ETV Bharat / entertainment

Sara Ali Khan: দুসপ্তাহত পেটৰ চৰ্বি কমালে ছাৰা আলী খানে, ফটো শ্বেয়াৰ কৰি ক’লে-মই গৌৰৱ অনুভৱ কৰিছো - ছাৰা আলী খানৰ পেটৰ চৰ্বি

ছাৰা আলী খানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তিনিখন ছবিৰ কোলাজ পোষ্ট কৰিছে । এই পোষ্ট কৰি ক’লে তেওঁ কেনেকৈ নিজৰ পেটৰ চৰ্বি কম কৰিছে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Sara Ali Khan shares before and after pics as she loses 'holiday calories' in just 2 weeks
ছাৰা আলী খানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তিনিখন ছবিৰ কোলাজ পোষ্ট কৰিছে
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:15 PM IST

চিটাৰা ডেস্ক, 7 নৱেম্বৰ: মনীষ মালহোত্ৰাৰ দীপাৱলী পাৰ্টিত ছাৰা আলী খানে দখল কৰিছিল লাইমলাইট । গোলাপী ৰঙৰ সাজ-পোছাকত অত্যন্ত ধুনীয়া দেখা গৈছিল অভিনেত্ৰীগৰাকীক । এতিয়া পাৰ্টিৰ এদিন পিচতে মাত্ৰ দুসপ্তাহতে পেটৰ চৰ্বি কমোৱা বুলি প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে । এখন ফটো শ্বেয়াৰ কৰি নিজৰ ৰূপান্তৰৰ যাত্ৰা শ্বেয়াৰ কৰিছে ।

ছাৰা আলী খানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তিনিখন ছবিৰ কোলাজ পোষ্ট কৰিছে । ওপৰত জিমৰ সাজ-পোছাক পৰিধান কৰা ওপৰৰ পৰা ক্লিক কৰা এখন ফটো শ্বেয়াৰ কৰিছে । এই ছবিখনত ছাৰাক ক’লা ৰঙৰ স্প’ৰ্টছ ব্ৰা আৰু পাতল নীলা ৰঙৰ ট্ৰাউজাৰ পৰিধান কৰা অৱস্থাত নিজৰ চৰ্বিযুক্ত পেটটো প্ৰদৰ্শন কৰা দেখা গৈছে । বাকী দুখন ছবিত ছাৰাই পৰম্পৰাগত সাজ পৰিধান কৰা দেখা গৈছে ।

পেটৰ চৰ্বি হ্ৰাস কৰি গৌৰৱ অনুভৱ কৰিছে ছাৰা

এই ফটোসমূহ শ্বেয়াৰ কৰি ছাৰাই কেপচনত লিখিছে যে প্ৰথমতে তেওঁ এই ফটোসমূহ আপলোড কৰাত দ্বিধাবোধ কৰিছিল যদিও তেওঁ অতি গৌৰৱ অনুভৱ কৰিছে । অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘‘সঁচা কথা ক’বলৈ গ’লে এই শীৰ্ষ ফটোখন আপলোড কৰি মোৰ বৰ অস্বস্তি অনুভৱ হৈছিল । কিন্তু সঁচাকৈয়ে গৌৰৱান্বিত যে ২ সপ্তাহত একেলগে পাইছো । ওজনৰ বিষয়টো মোৰ বাবে সদায় এক সংগ্ৰাম হৈ আহিছে ।’’

ছাৰাই পেটৰ চৰ্বি কমোৱাৰ বাবেও দুজন লোকক ক্ৰেডিট দিছে । ছাৰাই লিখিছে- ‘‘মোক ট্ৰেকত ৰখাৰ বাবে @dr.siddhant.bhargava আৰু @food.darzee লৈ সঁচাকৈয়ে ধন্যবাদ । ছুটীৰ কেলৰিক বিদায় জনালো, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, অনুশোচনাৰ সৈতে শান্তি বিচাৰি লওক । ফিটনেছ এটা যাত্ৰা গতিকে মাত্ৰ আগবাঢ়ি যাওক ।’’

লগতে পঢ়ক: Koffee With Karan 8: শুভমন গিলে আচলতে কাক ডেট কৰি আছে প্ৰকাশ কৰিলে ছাৰা আলী খানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.