ETV Bharat / entertainment

Year Ender 2023: সতীশ কৌশিকৰ পৰা জুনিয়ৰ মেহমুদলৈকে, চলিত বৰ্ষত আমি কাক কাক হেৰুৱালো. .

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:22 AM IST

Year Ender 2023: ২০২৩ চনৰ শেষ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । এই বছৰটোৱে বহুতৰে বাবে কঢ়িয়াই আনিছে অন্তহীন সুখ, কিন্তু বহুতৰে বাবে এই বৰ্ষটোৱে কঢ়িয়াই আনিছে দুখৰ বতৰা । ২০২৩ চনত টিভি তথা বলীউডৰ বহু শ্ৰেষ্ঠ অভিনেতাই ইহলীলা সম্বৰণ কৰিলে । গতিকে জানো আহক সেই চেলিব্ৰিটিসকলৰ বিষয়ে এই প্ৰতিবেদনত ।

Satish Kaushik to Nitesh pandey, celebs who passed away in 2023
২০২৩ চনত এইসকল চেলিব্ৰিটিৰ মৃত্যু হৈছে

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: ২০২৩ বৰ্ষটোৱে কাৰোবাৰ বাবে যদি সীমাহীন সুখ কঢ়িয়াই আনিছে, আন কাৰোবাৰ বাবে আকৌ এই বৰ্ষটো আছিল অতি দুখৰ । এই বছৰটোৱে বহু লোকৰ জীৱনলৈ সুখ কঢ়িয়াই আনিলেও একাংশ পৰিয়ালৰ বাবে এক অভিশাপ স্বৰূপো আছিল । এইবাৰ বিশ্ববাসীক বিদায় দিলে বলীউডৰ বহু জনপ্ৰিয় চেলিব্ৰিটিয়ে । ২০২৩ চনত ইহলীলা সম্বৰণ কৰা টেলিভিছন আৰু চলচ্চিত্ৰ তাৰকাৰ বিষয়ে জানো আহক ৷

জাভেদ খান আমৰোহী

২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত মুম্বাইত মৃত্যু হয় অভিনেতা জাভেদ খান আমৰোহীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ ৷ অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাছিল । ১৯৫১ চনৰ ১৪ ফেব্ৰুৱাৰীত মুম্বাইত জন্মগ্ৰহণ কৰিছিল জাভেদ খান আমৰোহী । আশীৰ দশকত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁ বহু ছবি আৰু টিভি ধাৰাবাহিকত কাম কৰিছিল ।

জুনিয়ৰ মেহমুদ

চাৰি দশক ধৰি হিন্দী চিনেমাত অভিনয়ৰ দক্ষতা প্ৰমাণ কৰা অভিনেতা জুনিয়ৰ মেহমুদৰ ৮ ডিচেম্বৰৰ পুৱা প্ৰায় ২ বজাত মৃত্যু হয় । চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল অভিনেতাগৰাকী । অৱশেষত ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে ।

সঞ্জয় গাঢ়ৱী

বলীউড জগতৰ সুপৰিচিত পৰিচালক সঞ্জয় গাঢ়ৱীয়ে ১৯ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে । সঞ্জয় গাঢ়ৱীয়ে ৫৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে । খবৰ অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় সঞ্জয় গাঢ়ৱীৰ ।

দীনেশ ফাডনিছ

৫ ডিচেম্বৰত ৫৭ বছৰ বয়সত মৃত্যু হয় চিআইডিৰ অভিনেতা ফ্ৰেডী ওৰফে দীনেশ ফাডনিছ । একাধিক অংগ বিকল হোৱাৰ বাবে মৃত্যু হয় দীনেশ ফাডনিছৰ । অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছিল সহ অভিনেতা দয়ানন্দ শ্বেট্টীয়ে ।

বিষণ সিং বেদী

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা স্পিনাৰ বিষণ সিং বেদীৰ ২৩ অক্টোবৰত ৭৭ বছৰ বয়সত মৃত্যু হয় । বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত আছিল স্পিনাৰগৰাকী আৰু শেহতীয়া বছৰবোৰত তেওঁৰ বহু কেইটা অস্ত্ৰোপচাৰ কৰা হৈছিল । ক্ৰিকেটৰ আধাৰত নিৰ্মিত আৰ বাল্কিৰ ঘূমাৰ ছবিখনত পুত্ৰ অংগদ বেদীৰ সৈতে শেষবাৰৰ বাবে দেখা গৈছিল বিষণ সিং বেদীক ।

