ETV Bharat / entertainment

Satish Kaushik death : মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা আৰক্ষীৰ - Satish Kaushik death issue

বলীউডৰ বিশিষ্ট পৰিচালক সতীশ কৌশিকৰ মৃত্যুক লৈ চাঞ্চল্য অব্যাহত আছে (Satish Kaushik death)। অভিনেতাগৰাকীয়ে হোলী উদযাপন কৰা ফাৰ্ম হাউচত উদ্ধাৰ সন্দেহজনক ঔষধ । হোলীত পাৰ্টি কৰা ফাৰ্ম হাউচটো এজন ৱাণ্টেড ব্যৱসায়ীৰ ।

Satish Kaushik death
মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা আৰক্ষীৰ
author img

By

Published : Mar 11, 2023, 4:48 PM IST

চিটাৰা ডেস্ক,১১ মাৰ্চ : বলীউডৰ বিশিষ্ট পৰিচালক, প্ৰযোজক তথা অভিনেতা সতীশ কৌশিক এতিয়া আৰু আমাৰ মাজত নাই (Satish Kaushik death)। ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যু হয় । কিন্তু তেওঁৰ মৃত্যুক লৈ বিভিন্ন মহলত সন্দেহৰ আঙুলি উঠিছে । আৰক্ষীয়েও ৰহস্যজনক মৃত্যুক লৈ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

এই তদন্তৰ মাজতে আন এক ৰহস্য পোহৰলৈ আহিছে । সতীশ কৌশিকে হোলীৰ পাৰ্টিত উপস্থিত থকা দিল্লীস্থিত ফাৰ্মহাউচত উদ্ধাৰ হৈছে সন্দেহজনক ঔষধ (Prohibited medicines recovered)। আৰক্ষীয়ে এতিয়া মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে ।

উল্লেখ্য যে এইবাৰ সতীশ কৌশিকে দিল্লীৰ ফাৰ্মহাউচত ফাকুৱা খেলিছিল । দিল্লী আৰক্ষীয়ে হোলী উদযাপনৰ সেই স্থান অৰ্থাৎ ফাৰ্ম হাউচৰ পৰা সন্দেহজনক ঔষধ উদ্ধাৰ কৰিছে । লগে লগে দিল্লী আৰক্ষীয়ে হোলী উদযাপনলৈ অহা প্ৰতিগৰাকী অতিথিৰ তথ্য সংগ্ৰহ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সতীশ কৌশিকৰ হোলী উদযাপনত এজন ৱাণ্টেড ব্যৱসায়ীও উপস্থিত আছিল (Satish Kaushik death issue)।

বৰ্তমান, দিল্লী আৰক্ষীয়ে অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে । ইফালে আৰক্ষীয়ে হোলী উদযাপনত উপস্থিত হোৱা ১০ৰ পৰা ১২ গৰাকী লোকৰো এখন তালিকা প্ৰস্তুত কৰিছে (Police investigation on Satish Kaushik death)।

সতীশ কৌশিকৰ হোলী উদযাপনলৈ বিকাশ মালু নামৰ এজন বন্ধুও আহিছিল । তেওঁ ডুবাইত বাস কৰে আৰু হোলী উদযাপন কৰিবলৈ দিল্লীলৈ আহিছিল । বিকাশৰ বিজৱাসনত মালু নামৰ এখন ফাৰ্ম হাউচ আছে । সতীশ কৌশিকে পাৰ্টি কৰি থকা ফাৰ্মহাউচটো মালু গুটখা কিঙৰ আছিল (Gutkha king Vikash Malu)। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মালুৰ বিৰুদ্ধে পত্নীক বলাৎকাৰ কৰাৰ অভিযোগ আছে আৰু তেওঁৰ বিৰুদ্ধে এখন এজাহাৰো পঞ্জীয়ন হৈ আছে ।

উল্লেখ্য যে দিল্লী আৰক্ষীয়ে অনুসন্ধানৰ সময়ত ফাৰ্ম হাউচৰ পৰা কিছুমান সন্দেহজনক ঔষধৰ পেকেট উদ্ধাৰ কৰিছিল । এই ঔষধবোৰৰ ভিতৰত ডায়েবেটিছ আৰু ডায়েজিনৰ ঔষধো আছিল । কিন্তু সেয়া এতিয়াও স্পষ্ট হোৱা নাই । কিয়নো অভিনেতাগৰাকীৰ তেজ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় প্ৰতিবেদন আহিবলৈ ১৫ দিন লাগিব । বৰ্তমান, দিল্লী আৰক্ষীয়ে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে সঠিকভাৱে সকলো স্পষ্ট হ'ব ।

লগতে পঢ়ক :Prohibited medicines recovered: অভিনেতা সতীশ কৌশিকৰ ফাৰ্ম হাউচত নিষিদ্ধ ঔষধ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.