চিটাৰা ডেস্ক, ১২ জানুৱাৰী: শেহতীয়াকৈ বিহাৰৰ গয়াত উপস্থিত হৈছিল বলীউডৰ অভিনেতা সঞ্জয় দত্ত । চাৰ্টাৰ্ড বিমানেৰে বিহাৰত উপস্থিত হৈছিল অভিনেতাগৰাকী ৷ কিন্তু হঠাৎ উপস্থিত হোৱাৰ আঁৰত আছিল এটা বিশেষ কাৰণ ৷ দৰাচলতে বিহাৰত অভিনেতাজনে নিজৰ পূৰ্বপুৰুষ আৰু পিতৃপক্ষৰ পিণ্ডদান কৰে । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ইয়াৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে । ভিডিঅ’টোত সঞ্জয় দত্তই পণ্ডিতসকলৰ সৈতে সম্পূৰ্ণ ৰীতি-নীতিৰে পিণ্ডদান আৰু তৰ্পন কৰা দেখা যায় । তথ্য অনুসৰি পিতৃ সুনীল দত্ত আৰু মাতৃ নাৰ্গিছ দত্তৰ আত্মাৰ শান্তিৰ বাবে চাৰ্টাৰ্ড বিমানেৰে গয়াত উপস্থিত হৈছিল অভিনেতাগৰাকী ।
-
#WATCH | Bihar | Actor Sanjay Dutt offered prayers at Vishnupad Temple in Gaya and performed 'Pind Daan' of his parents and ancestors today. pic.twitter.com/2j3Uz9hk5c
— ANI (@ANI) January 11, 2024 " class="align-text-top noRightClick twitterSection" data="
">#WATCH | Bihar | Actor Sanjay Dutt offered prayers at Vishnupad Temple in Gaya and performed 'Pind Daan' of his parents and ancestors today. pic.twitter.com/2j3Uz9hk5c
— ANI (@ANI) January 11, 2024#WATCH | Bihar | Actor Sanjay Dutt offered prayers at Vishnupad Temple in Gaya and performed 'Pind Daan' of his parents and ancestors today. pic.twitter.com/2j3Uz9hk5c
— ANI (@ANI) January 11, 2024
সঞ্জয় দত্তৰ এই ভিডিঅ’টো ANI য়ে নিজৰ X একাউণ্টত শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত সঞ্জয়ে পণ্ডিতসকলৰ সৈতে বগা কুৰ্তা পায়জামা পৰিধান কৰি পূজাত বহা দেখা যায় । তথ্য অনুসৰি সঞ্জয় দত্তই গয়াৰ বিষ্ণুপদৰ সমীপৰ ফালগু ঘাট, আঁহত গছ আৰু দেৱঘাটত পূৰ্বপুৰুষৰ বাবে পিণ্ডদান কৰে । অভিনেতাগৰাকীৰ এই ভিডিঅ’টো এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে । ইফালে অভিনেতাগৰাকীৰ এই ভিডিঅ’টো দেখি অনুৰাগীয়ে অভিনেতাজনক প্ৰশংসা কৰিছে ।
-
#WATCH | Gaya, Bihar | "It is a good thing...I will definitely go," says actor Sanjay Dutt when asked about Ram Temple 'pranpratishtha' ceremony and if he will go to Ayodhya. pic.twitter.com/LbBng8sLR4
— ANI (@ANI) January 11, 2024 " class="align-text-top noRightClick twitterSection" data="
">#WATCH | Gaya, Bihar | "It is a good thing...I will definitely go," says actor Sanjay Dutt when asked about Ram Temple 'pranpratishtha' ceremony and if he will go to Ayodhya. pic.twitter.com/LbBng8sLR4
— ANI (@ANI) January 11, 2024#WATCH | Gaya, Bihar | "It is a good thing...I will definitely go," says actor Sanjay Dutt when asked about Ram Temple 'pranpratishtha' ceremony and if he will go to Ayodhya. pic.twitter.com/LbBng8sLR4
— ANI (@ANI) January 11, 2024
দৰাচলতে বিশ্বাস অনুসৰি বিহাৰৰ গয়াক পূৰ্বপুৰুষৰ পৰিত্ৰাণৰ বাবে আটাইতকৈ উপযুক্ত স্থান বুলি গণ্য কৰা হয় । কোৱা হয় যে ইয়াত যদি পূৰ্বপুৰুষ আৰু পিতৃপক্ষৰ পিণ্ডদান কৰা হয়, তেন্তে সেই ব্যক্তিৰ আত্মাই প্ৰত্যক্ষভাৱে মোক্ষ লাভ কৰে । সেয়ে সঞ্জয় দত্তয়ো এই স্থানত পিতৃ তথা প্ৰয়াত অভিনেতা সুনীল দত্ত আৰু মাতৃ নাৰ্গিছ দত্তৰ আত্মাৰ শান্তিৰ বাবে পিণ্ডদান কৰে ।
ৰাম মন্দিৰ সন্দৰ্ভত মন্তব্য সঞ্জয় দত্তৰ
এই সময়ছোৱাত সঞ্জয় দত্তক সাংবাদিকে ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ বাবে অযোধ্যালৈ যোৱাৰ কথা সুধিছিল । ইয়াৰ উত্তৰত সঞ্জয় দত্তই কয়, "এয়া ভাল কথা... মই নিশ্চয় তালৈ যাম.."
কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল নাৰ্গিছ দত্তৰ
উল্লেখ্য যে, ২০০৫ চনৰ ২৫ মে’ত সুনীল দত্তৰ মৃত্যু হৈছিল । ইফালে ১৯৮১ চনৰ ৩ মে’ত কৰ্কট ৰোগত আক্ৰান্ত হৈ সঞ্জয় দত্তৰ মাতৃ নাৰ্গিছ দত্তৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক: মালদ্বীপ ভ্ৰমণ কৰি বিপদত বিপাশা বসু, ডিলিট কৰিলে সকলো পোষ্ট