চিটাৰা ডেস্ক, ৯ জানুৱাৰী: অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান । এই ঐতিহাসিক দিনটোৰ সাক্ষী হ’ব চিনেমা জগতৰ বহু ডাঙৰ তাৰকা ৷ হয়, চিনেমাজগতৰ বহু ডাঙৰ ডাঙৰ তাৰকালৈ পঠিওৱা হৈছে আমন্ত্ৰণ পত্ৰ । কেৱল বলীউডেই নহয়, চাউথ চেলিব্ৰিটিকো আমন্ত্ৰণ জনোৱা হৈছে । লগতে টেলিভিজনৰ বহু অভিনেতা-অভিনেত্ৰীকো আমন্ত্ৰণ জনোৱা হৈছে ৷ গতিকে আমন্ত্ৰিত অতিথিৰ সম্পূৰ্ণ তালিকাখন চাওঁ আহক...
অনুপম খেৰ
বলীউডৰ প্ৰবীণ অভিনেতা অনুপম খেৰক অযোধ্যা ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।
কংগনা ৰনৌত
কংগনা ৰনৌতৰ নাম এই তালিকাত অন্তৰ্ভুক্ত আছে । অভিনেত্ৰীগৰাকীয়ে নিজেই এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ।
অমিতাভ বচ্চন
অনুপম খেৰৰ উপৰিও প্ৰবীণ অভিনেতা অমিতাভ বচ্চনকো এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ।
টাইগাৰ শ্ৰফ
জেকী শ্ৰফ আৰু তেওঁৰ পুত্ৰ বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফেও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ পত্ৰ লাভ কৰিছে ।
আলিয়া ভাট-ৰণবীৰ কাপুৰ
বলীউডৰ মৰমলগা দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰেও এই ঐতিহাসিক দিনটোৰ সাক্ষী হ’ব । কাৰণ তেওঁলোকেও লাভ কৰিছে আমন্ত্ৰণ পত্ৰ ৷
ৰণদ্বীপ হুড্ডা
অতিথিৰ তালিকাত ৰণদ্বীপ হুড্ডাৰ নামো অন্তৰ্ভুক্ত আছে । এই অনুষ্ঠানতো অভিনেতাগৰাকীয়েও অংশগ্ৰহণ কৰিব ।
মাধুৰী দীক্ষিত
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বলীউডৰ ছিজলিং গাৰ্ল মাধুৰী দীক্ষিত ।
অজয় দেৱগন
একে সময়তে বলীউডৰ সিংঘম অজয় দেৱগনলৈও প্ৰেৰণ কৰা হৈছে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্ড । ববি দেওলেও যোগদান কৰিব পাৰে ।
দক্ষিণৰ তাৰকাসকলেও নিমন্ত্ৰণ পত্ৰ লাভ কৰিছে
দক্ষিণৰ বহু তাৰকাকো আমন্ত্ৰণ জনোৱা হৈছে । ৰজনীকান্তৰ উপৰিও কেজিএফৰ তাৰকা যশ, ধনুশ, দক্ষিণৰ তাৰকা প্ৰভাসেও ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰিব পাৰে ।
টিভিৰ ৰাম-সীতাকো আমন্ত্ৰণ জনোৱা হৈছে
ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰিব টিভিৰ ৰাম আৰু সীতাই । হয়, দীপিকা চিখলিয়া আৰু অৰুণ গোভিলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । উল্লেখ্য যে, ৪০০০ সাধু আৰু সন্তকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৭০০০ অতিথিয়েও এই শুভ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে ।
লগতে পঢ়ক: ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, বিজেপিয়ে দেশজুৰি কৰিব পোনপটীয়া সম্প্ৰচাৰ