অখিল মিশ্ৰ

আমিৰ খানৰ ছবি ‘৩ ইডিয়টছ’ত লাইব্ৰেৰিয়ান ডুবেৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অখিল মিশ্ৰৰ ২১ ছেপ্টেম্বৰত মৃত্যু হয় । তেওঁৰ পত্নী অভিনেত্ৰী চুজেন বাৰ্নাৰ্টে নিশ্চিত কৰিছে যে তেওঁৰ মৃত্যুৰ খবৰ ।

গুফী পেইন্টল

বি আৰ চোপ্ৰাৰ টিভি শ্ব’ মহাভাৰতত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰা গুফী পেইণ্টলে বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ৫ জুনত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ ।

ৰিঅ’ কাপাড়িয়া

‘চক দে ইণ্ডিয়া’, ‘হেপি নিউ ইয়েৰ’, ‘মৰ্দানী’ আদি ছবিৰ বাবে পৰিচিত অভিনেতা ৰিঅ’ কাপাডিয়াৰ ১৪ ছেপ্টেম্বৰত মৃত্যু হয় । কৰ্কট ৰোগৰ সৈতে যুঁজি মৃত্যু হয় ৬৬ বছৰীয়া অভিনেতাজনৰ ।

নিতেশ পাণ্ডে

নিতেশ আছিল এজন সুপৰিচিত অভিনেতা । বহু টিভি ধাৰাবাহিক আৰু ছবিত কাম কৰি তেওঁ নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ ২৩ মে’ত হাৰ্ট এটাক হৈ ৫১ বছৰ বয়সত মৃত্যু হয় অভিনেতাজনৰ । নিতেশক শেষবাৰৰ বাবে দেখা গৈছিল জনপ্ৰিয় টিভি শ্ব’ অনুপমাত ।

আদিত্য সিং ৰাজপুত

স্প্লিটছভিলা ৯ৰ প্ৰতিযোগী আদিত্য সিং ৰাজপুতৰ আন্ধেৰীৰ ঘৰত যোৱা ২২ মে’ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মৃতদেহ । ৩৬ বছৰীয়া অভিনেতা-মডেলগৰাকীয়ে ঘৰৰ বাথৰুমত পিচলি পৰি মৃত্যু হয় বুলি বহু সংবাদ মাধ্যমে দাবী কৰিছিল । অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

বৈভৱী উপাধ্যায়

জনপ্ৰিয় টিভি অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ ২২ মে’ত বাহন দুৰ্ঘটনাত পতিত মৃত্যু হয় । মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৩২ বছৰ । হিমাচল প্ৰদেশৰ বঞ্জাৰত সংঘটিত হয় এই দুৰ্ঘটনা । বৈভৱী উপাধ্যায় টিভি শ্ব’ ‘ছাৰাভাই বনাম ছাৰাভাই’ত জেচমিনৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি লাভ কৰিছিল ।

সতীশ কৌশিক

বলীউডৰ জনপ্ৰিয় পৰিচালক, প্ৰযোজক, কমেডিয়ান আৰু চিত্ৰনাট্যকাৰ সতীশ কৌশিক সদায় উৎকৃষ্ট কৰ্মৰ বাবে পৰিচিত আছিল । চলিত বৰ্ষৰ আৰম্ভণিতে ২০২৩ চনৰ ৯ মাৰ্চত হাৰ্ট এটাকত হৈ ৬৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে । সতীশ কৌশিকে অনিল কাপুৰ, শ্ৰীদেৱী আৰু অমৃশ পুৰীৰ ছুপাৰহিট ছবি মিষ্টাৰ ইণ্ডিয়াৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল । আনকি তেওঁ বহু ছবিত সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল ।

পামেলা চোপ্ৰা

প্ৰয়াত চলচ্চিত্ৰ নিৰ্মাতা যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাৰ যোৱা ২০ এপ্ৰিলত মুম্বাইত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ । পামেলা আছিল ৱাই আৰ এফৰ মুৰব্বী আদিত্য চোপ্ৰা আৰু অভিনেতা উদয় চোপ্ৰাৰ মাতৃ ।

লগতে পঢ়ক: আদিপুৰুষৰ পৰা পাঠানলৈকে এইসমূহ ছবিত নিৰ্মাতাই খৰচ কৰিছে ব্যাপক ধন, এই বৰ্ষৰ বিগ বাজেটৰ ছবিৰ তালিকা চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.