ETV Bharat / entertainment

Satyaprem Ki Katha Trailer: বন্ধুত্ব, প্ৰেম, ৰহস্যৰে ভৰা কিয়াৰা আদৱানী-কাৰ্তিক আৰিয়ানৰ 'সত্যপ্ৰেম কি কথা'ৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Jun 5, 2023, 5:07 PM IST

সত্যপ্ৰেম কি কাহিনী ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে (Satyaprem Ki Katha trailer out)। এই ট্ৰেইলাৰটোত কিয়াৰা আৰু কাৰ্তিকৰ মৰমলগা প্ৰেম কাহিনী, ৰোমাঞ্চ আৰু হাৰ্ট ব্ৰেক সকলোবোৰ একেলগে দেখা পোৱা গৈছে । কাৰ্তিক আৰু কিয়াৰাই এই ট্ৰেইলাৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

Satyaprem Ki Katha trailer: Kartik Aaryan, Kiara Advani's love story is modern age Bollywood romance
সত্যপ্ৰেম কি কথা'ৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, 5 জুন: মুক্তি লাভ কৰিলে কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ ছবি ‘সত্যপ্ৰেম কি কথা’ৰ ট্ৰেইলাৰে । এই ট্ৰেইলাৰটোত কিয়াৰা আৰু কাৰ্তিকৰ মৰমলগা প্ৰেম কাহিনী, ৰোমাঞ্চ আৰু হাৰ্ট ব্ৰেক সকলোবোৰ দিশ একেলগে দেখা পোৱা গৈছে (Satyaprem Ki Katha)। ইয়াৰ লগতে এই কেইমিনিটমানৰ ট্ৰেইলাৰটোত দেখা গৈছে যে কিয়াৰাই এটা কথা গোপন কৰি ৰাখে আৰু যেতিয়া গোপন কথাটো চৰ্চালৈ আহে, তেতিয়া ই দুয়োৰে একেলগে থকা সুখক উটুৱাই লৈ যায় (Kartik Aaryan)।

কিয়াৰাৰ প্ৰেমত পৰে সত্যপ্ৰেম

এই ট্ৰেইলাৰটো এটা সংলাপৰ পৰা আৰম্ভ হৈছে । য’ত কাৰ্তিকে কিয়াৰা (Kiara Advani) ক সুধিছে- 'আপুনি অবিবাহিত ?' উত্তৰত কিয়াৰাই কয়- 'মোক দেখি এনে লাগে নেকি যেন মই অবিবাহিত হ’ব পাৰো ।’ ইয়াৰ পৰাই আৰম্ভ হয় কাৰ্তিক আৰিয়ানৰ ‘সত্যপ্ৰেম কি কথা’। এই ট্ৰেইলাৰটোত দেখুওৱা হৈছে যে কাৰ্তিক আৰিয়ান গুজৰাটী পৰিয়ালৰ আৰু বিয়া পাতিবলৈ অতি আগ্ৰহী । একে সময়তে তেওঁ কিয়াৰাৰ প্ৰতি ইমানেই প্ৰেমত পৰে যে তেওঁক এটা সংলাপ কোৱা দেখা যায়- 'হয়তো মই এই পৃথিৱীত একো কৰিবলৈ অহা নাই, তোমাক ভাল পোৱাৰ বাহিৰে।’

কিয়াৰাৰ বুকুত লুকুৱাই ৰাখে এটা গোপন সত্য

ট্ৰেইলাৰত দেখুওৱা হৈছে যে কিয়াৰাৰ বিয়া কাৰ্তিক আৰিয়ানৰ সৈতে হয় আৰু তাৰ পিচত কাৰ্তিকে কিবা এটা গম পায় ৷ যাৰ ফলত সকলো দৃশ্যপট সলনি হৈ পৰে ৷ এতিয়া কিয়াৰাই লুকুৱাই ৰাখা এই গোপনীয়তা কি ? সেয়া ২৯ জুনত গম পোৱা যাব ৷ কিয়নো ২৯ জুনত ছবিগৃহত মুক্তি পাব ছবিখন (Kiara Advani) । কিন্তু এইটো নিশ্চিত যে এই ‘সত্যপ্ৰেম কি কথা’ত কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ যুটিটোক দৰ্শকে পছন্দ কৰিছে । এই ছবিখন পৰিচালনা কৰিছে সমীৰ বিদৱানে (Satyaprem Ki Katha trailer out)।

কাৰ্তিক-কিয়াৰাই শ্বেয়াৰ কৰিছে

‘সত্যপ্ৰেম কি কথা’ ছবিখনৰ ট্ৰেইলাৰ কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীয়ে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। বিশেষ কথাটো হ’ল এই দুয়োগৰাকীক দ্বিতীয়বাৰৰ বাবে পৰ্দাত একেলগে দেখা পোৱা যাব । ইয়াৰ পূৰ্বে ‘ভূল ভূলাইয়া ২’ত দুয়োৰে যুটিটোক অনুৰাগীয়ে পছন্দ কৰিছিল (kartik aaryan and kiara film) ৷

লগতে পঢ়ক: Satyaprem Ki Katha: সত্যপ্ৰেম কি কথাৰ ৰোমান্টিক পোষ্টাৰ মুকলি, আহি আছে ছবিখনৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.