ETV Bharat / entertainment

Satyaprem Ki Katha Review: দৰ্শকে খুবেই পচন্দ কৰিছে কাৰ্তিক-কিয়াৰাৰ সত্যপ্ৰেম কি কথা, ক'লে - 'ব্লকবাষ্টাৰ হ'ব এইখন ছবি'

কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ সত্যপ্ৰেম কথাৰ কাহিনীয়ে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে । দৰ্শকে কয় যে কাৰ্তিক-কিয়াৰাৰ যুটিক ভাল লাগিছে আৰু ৰোমান্টিক কমেডী তেওঁলোকৰ হৃদয়ত স্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । টুইটাৰত দৰ্শকে আৰু কি কৈছে জানি লওক...

author img

By

Published : Jun 29, 2023, 1:26 PM IST

SatyaPrem Ki Katha Review: Kartik Aaryan and Kiara Advani's Love Story Impresses Netizens!
দৰ্শকে খুবেই পচন্দ কৰিছে কাৰ্তিক-কিয়াৰাৰ সত্যপ্ৰেম কি কথা, ক'লে - 'ব্লকবাষ্টাৰ হ'ব এইখন ছবি'

চিটাৰা ডেস্ক, 29 জুন: বকৰিদ (ঈদ উল আজহা) উপলক্ষে মুক্তি লাভ কৰিলে কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ বহু প্ৰত্যাশিত ছবি ‘সত্যপ্ৰেম কি কথা’। জনাই দিও যে কাৰ্তিক আৰু কিয়াৰাই দ্বিতীয়বাৰৰ বাবে এখন ছবিত কাম কৰি আছে । ইয়াৰ পূৰ্বে দুয়োজনে ‘'Bhool Bhulaiya 2’ত একেলগে কাম কৰিছিল । লকডাউন আৰু কোভিড নিয়মৰ মাজত মুক্তি পোৱা ‘Bhool Bhulaiya 2’য়ে অভিলেখ ভংগ কৰি ২০২২ চনত বলীউডৰ প্ৰথমখন ছুপাৰহিট ছবি হিচাপে পৰিগণিত হয় । অৱশ্যে ইয়াৰ পূৰ্বে আলিয়া ভাটৰ গংগুবাই কঠিয়াবাৰীয়ে ভাল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । ‘RRR’য়েও যথেষ্ট ভাল প্ৰদৰ্শন দেখুৱাইছিল যদিও RRR বলীউডৰ ছবি নহয় ।

'Bhool Bhulaiya 2'ৰ পিছত কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ যুটিক পুনৰ ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহী হৈ পৰিছিল দৰ্শক । 'সত্যপ্ৰেম কি সেয়ে অপেক্ষাৰ অন্ত পেলাই আজি ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিলে পাৰিবাৰিক ৰোমান্টিক কমেডী ছবি ‘সত্যপ্ৰেম কি কথা’ ৷ ইতিমধ্যে দৰ্শকে ইয়াৰ গীতবোৰ যথেষ্ট পচন্দ কৰিছে । সম্প্ৰতি দৰ্শকে এই ছবিখনক লৈ নিজৰ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দৰ্শকে ছবিখনক সুন্দৰ ছবি হিচাপে আখ্যা দিছে আৰু কাৰ্তিক-কিয়াৰাৰ যুটিক দৰ্শকে আকৌ এবাৰ ভাল পাইছে । গতিকে জানো আহক, ‘সত্যপ্ৰেম কি কথা’ৰ টুইটাৰত মানুহে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ছবিখনৰ এটা ক্লিপ শ্বেয়াৰ কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে যে, "দৰ্শকে সত্তুৰ বাবে উল্লাস কৰিছে ।"

আন এগৰাকী ইউজাৰে লিখিছে যে, “সত্যপ্ৰেম কি কথা চালো । এক অনন্য প্ৰেম কাহিনী । কিয়াৰাৰ লুকটোও অদ্ভুত । কাৰ্তিক আৰু কিয়াৰৰ কেমিষ্ট্ৰী ভাল লাগিল । মজ্জা লাগিল ।”

সত্যপ্ৰেম কি কথা এখন সুন্দৰ, মনোৰঞ্জক আৰু জীৱনৰ সৈতে জড়িত ছবি । কিয়াৰা ছবিখনত ফেবুলাছ দেখা গৈছে । ছবিখনত প্ৰেমৰ গভীৰতা আৰু নিৰ্দোষতাক বিশুদ্ধ সৰলতাৰে চিত্ৰিত কৰা হৈছে ।

ইন্টাৰভেলৰ মাজত এজন ব্যৱহাৰকাৰীয়ে টুইট কৰি লিখিছে, “সত্যপ্ৰেম কি কথা,..ইন্টাৰভেল, এই ছবি বহু ভাল লাগিছে ..বহু গুৰুতৰ বিষয়ত আলোচনা দেখুৱাইছে । নিশ্চিতভাৱে ব্লকবাষ্টাৰ হ'ব.. কাৰ্তিক আৰিয়ান, কিয়াৰা আদৱানীলৈ সমীৰ বিদৱানীলৈ চেলুট ।

  • #SatyaPremKiKatha 1st half:-

    Barring the dance numbers,

    Really enjoying the progression of this story. I was worried about Kartik’s eager smile being plastered all over but it’s accurate for the dim witted Sattu! #KiaraAdvani shines esp. as her personal battles get explored.

    — ANMOL JAMWAL (@jammypants4) June 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছবিখনত কাৰ্তিক আৰিয়ানৰ নাম সত্যপ্ৰেম আৰু কিয়াৰা আদৱানীৰ নাম কথা । ছবিখন পৰিচালনা কৰিছে সমীৰ বিদৱানে । ছবিখনৰ প্ৰযোজক সাজিদ নাদিয়াদৱালা প্ৰডাকচন হাউছৰ ।

লগতে পঢ়ক: Tum Kya Mile Song Release: অৰিজিৎ-শ্ৰেয়াৰ কণ্ঠৰ এই গীতটি শুনাৰ পিছত আপোনাৰো মনত উঠলি উঠিব প্ৰেমৰ ঢৌ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.