা কাপুৰে । অৱশ্যে লাল সিং চাড্ডাৰ তুলনাত আদা শৰ্মাৰ অভিনীত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ বিতৰ্কৰ মাজতো বক্স অফিচত ভাল সংগ্ৰহ কৰি আছে ।
লগতে পঢ়ক: Jr NTR OTT : এইবাৰ ৰূপালী পৰ্দাত নহয়, অ’ টি টিত দেখা যাব জুনিয়ৰ এন টি আৰক